বিভিন্ন দাবীত সমগ্ৰ ৰাজ্যৰ লগতে আজি শিৱসাগৰটো সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষকে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।
চৰকাৰে কৰি অহা শোষণ, বঞ্চনা, প্ৰতাৰণা আৰু ষড়যন্ত্ৰৰ বিৰুদ্ধে শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ ১১ বজাৰ পৰা ২ বজালৈ এই প্ৰতিবাদ সাৱস্ত্য কৰে জিলাখনৰ কেইবা শতাধিক শিক্ষকে।
তেওঁলোকে বিনা চর্তে ৫,৯২৪ গৰাকী শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা, উচ্চ ন্যায়ালয়ত চৰকাৰে দিয়া পুনৰীক্ষণ আবেদন প্ৰত্যাহাৰ কৰা, বেতনসহ বি এড শিক্ষাৰ বাবে মাধ্যমিক ঠিকাভিত্তিক শিক্ষকৰ প্ৰতিনিধি প্ৰেৰণ কৰা আদি দাবী উত্থাপন কৰে।
অৱস্থান ধৰ্মঘটৰ অন্তত প্ৰতিবাদী শিক্ষক সমাজে তেওঁলোকৰ দাবী সম্বলিত স্মাৰকপত্ৰ জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ শিক্ষা মন্ত্ৰীলৈ প্ৰেৰণ কৰে৷
উল্লেখযোগ্য যে শিৱসাগৰ জিলাৰ ১৭৫খন বিদ্যালয়ত ৩৬৫ গৰাকী ঠিকাভিত্তিক শিক্ষক আছে যিসকল চৰকাৰৰ প্ৰতাৰণাৰ বলি হৈ আছে। কংগ্ৰেছ, বিজেপি কোনো এখন চৰকাৰেই এই শিক্ষকসকলৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্থা হাতত নল’লে।
যাৰ ফলত সমগ্ৰ অসমত বিগত চাৰি দিন ধৰি ঠিকাভিত্তিক শিক্ষকসকলে শ্ৰেণী বৰ্জন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে আৰু আজি প্ৰতিখন জিলাত অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী হাতত লৈছে।
ইয়াৰ পিছতো যদি চৰকাৰে এইক্ষেত্ৰত কোনো ব্যৱস্থা নলয় তেন্তে অহা ৫ চেপ্তেম্বৰ শিক্ষক দিৱসৰ দিনা গুৱাহাটীত এক প্ৰতিবাদী মিচিল কৰা হ’ব য’ত ৰাজ্যৰ প্ৰতিখন জিলাৰ ৫,৯২৪ গৰাকী শিক্ষকে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে সদৌ অসম মাধ্যমিক অতিৰিক্ত (ঠিকাভিত্তিক) শিক্ষক সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ বিষয়ববীয়াই।