আকৌ জম্মু–কাশ্মীৰত উগ্ৰপন্থীৰ আক্ৰমণত প্ৰাণ গ’ল ভাৰতীয় সেনাৰ। বৃহস্পতি বাৰে পুঞ্চ জিলাৰ ৰাজৌৰী ছেক্টৰত সন্ত্ৰাসবাদীয়ে চলোৱা গুলীচালনা আৰু গ্ৰেনেড আক্ৰমণত নিহত হৈছে পাঁচজন ভাৰতীয় সেনা।
পাকিস্তানী উগ্ৰপন্থী সংগঠন জৈছ–ই–মহম্মদে এই আক্ৰমণ সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে সেনাবাহিনীয়ে। ইতিমধ্যে এই ঘটনাৰ তদন্তৰ দায়িত্ব NIAক দিয়া হৈছে।
উল্লেখ্য যে অহা ২২–২৪ মে’ত শ্ৰীনগৰত জি–২০ ৱৰ্কিং গ্ৰুপ অন টুৰিজিমৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে। কেন্দ্ৰৰ মতে উক্ত আন্তঃৰাষ্ট্ৰীয় সন্মিলন খনৰ পূৰ্বে জম্মু–কাশ্মীৰত অশান্তি বিয়পাই দিয়াৰ পৰিকল্পনা কৰিছে পাকিস্তান সমৰ্থিত উগ্ৰপন্থীয়ে।
শুকুৰবাৰে সেনাবাহিনীৰ উত্তৰ কমাণ্ডৰ এক বিবৃতিত কোৱা হৈছে যে বৃহস্পতিবাৰে বিয়লি ৰাজৌৰী ছেক্টৰৰ ভীমবৰত সংঘটিত হোৱা ঘটনাৰ সময়ত ধাৰাসাৰ বৰষুণ হৈছিল। ফলত দূৰলৈকে দেখা পোৱাত অসুবিধা হৈছিল সেনা সকলৰ। সেই সুযোগ গ্ৰহণ কৰিয়েই উগ্ৰপন্থীয়ে সেনাৰ বাহনখনক লক্ষ্য কৰি গুলীচালনা কৰে।
আক্ৰমণৰ পিছতে উগ্ৰপন্থীক বিচাৰি অঞ্চলটোৰ চাৰিওফালে তালাচী অভিযান আৰম্ভ কৰা হয়। গুৰুতৰভাৱে আহত এজন জোৱানক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।
সেনা কৰ্তৃপক্ষই জনোৱা মতে মৃত জোৱান কেইজন হ’ল – হবিলদাৰ মনদ্বীপ সিং, লেন্স নাইক দেবাশীছ বছৱাল, লেন্স নাইক কুলৱন্ত সিং, চিপাহী হৰকিছন সিং আৰু চিপাহী সেৱক সিং।
প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নিহত সেনা জোৱানৰ পৰিয়াললৈ শোক বাৰ্তা প্ৰেৰণ কৰিছে।





