• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গাৰ নোম শিয়ৰি উঠা ঘটনা! প্ৰথম মানৱ কংকাল উদ্ধাৰ, ধৰ্মস্থলৰ গণ সমাধি কাণ্ডত নতুন চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2025 5:11 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ ভাৰতৰ অন্যতম পবিত্ৰ ধৰ্মীয় স্থান হিচাপে পৰিচিত কৰ্ণাটকৰ ধৰ্মস্থল মন্দিৰ এতিয়া উত্তেজনাৰ কেন্দ্ৰবিন্দু। এগৰাকী প্ৰাক্তন অনাময় কৰ্মীৰ বিস্ফোৰক অভিযোগে উদঙাই দিছে সম্ভাৱ্য ভয়ানক গণ হত্যাকাণ্ডৰ ছবি।

ইতিমধ্যে ধৰ্মস্থলীৰ গণকবৰ গোচৰত মৃতদেহ উদ্ধাৰৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে। দুটা দশক ধৰি ধৰ্মস্থলত গণহত্যা, যৌন নিৰ্যাতন আৰু গোপনে সমাধিস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে।

Apply Now

এই ঘটনা পোহৰলৈ অহাৰ পাছত ৰাজ্য চৰকাৰে তদন্তৰ বাবে বিশেষ তদন্তকাৰী দল (SIT) গঠন কৰে। অৱশেষত বহু খনন আৰু অনুসন্ধানৰ অন্তত ষষ্ঠ সমাধিস্থলৰ পৰা মানুহৰ আংশিক কংকাল উদ্ধাৰ কৰা হৈছে।

১৯৯৮ চনৰ পৰা ২০১৪ চনৰ ভিতৰত কৰ্ণাটকৰ দক্ষিণ কানাড়া জিলাৰ ধৰ্মস্থলত ধাৰাবাহিকভাৱে ধৰ্ষণ-হত্যাৰ ঘটনা সংঘটিত হৈছিল। নাবালক ছোৱালী, স্কুলীয়া ছোৱালী, যুৱতী, কিশোৰীক অপহৰণ কৰি যৌন নিৰ্যাতন চলোৱা হৈছিল আৰু তাৰ পিছত হত্যা কৰা হৈছিল।

তাৰ পিছত মৃতদেহবোৰ পুতি থোৱা হৈছিল বা জ্বলাই পেলোৱা হৈছিল যাতে মৃতদেহবোৰ নোহোৱা হৈ যায়। সন্ধানহীন হোৱা ছোৱালীকেইজনীৰ একাংশ পৰিয়ালে আৰক্ষীক এজাহাৰ দাখিল কৰিছিল যদিও কোনো ধৰণৰ সূত্ৰ বিচাৰি পোৱা নাছিল আৰক্ষীয়ে।

শেহতীয়াকৈ এই ভয়ংকৰ ঘটনাবোৰ পোহৰলৈ আনিছিল তাত থকা এজন অনাময় কৰ্মীয়ে। ১২ বছৰ ধৰি আত্মগোপন কৰি থকা ৪৮ বছৰীয়া ব্যক্তিজনে যোৱা ৩ জুলাইত কৰ্ণাটক আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।

যোৱা সোমবাৰৰ পৰাই তদন্তকাৰীয়ে এজাহাৰ দাখিল কৰা ব্যক্তিজন আৰু তাত মৃতদেহ সমাধিস্থ কৰা বুলি অভিযোগ উত্থাপন কৰা ব্যক্তিজনৰ লগতে অঞ্চলটো পৰিদৰ্শন কৰিবলৈ আৰম্ভ কৰে।

