NORTHEAST NOW (Assamese)

দ্বিতীয় পৰ্যায়ৰ বানপানীত ডিব্ৰুগড়ত শতাধিক পোহনীয়া জীৱ-জন্তুৰ মৃত্যু

July 18, 2020 8:21 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

বানপানীয়ে উজনি অসমৰ ডিব্ৰুগড় জিলাত সংহাৰী ৰূপ ধাৰণ কৰি ২৯৭ টা সৰু-বৰ জীৱ জন্তুৰ প্ৰাণ কাঢ়ি  লৈছে।

দ্বিতীয় পৰ্যায়ৰ বানপানীয়ে ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰি মানুহৰ জীৱন কাঢ়ি নিয়াৰ লগতে সা-সম্পত্তিৰ বিস্তৰ ক্ষতি সাধন কৰিছে।

ডিব্ৰুগড় জিলাত হোৱা ভয়াবহ বানপানীৰ কবলত পৰি শতাধিক গৰু-মহৰ মৃত্যু হৈছে।

জিলাখনৰ পশুপালক সকলে জানিবলৈ দিয়া মতে, বানপানী আৰু খাদ্যৰ অভাৱত তেওঁলোকে ঘৰচীয়া জীৱ-জন্তু যেনে গৰু-মহ হেৰুৱাবলগীয়া হৈছে।

”আমাৰ জীৱ-জন্তুবোৰ বানপানী আৰু খাদ্যৰ অভাৱত মৃত্যুবৰণ কৰিছে। এই বৰ্ষৰ বানপানীয়ে আমাৰ সকলো শস্য বিনস্ত কৰি পেলাইছে। প্ৰতিবছৰৰ বানপানী আৰু গৰাখহনীয়াত আমাৰ শস্য আৰু জীৱকূলৰ ক্ষতিসাধন হয়।

বানপানীয়ে ঘাঁহৰ ওপৰত বোকাৰ দাঠ তৰফ পেলাই যোৱাৰ ফলত পোহনীয়া জীৱ-জন্তুবোৰে খাবলৈ একো নোপোৱা হৈছে।

আনহাতে, পশুপালক সকলে এতিয়ালৈ চৰকাৰ তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ তৰফৰ পৰা জীৱ-জন্তুৰ বাবে কোনোধৰণৰ সহায় লাভ কৰা নাই বুলিও অভিযোগ কৰে।

”এতিয়ালৈ ডিব্ৰুগড় জিলাত ২৯৭ টা সৰু-ডাঙৰ পোহনীয়া জীৱ-জন্তুৰ মৃত্যু হৈছে,” নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত অসম দুৰ্যোগ প্ৰশমন বিভাগৰ জিলা প্ৰকল্প বিষয়া দিপজ্যোতি হাতীকাকতিয়ে এইদৰে জানিবলৈ দিয়ে।

Related News