• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চৰকাৰ-শিক্ষানুষ্ঠানৰ অকৰ্মণ্যতাৰ বাবে জলপানি বঞ্চিত শ-শ অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰী : AJYCP

‘অনুসুচিত জাতিৰ ৰাইজক সোণোৱাল চৰকাৰে প্ৰতাৰণা কৰি আহিছে’

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 9, 2020 7:51 pm

2 min read

222
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ কেইবাগৰাকী জনগোষ্ঠীয়, জনজাতীয় মন্ত্ৰী আৰু শিক্ষানুষ্ঠানৰ অকৰ্মণ্যতাৰ বাবে জলপানি লাভৰ পৰা বঞ্চিত হৈছে শ-শ অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰী। গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ আনিছে অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদে।

সংবাদমেলত উপস্থিত থাকি সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমলাকান্ত দাসে কয় ‘বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ চলাইছে। অনুসূচিত জাতিৰ আঁচনিৰ নামত অহা ধন এই বিজেপি চৰকাৰে আজিও আমাৰ মাজত মোকলাই দিয়া নাই।‘

‘অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যি জলপানি আহে ২০১৪ৰ পৰা আজি পৰ্যন্ত মুকলি কৰি দিয়া নাই।‘ অভিযোগ তুলি দাসে লগতে কয়।

ইপিনে, যোৱা বৰ্ষৰ ২২ অক্টোবৰত সমাজ কল্যাণ সঞ্চালকালয়ৰ সন্মুখত যি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল তেতিয়া সঞ্চালক দেৱ কুমাৰ কলিতাই জলপানি প্ৰদান কৰিব বুলি কৈছিল যদিও শ-শ ছাত্ৰ-ছাত্ৰীয়ে এই জলপানি লাভ কৰা নাই বুলি দাসে গুৰুতৰ অভিযোগ তোলে।

ইপিনে, উক্ত সংবাদমেলত উপস্থিত থকা কেন্দ্ৰীয় সমিতিৰ সমাজ সেৱক সম্পাদক ধ্ৰুৱজ্যোতি ভড়ালীয়ে সংবাদমেলত কয় ‘অসমৰ সৰ্বস্তৰৰ অনুসূচিত জাতিৰ প্ৰায় ৪০ লাখ ৰাইজক সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰি আহিছে।‘

তাৰেই এক উদাহৰণ দি সংবাদমেলত ধ্ৰুৱ জ্যোতি ভড়ালীয়ে কয় ‘২০১৯-২০ বৰ্ষত ইতিমধ্যে আদায় দিয়া মুঠ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰায় ২১ খন শিক্ষানুষ্ঠানৰ মুঠ ৯০ গৰাকী শিক্ষাৰ্থীৰ মেট্ৰিকোত্তৰ আবেদন নৱীকৰণ নহ’ল। তাৰ বাবে আজি পৰ্যন্ত ছাত্ৰ-ছাত্ৰীয়ে জলপানি লাভ নকৰিলে।’

‘একেটা বিত্তীয় বৰ্ষতে প্ৰায় ২৬৩ খন শিক্ষানুষ্ঠানৰ মুঠ ৬৭০ গৰাকী অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰাৰম্ভিক পৰ্যায়ৰ জলপানী আবেদনৰ তথ্য পাতি সময়মতে শিক্ষানুষ্ঠানসমুহে পুনৰীক্ষণ কৰি অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত জমা নিদিয়াৰ ফলত উক্ত ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰ জলপানীৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল।‘ সংবাদমেলত ভড়ালীয়ে কয়।

সৰ্বমুঠ ৬৭০ গৰাকী পুনৰীক্ষণ নোহোৱা ছাত্ৰ-ছাত্ৰীৰ বাবদ প্ৰায় ৪০ লাখ ২০ হাজাৰ টকা আৰু নৱীকৰণ নকৰা ৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবদ প্ৰায় ৩ লাখ ৬০ হাজাৰ টকা মুঠ ৪৩ লাখ ৮০ হাজাৰ টকা ধাৰ্য কৰিছিল যদিও বিজেপি চৰকাৰ তথা শিক্ষানুষ্ঠানসমূহৰ অকৰ্মণ্যতা আৰু অদুৰদৰ্শিতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে সেই জলপানিৰ পৰা বঞ্চিত হ’ল।

২০২১ চনত সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক জনসাধাৰণে যোগ্য প্ৰত্যুত্তৰ দিব বুলিও নেতৃত্বই সংবাদমেলত ঘোষণা কৰে।

জলপানি লাভৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চাৰিটা ফোন নম্বৰ মুকলি কৰা হৈছে বুলি জানিবলৈ দিয়ে ভড়ালীয়ে।

৯৪০১-৮১৬৪২৩, ৮৮৭৬১-৩৪৪৭৪, ৬০০৩১-৯৮২০৮ আৰু ৭০০২০-৮৯৫২৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় ভড়ালীয়ে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd