দেশ কঁপাই যোৱা কাৰ্বি আংলঙৰ ডকমকাত সংঘটিত অভিজিত নাথ আৰু নিলোৎপল দাসৰ হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আজিৰ পৰা আৰম্ভ হ’ব।
নগাঁৱৰ সত্ৰ ন্যায়াধীশৰ আদালতত চলিব এই বিচাৰ প্ৰক্ৰিয়া। উল্লেখযোগ্য যে নগাঁও আদালতে যোৱা ৮ নৱেম্বৰত দিয়া তাৰিখৰ পৰিপ্ৰেক্ষিততে ১ ডিচেম্বৰত অৰ্থাৎ আজিৰ দিনটোত শুনানিৰ তাৰিখ ঘোষণা কৰা হৈছিল।
উক্ত নাৰকীয় ঘটনাত অভিযুক্ত মুঠ ৪৮ জন অভিযুক্তৰ এজন নাবালকৰ গোচৰ জুভেনাইল আদালতত চলি থকাৰ বিপৰীতে বাকী ৪৭ জন অভিযুক্তৰ গোচৰ নগাওঁ আদালতত চলি আছে।
উল্লেখযোগ্য যে অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ পিতৃ-মাতৃয়ে ডিফুৰ আদালতত গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া চলিলে অভিযুক্ত পক্ষৰ হেঁচাত ভূক্তভোগীয়ে সঠিক ন্যায় পোৱাৰ ক্ষেত্ৰত শংকা প্ৰকাশ কৰি গোচৰটোৰ বিচাৰ নগাঁও আদালতলৈ স্থানান্তৰ কৰাৰ বাবে আবেদন জনাইছিল। তাৰেই পৰিপ্ৰেক্ষিতত গোচৰটো নগাঁও আদালতলৈ স্থানান্তৰ কৰা হয়।





