বৃহৎ জালিয়াতি! আয়ুষ্মান ভাৰত আঁচনিত লাখ লাখ ভূৱা পঞ্জীয়ন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ প্ৰকল্প আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে বৃহৎ জালিয়াতি সংঘটিত হৈছে। এই প্ৰকল্প সন্দৰ্ভত যোৱা ৮ আগষ্ট তাৰিখে লোকসভাৰ সংসদত দাখিল কৰা কেগৰ এক প্ৰতিবেদনত বৃহৎ অনিয়মৰ কথা পোহৰলৈ আহিছে।
কেগৰ প্ৰতিবেদন অনুসৰি আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত লাখ লাখ ভূৱা একাউন্ট পঞ্জীয়ন কৰা হৈছে। একো একোটা ফোন নম্বৰতে পঞ্জীয়ন হৈছে লক্ষ্যাধিক আয়ুস্মান ভাৰত আঁচনিৰ কাৰ্ড। একো একোখন আধাৰ কাৰ্ডত পঞ্জীয়ন হৈছে একাধিক আয়ুস্মান ভাৰত আঁচনিৰ কাৰ্ড।
৭ লাখ ৪৯ হাজাৰ ৮২০ একাউণ্ট পঞ্জীয়ন কৰা হৈছে ৯৯৯৯৯৯৯৯৯৯ নম্বৰত। প্ৰায় ১ লাখ ৩৯ হাজাৰ একাউণ্ট পঞ্জীয়ন কৰা হৈছে ৮৮৮৮৮৮৮৮৮৮ নম্বৰত। প্ৰায় ৯৬ হাজাৰ একাউণ্ট ৯০০০০০০০০০ নম্বৰত পঞ্জীয়ন কৰা হৈছে। অৰ্থাৎ প্ৰায় ১০ লাখ একাউণ্ট ভূৱা নম্বৰত হৈছে পঞ্জীয়ন।
উল্লেখ্য যে কেগৰ একেই প্ৰতিবেদন অনুসৰি, চিকিৎসাৰ সময়ত কোনো ৰোগীৰ মৃত্যু হ’লেও আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত তেওঁৰ চিকিৎসা ব্যয়ৰ বাবে ধন আবণ্টন দিয়া হৈছে। এই সংখ্যাও প্ৰায় ৮০ হাজাৰ। একে সময়তে একাধিক চিকিৎসালয়ত ভৰ্তি হোৱা বুলি দাবী কৰি একেজন ব্যক্তিয়ে এই আঁচনিৰ অধীনত ধন উলিওৱা বুলি উত্থাপিত হৈছে অভিযোগ।
আনহাতে কেগৰ প্ৰতিবেদন অনুসৰি আয়ুষ্মান ভাৰতত ১৫ৰ পৰা ২০১জন সদস্য থকা প্ৰায় ৪৩ হাজাৰ পৰিয়ালে নামভৰ্তি কৰিছে।
অৱশ্যে কেগৰ প্ৰতিবেদনত প্ৰকাশ পোৱা ইটোৰ পিছত সিটোকৈ সকলো অভিযোগ অস্বীকাৰ কৰিছে মোদীৰ কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, ক’ৰবাত পঞ্জীয়নত বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে। তাৰ অৰ্থ এইটো নহয় যে এই আঁচনিখনত কোনো ধৰণৰ দুৰ্নীতি বা কেলেংকাৰী হৈছে।
এতিয়া প্ৰশ্ন হয়, এই বিভ্ৰান্তি সৃষ্টি হ’বলৈ পালে কেনেকৈ? যদি পঞ্জীয়নত বিভ্ৰাম্তি আছে তেন্তে এই বিভ্ৰান্তিৰ সুৱৰ্ণ সুযোগ গ্ৰহণ কৰি দুৰ্নীতি হোৱা নাই বুলি কিহৰ ভিত্তিত ক’ব পাৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে?