NORTHEAST NOW (Assamese)

ডাইনী কাণ্ড প্ৰতিৰোধী আইন সন্দৰ্ভত অৱগত নহয় বহু প্ৰশাসনিক বিষয়া: ডঃ দিব্যজ্যোতি শইকীয়া

April 27, 2021 8:46 am · এন ই নাও নিউজ

ৰঙা পাৰাৰ লক্ষেশ্বৰী দৈমাৰী নামৰ এগৰাকী মহিলাক যোৱা ২৪ এপ্ৰিলৰ নিশা হানি খুচি হত্যা কৰা হয়।

ৰঙাপাৰা থানাৰ অন্তৰ্গত ১নং গেৰুৱাজুলি নামে ঠাইত যোৱা পৰহি নিশা উক্ত মহিলাগৰাকীক নৃশংস ভাবে হত্যা কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ অন্ধবিশ্বাস বিৰোধী নেতা মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

ঘটনাৰ দিনা নিশা নাতিনীয়েকৰ সৈতে শুই থকা অৱস্থাত নিৰীহ মহিলাগৰাকীক একাংশ দুৰ্বৃত্তই শোৱা পাতিৰ পৰা উঠাই নি মাৰপিত কৰি হানি খুচি হত্যা কৰা কাৰ্যক তীব্ৰ ভাবে নিন্দা কৰিছে অন্ধবিশ্বাস বিৰোধী নেতা তথা মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই।

তেওঁ কয় যে মানৱ ৰূপী একাংশ জ্ঞানহীন দানৱ আৰু একাংশ ষড়যন্ত্ৰকাৰীৰ বাবে সময়ে সময়ে অন্ধবিশ্বাস তথা ডাইনীৰ নামত নিৰ্যাতন তথা হত্যাকাণ্ড সংঘটিত হৈ আহিছে।

ডঃ শইকীয়াই লগতে কয় যে দীৰ্ঘদিন ধৰি অন্ধবিশ্বাসৰ বিৰুদ্ধে সংগ্রাম অব্যাহত ৰাখি ডাইনী কাণ্ড প্ৰতিৰোধী এখন কঠোৰ আইন ২০১৮ বৰ্ষত প্ৰণয়ন কৰা হয় যদিও বৰ্তমানেও সাধাৰণ মানুহৰ লগতে বহু প্ৰশাসনিক বিষয়াই এই আইনখনৰ সন্দৰ্ভত জ্ঞাত নহয়।

ইপিনে একাংশ সামাজিক সংগঠন মানৱ অধিকাৰ তথা সমাজ কর্মীয়ে সজাগতা অভিযান চলাই আহিছে যদিও আন একাংশ সামাজিক সংগঠন তথা কৰ্মীয়ে সঠিকভাবে উপস্থাপনত অপাৰগ হোৱা হেতু সময়ে সময়ে এনে ঘটনা সংঘটিত হৈ আহিছে বুলি দোহাৰে মানৱ অধিকাৰ কৰ্মীগৰাকীয়ে।

ডঃ শইকীয়াই শীঘ্ৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে পাঠ্যপুথিত অধিক পাঠ প্ৰণয়ন কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়।

Related News