DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, February 9, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এৰাবাৰীত পৰিণত হৈছে বানে গৰকা লাওঁখোৱাৰ বৃহত্তৰ নৈপৰীয়া অঞ্চল

দুটা গাইড বান্ধ নিৰ্মাণ কৰি সংশ্লিষ্ট বিভাগক অঞ্চলটো নিঃচিহ্ন হোৱাৰ পৰা ৰক্ষা কৰাৰ আহ্বান ৰাইজৰ

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
July 18, 2020 8:00 am
VideoCapture_20200717-160851

ফটো: নৰ্থইষ্ট নাও

725
VIEWS
Share on FacebookShare on Twitter

সম্প্ৰতি এৰাবাৰীত পৰিণত হৈছে বানে গৰকা চামগুৰি লাওঁখোৱাৰ নৈ পৰীয়া বৃহত্তৰ অঞ্চলটো।

বান বিভীষিকা কিছু শাম কাটিছে যদিও দুৰ্ভাগ্যই যেন লগ এৰা নাই বন্যাৰ্ত ৰাইজৰ।

বিগত বহু কেইটা দিন ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ গৈ থকা লাওঁখোৱাৰ ১নং ভূৰবন্ধাত বানপানীৰ জলস্তৰ কিছু হ্ৰাস পোৱাৰ পিছত বাৰী-ঘৰ-ভেঁটিৰ প্ৰকৃত দুৰ্দশাৰ ছবিখন বাৰুকৈ ফুটি উঠিছে বানাক্ৰান্ত পৰিয়াল সমূহৰ।

টিঙলৈকে বুৰ গৈ থকা বাসগৃহ সমূহৰ পৰা পানী ওলাই গৈছে যদিও নিজৰ আপোন ঘৰখনলৈ ওভতি যাব পৰা নাই সমীপৰে শিলঘাট-ধিং সংযোগী মূল মথাউৰিৰ ওপৰত অস্থায়ী শিবিৰ পাতি আশ্ৰয় লৈ থকা গাওঁ খনৰ শতাধিক পৰিয়াল।

কাৰণ বানে এৰা ঘৰ সমূহৰ ভিতৰে-বাহিৰে বোকা আৰু পলস পৰি সৃষ্টি কৰা কদৰ্যময় পৰিবেশ প্ৰত্যক্ষ কৰি হতাশাত ভাগি পৰিছে বানাক্ৰান্ত পৰিয়াল সমূহ।

ইয়াৰ বাবে পানী শুকাই যোৱাৰ পিছতো মথাউৰিতে থাকিবলৈ বাধ্য হৈছে পৰিয়াল সমূহ। ইপিনে, ভদীয়া বানৰ আশংকাতো শিবিৰ এৰি ঘৰলৈ আহিবলৈ সাহস গোটাব পৰা নাই ১নং আৰু ২নং ভূৰবন্ধাৰ বানাক্ৰান্ত পৰিয়াল সমূহে।

আনহাতে, প্ৰতি বছৰে বান গৰাখহনীয়াই চূড়ান্তভাবে ভাৰাক্ৰান্ত কৰি অহা অঞ্চলটোৰ বাবে অতদিনে বিশেষ একো কৰিব নোৱাৰা চৰকাৰ তথা জনপ্ৰতিনিধি সকলক বানাক্ৰান্ত ১নং আৰু ২নং ভূৰবন্ধাত পৃথকে-পৃথকে দুটা গাইড বান্ধ নিৰ্মাণ কৰি এইবাৰ এই বান-গৰাখহনীয়াৰ বৃহৎ সমস্যাটো স্থায়ীভাৱে সমাধান কৰিবৰ বাবে পুনৰবাৰ কাতৰ আহ্বান জনাইছে নৈপৰীয়া ৰাইজে।

অন্যথা আগন্তুক ভদীয়া বান অথবা অহা বাৰিষাত বৃহত্তৰ অঞ্চলটো ব্ৰহ্মপুত্ৰৰ প্ৰৱল বান আৰু গৰাখহনীয়াৰ কৱলত পৰি সম্পূৰ্ণৰূপে নিঃশেষ হৈ যোৱাৰ আশংকা প্ৰকাশ কৰিছে চামগুৰিৰ ভুক্তভোগী নৈপৰীয়া বানাক্ৰান্ত লাওঁখোৱা বাসীয়ে।

Recent News

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

উত্তাল সংসদ, তাৰমাজতে কংগ্ৰেছ শাসিত হিমাচলত আদানিৰ প্ৰতিষ্ঠানত আবকাৰী আৰু আয়কৰৰ অভিযান

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

অতিৰিক্ত স্মাৰ্টফোন ব্যৱহাৰ কৰি অন্ধ হায়দৰাবাদৰ যুৱতী! চিকিৎসকৰ ভাইৰেল টুইটত জোকাৰণি

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ChatGPT ক প্ৰত্যাহ্বান জনোৱা চেটবট BARD ৰ ভুল উত্তৰৰ বাবে গুগলে হেৰুৱালে ১০০ বিলিয়ন ডলাৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

ভূমিকম্পৰ ধ্বংসস্তূপত চেপা খাইও ভাতৃক মমতাৰে আৱৰি ৰখা সাহসী ছোৱালীজনীক প্ৰশংসা ৰাষ্ট্ৰসংঘৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd