• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যৰ কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানসমূহত খালী আছে শ শ পদ; ২০১২ চনৰ পৰা হোৱা নাই নিযুক্তি

কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানত আসনৰ সংখ্যা সীমিত, বঞ্চিত হাজাৰ হাজাৰ ইচ্ছুক ছাত্ৰ-ছাত্ৰী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 20, 2019 2:21 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰযুক্তি বিদ্যাৰ দ্ৰুত সম্প্ৰসাৰণৰ লগে লগে ৰাজ্যসমূহত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান আই টি আই কলেজসমূহৰো চাহিদা বৃদ্ধি পাইছে। প্ৰতিবছৰে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে প-পত্ৰ পূৰণ কৰাৰ উপৰিও বছৰি হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ আছে ৰাজ্য চৰকাৰৰ দক্ষতা-নিয়োগ আৰু উদ্যোমিতা বিভাগৰ অধীনত থকা এই আই টি আই মহাবিদ্যালয়ৰ পৰা। তথাপি এই মহাবিদ্যালসমূহৰে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদসমূহ খালী হৈ থকা বিষয়টোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

উক্ত বিভাগৰ সঞ্চালক মৃগেশ নাৰায়ণ বৰুৱাই নৰ্থ ইষ্ট নাওক জনোৱা অনুসৰি বিভাগটোত ২০১২ চনৰে পৰা নতুনকৈ কোনোধৰণৰ নিযুক্তি হোৱো নাই। লগতে বিভাগটোৰ তৃতীয়-চতুৰ্থ বৰ্গৰ বহু পদ খালী হৈ থকা বুলিও নৰ্থ ইষ্ট নাওক জনায়।

Apply Now

‘প্ৰতিবছৰে বহুতে অৱসৰ লৈ আছে, যাৰ ফলত বিভিন্ন পদ ইতিমধ্যে খালী হৈ আছে। ২০১২ চনতে শেষবাৰলৈ নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হৈছিল।‘ বৰুৱাই আমাৰ সাংবাদিকৰ আগত এইদৰে কয়।

ৰাজ্যৰ চৰকাৰী আই টি আই সমূহত দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ মিলি ৪০০ ৰো অধিক পদ খালী হৈ আছে বুলি বৰুৱাই জানিবলৈ দিয়ে। ইয়াৰে তৃতীয় বৰ্গৰ প্ৰায় ২৫০ টা পদ, চতুৰ্থ বৰ্গৰ প্ৰায় ২০০ টা পদ খালী হৈ আছে।

জানিব পৰা মতে তৃতীয় বৰ্গ আৰু চতুৰ্থ বৰ্গত খালী হৈ থকা পদসমূহ হৈছে জুনিয়ৰ ষ্টেন’গ্ৰাফাৰ, ড্ৰেজাৰ, টেকনিকেল এচিষ্টেণ্ট, ফাৰ্মাচিষ্ট, ষ্ট’ৰ কিপাৰ, পিয়ন, চকীদাৰ আদি। তাৎপৰ্য্যপূৰ্ণভাৱে তৃতীয় বৰ্গৰ খালী হৈ থকা পদসমূহৰ ভিতৰত একাংশ প্ৰশিক্ষকৰ পদো খালী হৈ থকা বুলি বৰুৱাই জানিবলৈ দিয়ে।

আনকি দক্ষতা-নিয়োগ আৰু উদ্যোমিতা বিভাগৰ সঞ্চালকালয়তো তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ৩০ টাতকৈ অধিক পদ খালী হৈ আছে।

ইয়াৰ বিপৰীতে এক বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি সঞ্চালকালয়টোত জুনিয়ৰ এচিষ্টেণ্ট ১৯টা, ষ্টেনোগ্ৰাফাৰ ২টা, গাণনিক সহায়ক ১টা আৰু চতুৰ্থ বৰ্গৰ ১৮টা পদ খালী হৈ আছে।

মন কৰিবলগীয়া যে খালী হৈ থকা শ-শ পদৰ পূৰণত গুৰুত্ব প্ৰদান নকৰি ৰাজ্যৰ উদ্যোমিতা বিভাগটোৱে নতুনকৈ পাঁচখন মিনি আই টি আই মহাবিদ্যালয় স্থাপন কৰাত গুৰুত্ব আৰোপৰ কৰিছে, য’ত ঠিকাভিত্তিক হিচাপত নিযুক্তি দিব ১৭০ জনকৈ তৃতীয়, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। পাঠশালা, বৰপেটা, বিশ্বনাথ, তিতাবৰ, গোলকগঞ্জত নতুনকৈ মিনি আই টি আই কলেজ স্থাপন কৰা হ’ব বুলি তেওঁ জনোৱাৰ লগতে অহাবছৰৰ ভিতৰত এই প্ৰতিষ্ঠানৰ কাম সম্পূৰ্ণ হ’ব বুলিও তেওঁ জনায়।

আনহাতে যোৱা ১৮ জুনত ৰাজ্যৰ ৩০ খন চৰকাৰী আই.টি.আইত ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰ-পত্ৰ জমা দিয়াৰ অন্তিম দিন আছিল। উক্ত দিনটোলৈকে প্ৰায় ৩৫,০০০ ছাত্ৰ-ছাত্ৰীয়ে প-পত্ৰ জমা দিয়া বুলি তেওঁ জনায়।

আই টি আই সমূহত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আসনৰ সংখ্যা ৯৮৫২খন।প্ৰ-পত্ৰ জমা দিয়া ৩৫ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰায় ২৬ হাজাৰৰে নাম কৰ্তনৰ সম্ভাৱনা। আসনৰ সংখ্যা সীমিত হোৱাৰ ফলত কাৰিকৰী শিক্ষা গ্ৰহণৰ বাবে ইচ্ছা থকা বহু ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্ত্তি কৰিবলৈ সুবিধা নাপায়।

এনে পৰিপ্ৰেক্ষিতত বৰ্তমানো নিৰ্লিপ্ত ভূমিকা পালন কৰি থকা দেখিবলৈ পোৱা গৈছে এডভান্টেজ আসামৰ জৰিয়তে উদ্যোগিক ক্ষেত্ৰত বিপ্লৱ আনিব বিচৰা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd