• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰ-শিক্ষানুষ্ঠানৰ অকৰ্মণ্যতাৰ বাবে জলপানি বঞ্চিত শ-শ অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰী : AJYCP

‘অনুসুচিত জাতিৰ ৰাইজক সোণোৱাল চৰকাৰে প্ৰতাৰণা কৰি আহিছে’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 9, 2020 7:43 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চৰকাৰৰ কেইবাগৰাকী জনগোষ্ঠীয়, জনজাতীয় মন্ত্ৰী আৰু শিক্ষানুষ্ঠানৰ অকৰ্মণ্যতাৰ বাবে জলপানি লাভৰ পৰা বঞ্চিত হৈছে শ-শ অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰী। গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ আনিছে অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদে।

সংবাদমেলত উপস্থিত থাকি সংগঠনটোৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমলাকান্ত দাসে কয় ‘বৰ্তমান শাসনাধীষ্ঠ বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়াৰ ওপৰত অত্যাচাৰ চলাইছে। অনুসূচিত জাতিৰ আঁচনিৰ নামত অহা ধন এই বিজেপি চৰকাৰে আজিও আমাৰ মাজত মোকলাই দিয়া নাই।‘

Apply Now

‘অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে যি জলপানি আহে ২০১৪ৰ পৰা আজি পৰ্যন্ত মুকলি কৰি দিয়া নাই।‘ অভিযোগ তুলি দাসে লগতে কয়।

ইপিনে, যোৱা বৰ্ষৰ ২২ অক্টোবৰত সমাজ কল্যাণ সঞ্চালকালয়ৰ সন্মুখত যি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল তেতিয়া সঞ্চালক দেৱ কুমাৰ কলিতাই জলপানি প্ৰদান কৰিব বুলি কৈছিল যদিও শ-শ ছাত্ৰ-ছাত্ৰীয়ে এই জলপানি লাভ কৰা নাই বুলি দাসে গুৰুতৰ অভিযোগ তোলে।

ইপিনে, উক্ত সংবাদমেলত উপস্থিত থকা কেন্দ্ৰীয় সমিতিৰ সমাজ সেৱক সম্পাদক ধ্ৰুৱজ্যোতি ভড়ালীয়ে সংবাদমেলত কয় ‘অসমৰ সৰ্বস্তৰৰ অনুসূচিত জাতিৰ প্ৰায় ৪০ লাখ ৰাইজক সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰি আহিছে।‘

তাৰেই এক উদাহৰণ দি সংবাদমেলত ধ্ৰুৱ জ্যোতি ভড়ালীয়ে কয় ‘২০১৯-২০ বৰ্ষত ইতিমধ্যে আদায় দিয়া মুঠ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত প্ৰায় ২১ খন শিক্ষানুষ্ঠানৰ মুঠ ৯০ গৰাকী শিক্ষাৰ্থীৰ মেট্ৰিকোত্তৰ আবেদন নৱীকৰণ নহ’ল। তাৰ বাবে আজি পৰ্যন্ত ছাত্ৰ-ছাত্ৰীয়ে জলপানি লাভ নকৰিলে।’

‘একেটা বিত্তীয় বৰ্ষতে প্ৰায় ২৬৩ খন শিক্ষানুষ্ঠানৰ মুঠ ৬৭০ গৰাকী অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰাৰম্ভিক পৰ্যায়ৰ জলপানী আবেদনৰ তথ্য পাতি সময়মতে শিক্ষানুষ্ঠানসমুহে পুনৰীক্ষণ কৰি অসম অনুসূচিত জাতি কল্যাণ সঞ্চালকালয়ত জমা নিদিয়াৰ ফলত উক্ত ছাত্ৰ-ছাত্ৰীসকলে ছাত্ৰ জলপানীৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল।‘ সংবাদমেলত ভড়ালীয়ে কয়।

সৰ্বমুঠ ৬৭০ গৰাকী পুনৰীক্ষণ নোহোৱা ছাত্ৰ-ছাত্ৰীৰ বাবদ প্ৰায় ৪০ লাখ ২০ হাজাৰ টকা আৰু নৱীকৰণ নকৰা ৯০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বাবদ প্ৰায় ৩ লাখ ৬০ হাজাৰ টকা মুঠ ৪৩ লাখ ৮০ হাজাৰ টকা ধাৰ্য কৰিছিল যদিও বিজেপি চৰকাৰ তথা শিক্ষানুষ্ঠানসমূহৰ অকৰ্মণ্যতা আৰু অদুৰদৰ্শিতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে সেই জলপানিৰ পৰা বঞ্চিত হ’ল।

২০২১ চনত সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰক জনসাধাৰণে যোগ্য প্ৰত্যুত্তৰ দিব বুলিও নেতৃত্বই সংবাদমেলত ঘোষণা কৰে।

জলপানি লাভৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে চাৰিটা ফোন নম্বৰ মুকলি কৰা হৈছে বুলি জানিবলৈ দিয়ে ভড়ালীয়ে।

৯৪০১-৮১৬৪২৩, ৮৮৭৬১-৩৪৪৭৪, ৬০০৩১-৯৮২০৮ আৰু ৭০০২০-৮৯৫২৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় ভড়ালীয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

October 18, 2026 12:33 pm
পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

নৱৰাত্ৰিৰ আনন্দৰ মাজতে বিষাদৰ ছাঁ: গোৱালিয়ৰত ট্ৰাকৰ খুন্দাত অকালতে প্ৰাণ গ’ল ১২ জন ভক্তৰ

October 18, 2026 3:46 pm
ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

ছাবস্ক্ৰিপচনৰ আঁৰত শিশুৰ যৌন শোষণ-নিৰ্যাতনমূলক সামগ্ৰী ৰাখিব নোৱাৰিব অনলাইন প্লেটফৰ্মে: উচ্চতম ন্যায়ালয়

October 18, 2026 1:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd