• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জগতগুৰু আমাৰে : লোকে লোকাৰণ্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মৰিগাঁও অধিৱেশন

NE NOW NEWS এন ই নাও নিউজ
মৰিগাঁও , February 9, 2019 12:04 pm

2 min read

767
VIEWS
Share on FacebookShare on Twitter

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮সংখ্যক মৰিগাঁও অধিৱেশনৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ শুকুৰবাৰে তৃতীয় দিনা জনসমুদ্ৰত পৰিণত হয়। পুৱাৰে পৰাই অধিৱেশনস্থলীত অগণন ভক্ত আৰু দৰ্শনাৰ্থীৰ লানি নিছিগা সোঁত বয়। কৃষ্ণ বন্দনা আৰু জগত গুৰুৰ বন্দনাৰে মুখৰ হৈ পৰে মৰিগাঁৱৰ আকাশ-বতাহ।

শুকুৰবাৰে দুপৰীয়াৰ পৰা প্ৰাক্তন পদাধিকাৰ কৰুণাকান্ত কলিতা সোঁৱৰণী মঞ্চত অনুষ্ঠিত হয়। সংঘৰ নৱ-নিৰ্বাচিত পদাধিকাৰ কমলাকান্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উদ্বোধনী ভাষণ প্ৰদান কৰে বিদায়ী পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাই।

ডেকাই তেওঁ ভাষণত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰসংগ উত্থাপন কৰি বিধেয়খন জাতিটোৰ বাবে বিপজ্জনক আৰু এই বিধেয়কখনে অসমীয়া ভাষা-সংস্কৃতি ধ্বংস কৰি তুলিব বুলি মন্তৱ্য কৰে। ডেকাই লগতে কয় যে কৃষ্ণ সংস্কৃতিৰ প্ৰবক্তাই হৈছে জগতগুৰু শংকৰদেৱ। গুৰুজনাই একতাৰ ডোলেৰে অসমীয়া সমাজখন গঢ়িব বিচাৰিছিল।

ডেকাই লগতে কয় যে মহাপুৰুষজনা এনে এগৰাকী ব্যক্তি, যি একেধাৰে ধৰ্মপ্ৰচাৰক, প্ৰবক্তা, কবি, গীতিকাৰ, নাট্যকাৰ, সমাজ বিজ্ঞানী, চিত্ৰকৰ, স্থাপত্যবিদ। তেওঁৰ মহত্ত্বতম আদৰ্শই অসমীয়া সংস্কৃতি তথা সমাজখনক উচ্চ শিখৰলৈ লৈ যোৱাৰ লগতে মানৱতাবাদী চিন্তাৰে সমাজখনক নেতৃত্ব দিছিল।

আনহাতে,অধিৱেশনৰ দ্বিতীয় দিনা বৃহস্পতিবাৰে নিশা অনুষ্ঠিত প্ৰতিনিধি সভাত একাংশ প্ৰতিনিধিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত বিধেয়কখন বাতিলৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰিব বিচাৰে। বিদায়ী পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত অৱশ্যে কোনো আনুষ্ঠানিক প্ৰস্তাৱ গ্ৰহণ কৰা হোৱা নাই।

আনহাতে, শুকুৰবাৰে অনুষ্ঠিত মুকলি সভালৈ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি বহু কেইগৰাকী মন্ত্ৰী-বিধায়কক নিয়ন্ত্ৰণ জনোৱা হৈছিল যদিও তেওঁলোকৰ এজনো উপস্থিত নাথাকিল।

তাৎপৰ্যপূৰ্ণ যে আদৰণী সমিতিৰ কাৰ্যকৰী সভাপতি তথা মৰিগাঁও সমষ্টিৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰী, বি টি এ ডিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি বহু কেইগৰাকী ৰাজনৈতিক-অৰাজনৈতিক লোকক আমন্ত্ৰণ কৰা হৈছিল। কিন্তু এইসকলৰো কোনো এজনেই মুকলি সভাত উপস্থিত নাথাকিল।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd