NORTHEAST NOW (Assamese)

চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে নগাঁও কাগজ কলৰ ক্ষুব্ধ কৰ্মীৰ ২৪ ঘন্টীয়া অনশন

December 1, 2018 11:08 am · এন ই নাও নিউজ
নগাঁও কাগজ কল কৰ্মী সন্থাৰ অনশন ধৰ্মঘট।

জাগীৰোডত থকা হিন্দুস্তান কাগজ নিগমৰ নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কলক পুনৰুজ্জীৱিত কৰাৰ দাবীত শুকুৰবাৰে বিয়লি দুই বজাৰ পৰা ২৪ ঘণ্টীয়া অনশন ধৰ্মঘট পালন কৰিছে নগাঁও কাগজ কল কৰ্মী সন্থাই।

দুবছৰৰ অধিক কাল উৎপাদন বন্ধ হৈ থকা এই উদ্যোগ দুটা শীঘ্ৰেই কাৰ্যক্ষম কৰি তোলাৰ লগতে নগাঁও কাগজ কলৰ কৰ্মীসকলে পাবলৈ থকা একৈশ মাহৰ দৰমহা আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে পাবলৈ থকা তেইশ মাহৰ দৰমহাৰ লগতে অন্যান্য প্ৰাপ্যসমূহ আদায় দিবলৈকো সন্থাই দাবী জনায়।

কাগজ কল দুটাৰ উৎপাদন দুবছৰ পূৰ্বে বন্ধ হৈ পৰাৰ পাছত দৰমহাৰ পৰা বঞ্চিত কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ জীৱন নিৰ্বাহত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইতিমধ্যে দুয়োটা উদ্যোগৰ শ্ৰমিক কৰ্মচাৰীৰ লগতে কাগজ কল সুৰক্ষা মঞ্চকে আৰু বিভিন্ন দল-সংগঠনে উদ্যোগ দুটাক পুনৰুজ্জীৱিত কৰা তথা কৰ্মচাৰীসকলৰ অনাদায় হৈ থকা দৰমহা শীঘ্ৰে আদায় দিয়াৰ বাবে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল।

আনহাতে এই সন্দৰ্ভত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিয়াৰ পাছতো কাগজ কল দুটা পুনৰুজ্জীৱিত নহ’ল। বৰঞ্চ গোটেই বিষয়টো অন্ধকাৰলৈ মাজলৈ গতি কৰিছে। সেয়েহে কেন্দ্ৰীয় চৰকাৰৰ এই অৱহেলা তথা বঞ্চনাৰ বিৰুদ্ধে নগাঁও কাগজ কল কৰ্মী সন্থাই শুকুৰবাৰে বিয়লিৰে পৰা ২৪ ঘণ্টীয়া অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে।

ইপিনে, নগাঁও কাগজ কল কৰ্মী সন্থাৰ সম্পাদক আনন্দ বৰদলৈয়ে ইয়াৰ পাছত বিভিন্ন দল-সংগঠনৰ সৈতে আলোচনা কৰি সন্থাই মধ্য অসম বন্ধৰ আহ্বান জনাব বুলি জানিবলৈ দিয়ে।

Related News