বিশেষ তদন্তকাৰী দলটোৱে অভিযোগকাৰীৰ সৈতে ভূমি বিভাগৰ বিষয়া, স্থানীয় আৰক্ষী আৰু জিলা প্ৰশাসন কৰ্তৃপক্ষৰ লগতে ধৰ্মীয় স্থানৰ প্ৰৱেশদ্বাৰত থকা নেত্ৰৱতী নদীৰ গা ধোৱা ঘাটকে ধৰি কেইবাটাও স্থান পৰিদৰ্শন কৰে। কিন্তু ইমানদিনে শৰীৰৰ কোনো অংগ বা কংকাল পোৱা নাছি’ল।

মঙলবাৰে অভিযুক্তই ইংগিত দিয়া ঠাইত প্ৰায় ৮ ফুট গভীৰতালৈকে মাটি খান্দিছিল। অৱশেষত এছ আই টিৰ তদন্তত সফলতা আহে। তাৰ পৰাই এছ আই টিয়ে মানুহৰ কংকালৰ সন্ধান লাভ কৰে।

ইয়াৰ পূৰ্বে নিৰুদ্দেশ হোৱা চিকিৎসা বিজ্ঞানৰ ছাত্ৰী অনন্যা ভাটৰ মাতৃ সুজাতা ভাটৰ অধিবক্তা এন মঞ্জুনাথে কয় যে এছ আই টিৰ তদন্তৰ সময়ত উদ্ধাৰ হোৱা সামগ্ৰীসমূহৰ ভিতৰত আছে এখন পেন কাৰ্ড আৰু দুখন এ টি এম কাৰ্ড। ইয়াৰে এখনত এজন লোকৰ নাম আৰু আনখনত ‘লক্ষ্মী’ নাম লিখা আছে।

তেওঁ লগতে কয় যে অভিযুক্তই আন এটা গুৰুত্বপূৰ্ণ স্থান চিনাক্ত কৰিছে, য’ত সৰ্বাধিক সংখ্যক সমাধি আছে বুলি ধাৰণা কৰা হৈছে। অৱশ্যে পৰৱৰ্তী পৰ্যায়ত এই স্থানত খনন কাৰ্য্য সম্পাদন কৰা হ’ব বুলি আশা কৰা হৈছে।

ধৰ্মীয় স্থানক কেন্দ্ৰ কৰি ধৰ্ষণ আৰু হত্যাৰ অভিযোগ নতুন নহয়। ১৯৮৭ চনত পদ্মলতা নামৰ কিশোৰীক ধৰ্ষণ আৰু হত্যাৰ ঘটনাক কেন্দ্ৰ কৰি আন্দোলন আৰম্ভ হৈছিল, যাৰ বিচাৰ এতিয়াও আধৰুৱা হৈ আছে। ২০১২ চনত ১৭ বছৰীয়া সৌজন্যাক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল, যাৰ তদন্ত এতিয়াও বিতৰ্কিত হৈ আছে। সেই সময়তো মন্দিৰ কৰ্তৃপক্ষৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন হৈছিল।

২০ জুলাইত মন্দিৰ কৰ্তৃপক্ষই এক বিবৃতিত কয়, ‘আমি স্বচ্ছ আৰু নিৰপেক্ষ তদন্ত বিচাৰো। সমাজৰ নৈতিক ভেটি সত্য আৰু বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। এছ আই টিৰ জৰিয়তে প্ৰকৃত সত্য প্ৰকাশ হওক, এইটোৱেই আমাৰ আন্তৰিক আশা।’

আনহাতে, এই ভয়াবহ অভিযোগে দেশজুৰি শোক আৰু ক্ষোভৰ প্ৰতিক্ৰিয়াৰ সূচনা কৰিছে যদিও কৰ্ণাটকৰ এই পবিত্ৰ তীৰ্থস্থানক কেন্দ্ৰ কৰি দলবদ্ধ ধৰ্ষণ, হত্যা তথা মৃতদেহ নিৰুদ্দেশ হোৱাৰ অভিযোগে ইতিহাসৰ এক ভয়ানক অধ্যায় উন্মোচনৰ দিশত আগবাঢ়িছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd