NORTHEAST NOW (Assamese)

তীব্ৰ বিদ্যুৎ সংকটৰ দিশে দেশ! পৰিত্ৰাণ পাবলৈ চৰকাৰে গ্ৰহণ কৰিলে এই ব্যৱস্থা, কি ব্যৱস্থা?

April 29, 2022 7:08 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: April 29, 2022 7:24 pm

গ্ৰীষ্মৰ সংহাৰ আৰম্ভ হোৱাৰ লগে লগে তীব্ৰ বিদ্যুতৰ সংকটে গ্ৰাস কৰাৰ উপক্ৰম ঘটিছে দেশক। ইতিমধ্যে দেশৰ বহু ৰাজ্যত বিদ্যুতৰ তীব্ৰ নাটনিয়ে দেখা দিছে।

অহা পাঁচ দিনত ৪৬ ডিগ্ৰী চেলচিয়াচ তাপমাত্ৰাই দহিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী শুনোৱা নতুন দিল্লীতো বিদ্যুতৰ সংকট আৰম্ভ হৈ গৈছে।

একেই অৱস্থা মহাৰাষ্ট্ৰতো।

দেশৰ বহু ৰাজ্যত কয়লা চালিত বিদ্যুৎ উৎপাদন কেন্দ্ৰসমূহত কয়লাৰ তীব্ৰ নাটনিয়ে দেখা দিছে।

এনে পৰিস্থিতিত বহু কেইটা বিদ্যুৎ উৎপাদন কেন্দ্ৰত বিদ্যুতৰ উৎপাদন বহু পৰিমাণ হ্ৰা, পাইছে।

এই জটিল পৰিস্থিতিৰ পৰা ৰক্ষা পাবলৈ কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্যলৈ কয়লাৰ সৰবৰাহ অধিক দ্ৰুত কৰি তোলাৰ সিদ্ধান্ত লৈছে।

সেইমৰ্মে কয়লা পৰিবাহী ৰে’লৰ দ্ৰুত চলাচলত সুবিধা হোৱাকৈ বহু যাত্ৰীবাহী ৰে’ল বাতিল কৰা হৈছে।

এনেদৰে চৰকাৰে বিদ্যুৎ সংকট এৰাই চলিবলৈ বিদ্যুৎ প্ৰকল্পসমূহত হ্ৰাস পোৱা কয়লাৰ যোগান বৃদ্ধিৰ চেষ্টা চলাইছে।

উল্লেখ্য শেহতীয়াকৈ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে কয়লাৰ চাহিদা বৃদ্ধি কৰিছে। কয়লাৰ সহায়তেই দেশৰ প্ৰায় ৭০ শতাংশ বিদ্যুৎ উৎপাদন হৈ আহিছে।

সেয়ে চৰকাৰে যাত্ৰীবাহী ৰে’ল বাতিল কৰি কয়লা পৰিবাহী ৰে’লৰ চলাচল বৃদ্ধি কৰাত গুৰুত্ব দিছে।

Related News