অহা ৯ আগষ্টৰ পৰা ১১ আগষ্টলৈকে মহাৰাষ্ট্ৰ অন্ধশ্ৰদ্ধা নিৰ্মূলন সমিতিয়ে মুম্বাইত তিনিদিনীয়াকৈ আয়োজন কৰিছে ‘মানৱতাৰ হকে যুক্তিবাদ’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন। মহাৰাষ্ট্ৰ অন্ধশ্ৰদ্ধা নিৰ্মূলন সমিতিয়ে অহা ৯ আগষ্টত ৩০ টা বৰ্ষ সম্পূৰ্ণ কৰিব।
অন্ধবিশ্বাস, ডাইনী কাণ্ড, বাবা তান্ত্ৰিক আদিৰ বিৰুদ্ধে ৩০ টাকৈ বৰ্ষ সংগ্ৰাম চলাই অহা সমিতিখনে আয়োজন কৰা বিশ্বমানৰ সন্মিলনত উত্তৰ-পূব তথা অসমৰ পৰা একমাত্ৰা প্ৰতিনিধি হিচাপে আমন্ত্ৰণ লাভ কৰিছে মানৱ অধিকাৰ তথা সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াই।
মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াই কয় যে ভাৰতবৰ্ষত বাবা, তান্ত্ৰিক, অন্ধবিশ্বাসী তথা ধৰ্মান্ধ লোক বৰ্তমান সময়ত ব্যাপক হাৰত বৃদ্ধি হৈ মানৱতা, মানৱ অধিকাৰ আদিৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। সেয়েহে এনেধৰণৰ সন্মিলনৰ প্ৰয়োজন।
এই সন্মিলনত মানৱ অধিকাৰ কৰ্মী দিব্যজ্যোতি শইকীয়াৰ উপৰি বিশ্বৰ বহু যুক্তিবাদী নেতাই অংশ গ্ৰহণ কৰিব।
এই সন্মিলনত অংশ গ্ৰহণৰ উদ্দেশ্যে অসমৰ পৰা দিব্যজ্যোতি শইকীয়াই ইতিমধ্যে মুম্বাইত উপস্থিত হৈছে।