ৰে’লৱেৰ নিযুক্তি পৰীক্ষাক লৈ ক্ষোভিত চাকৰি প্ৰত্যাশী; প্ৰতিবাদকাৰীয়ে জ্বলালে ৰে’ল

Railway

ৰে’লৱেৰ নিযুক্তি পৰীক্ষাক কেন্দ্ৰ কৰি উত্তাল হৈ পৰিছে বিহাৰ। ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ এক সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদত নমা চাকৰি প্ৰাৰ্থীৰ প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ।

প্ৰতিবাদী চাকৰি প্ৰাৰ্থীৰ বিৰুদ্ধে এখন ৰে’লত অগ্নি সংযোগ কৰাৰ অভিযোগ উত্থাপন হৈছে। উত্তেজিত প্ৰতিবাদকাৰী সকলে এখন ৰে’লত শিল নিক্ষেপ কৰি ক্ষতিগ্ৰস্ত কৰে।

হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ পিছতে ৰে’লৱেই নন্-টেকনিকেল পপুলাৰ কেটেগৰী আৰু নেভেল 1 পৰীক্ষা স্থগিত ৰখাৰ সিদ্ধান্ত লয়।

লগতে বিভাগে বিভিন্ন ৰে’লৱে নিযুক্তি বোৰ্ডৰ (আৰআৰবি) অধীনত পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু বিফল হোৱা সকলৰ অভিযোগ পৰীক্ষা কৰিবলৈ এখন সমিতিও গঠন কৰিছে।

উল্লেখ্য যে ৰে’লৱে নিযুক্তি ব’ৰ্ডৰ নন্-টেকনিকেল পপুলাৰ কেটেগৰী পৰীক্ষা ২০২১ ক কেন্দ্ৰ কৰি এই প্ৰতিবাদৰ সৃষ্টি হৈছে।

চাকৰি প্ৰাৰ্থী তথা শিক্ষাৰ্থীসকলে ৰে’লৱেৰ দ্বাৰা দুটা পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰি দাবী কৰিছে যে দ্বিতীয় পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত কৰাটো প্ৰথম পৰ্যায়ত উত্তীৰ্ণ হোৱা সকলৰ বাবে অন্যায় হৈছে।

প্ৰতিবাদে জঙ্গী ৰূপ ধাৰণ কৰাৰ পিছতে মঙলবাৰে ৰে’লৱেই এক সাধাৰণ জাননী জাৰি কৰি প্ৰতিবাদ কৰাৰ সময়ত বেআইনী কাৰ্যকলাপত জড়িত থকা সকলক ৰে’লৱেত নিযুক্তি দিয়াত বাধা দিয়া হ’ব চাকৰি প্ৰাৰ্থীসকলক সতৰ্ক কৰি দিছিল।