লাংটিঙত অগপ-কংগ্ৰেছত খহনীয়া, সহস্ৰাধিক নেতা কৰ্মীৰ বিজেপিত যোগদান

20190402_125512

লাংটিঙত বিভিন্ন দলৰ কৰ্মীৰ বিজেপিত যোগদান। ফটো : নৰ্থইষ্ট নাও

লোকসভা নিৰ্বাচনৰ দিন কাষ চাপি অহাৰ লগে লগে পাহাৰীয়া ডিমা হাচাও জিলাত অগপ আৰু কংগ্ৰেছ শিবিৰত খহনীয়া আৰম্ভ হৈছে। যোৱা কেইবা দিন ধৰি বিজেপি দলত যোগদান প্ৰক্ৰিয়া অব্যাহত আছে। এনে পৰিস্থিতিত এতিয়ালৈকে লাংটিঙত কংগ্ৰেছ, অগপ এৰি সহস্ৰাধিক নেতাকৰ্মী সোমবাৰে গেৰুৱা দল বিজেপিত যোগদান কৰে।

লাংটিঙ স্বায়ত্ত শাসিত পৰিষদীয় সমষ্টিৰ বিজেপি সদস্য তথা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ ই এম গলঞ্জ থাউচেনৰ উপস্থিতিত বিভিন্ন দলৰ নেতাকৰ্মী সকলে বিজেপিত  যোগ দিয়ে।

উল্লেখযোগ্য যে প্ৰাক্তন চিইএম তথা অগপ দলৰ কেন্দ্ৰীয় সাংগঠিনক সচিব আইনজীৱী দেবজিত থাউচেনক সদ্য সমাপ্ত হোৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত বিপুল ভোটত পৰাজিত কৰে বিজেপি দলৰ তৰুণ নেতা গলঞ্জ থাউচেনে।

অগপৰ ঘাটি বুলি জনজাত লাংটিঙত এতিয়া চৌদিশে বিজেপিৰ জয়জয়কাৰ। ৰাজ্যত অগপ বিজেপিৰ নতুনকৈ মিত্ৰতা হ’লেও পাৰ্বত্য জিলাত অগপ-বিজেপিৰ মাজত মিত্ৰতাটো দূৰৰে কথা, দিনে দিনে দল দুটাৰ মাজত নূন্যতম সৌজন্যমূলক আদান প্ৰদানো পৰিলক্ষিত নোহোৱা হৈছে।

অগপ এৰি গেৰুৱা শিবিৰত যোগ দিয়া লাংটিঙৰ এগৰাকী অগপ কৰ্মীয়ে কয় যে এতিয়া ডিমা হাচাও জিলাত বিজেপি দলক বাদ দি  অগপ, কংগ্ৰেছ বা আন আন দলৰ অস্তিত্ব সংকটত আহি উপনীত হৈছে। ইয়াত এতিয়া অকল বিজেপি আৰু বিজেপি। বিজেপি দলে পাহাৰীয়া জিলাৰ সামিগ্ৰক উন্নয়নৰ কাৰণে যোৱা দুই বছৰে বহুতো কাম কৰিছে।

আনহাতে, বিজেপিত যোগদান কৰা এগৰাকী কংগ্ৰেছ কৰ্মীৰ মতে এইবাৰ লোকসভা নিৰ্বাচনত দ্বিতীয় বাৰৰ বাবে কেন্দ্ৰত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰ গঠন হ’ব। ফলত কংগ্ৰেছ বা বেলেগ দলৰ থকাৰ যুক্তি নাই। তেওঁ কয়, ‘’আমাক উন্নয়ন লাগে। এনে বিষয় বিবেচনা কৰি বিজেপি দলত যোগদান কৰিছো।‘’

উল্লেখযোগ্য যে অহা ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত তিনিখন পাৰ্বত্য জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং  আৰু ডিমা হাচাওৰ একমাত্ৰ সংসদীয় সমষ্টি ৩ নং ডিফু আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। য’ত কংগ্ৰেছ দলৰ প্ৰাৰ্থী বৰ্তমান সাংসদ বীৰেন সিঙ ইংতি, আঞ্চলিক দল এএছডিছিৰ হলিৰাম টেৰাঙ, অল হিলছ্ পাৰ্টিৰ জন ইংতি কাথাৰ আৰু বিজেপি দলৰ প্ৰাৰ্থী হৈছে কাৰ্বি আংলঙৰ প্ৰাক্তন বিদ্ৰোহী নেতা হৰেন সিঙ বে’।