• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰেমিকৰ বাবে স্বামীক নৃশংস হত্যা: ৰাজস্থানৰ হানিমুন মাৰ্ডাৰৰ চাঞ্চল্যৰ তথ্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2026 10:04 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজস্থানৰ শ্ৰীগংগানগৰ জিলাত সংঘটিত এক মৰ্মান্তিক ঘটনাই এতিয়া সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। যিখন ঘৰত মাত্ৰ তিনি মাহ আগতে বিয়াৰ আনন্দময় পৰিৱেশ আছিল, সেইখন ঘৰ এতিয়া শোকত ম্ৰিয়মাণ হৈ পৰিছে। এগৰাকী ২৩ বছৰীয়া যুৱতীয়ে নিজৰ প্ৰেমিক আৰু তেওঁৰ বন্ধুৰ সহযোগত নিজৰ স্বামীক ডিঙি চেপি হত্যা কৰাৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে। এই ঘটনাক এতিয়া ৰাজস্থানৰ হানিমুন মাৰ্ডাৰ বুলি অভিহিত কৰা হৈছে।

নিহত যুৱকজনৰ নাম আছিল আশীষ আৰু তেওঁ এম এছ চি ভূবিজ্ঞানৰ ছাত্ৰ হোৱাৰ লগতে বি এড পঢ়ি আছিল। আনহাতে অভিযুক্তা পত্নী অঞ্জলি আছিল এম কমৰ ছাত্ৰী। আশীষক তেওঁৰ খুড়া-খুড়ীয়ে সৰুতেই তোলনীয়া পুত্ৰ হিচাপে লৈছিল আৰু অতি আদৰত ডাঙৰ-দীঘল কৰিছিল। তিনি মাহ আগতে অঞ্জলিৰ সৈতে তেওঁৰ অতি ধুমধামেৰে বিয়া হৈছিল। আশ্চৰ্যজনক কথাটো হ’ল যে অঞ্জলি আছিল আশীষৰ তোলনীয়া মাকৰ নিজৰ ভতিজী। দুয়োটা পৰিয়ালৰ মাজত অতি ঘনিষ্ঠ সম্পৰ্ক আছিল যদিও কোনেও কল্পনা কৰা নাছিল যে এনে এটা ভয়ংকৰ ঘটনা ঘটিব পাৰে।

Apply Now

৩০ জানুৱাৰীৰ সন্ধিয়া অঞ্জলি আৰু আশীষ ফুৰিবলৈ ওলাই গৈছিল। আশীষৰ ভাতৃৰ মতে, সেইদিনা অঞ্জলিৰ কথা মতে  তেওঁলোকে এটা নিৰ্জন পথ বাছি লৈছিল। সেই নিৰ্জন ঠাইতে অঞ্জলিৰ পূৰ্বৰ প্ৰেমিক সঞ্জুৱে তেওঁৰ দুই বন্ধুৰ সৈতে জোপোহাৰ আঁৰত খাপ পিটি আছিল। সুযোগ বুজি তেওঁলোকে আশীষক আক্ৰমণ কৰে আৰু ডিঙি চেপি হত্যা কৰে। ঘটনাটোক এক পথ দুৰ্ঘটনা বুলি প্ৰমাণ কৰিবলৈ অঞ্জলিয়ে নিজৰ কাণৰ ফুলিযোৰো সঞ্জুক দি দিছিল আৰু নিজেও অচেতন হোৱাৰ ভাও ধৰি ৰাস্তাত পৰি আছিল।

প্ৰথমতে সকলোৱে ইয়াক পথ দুৰ্ঘটনা আৰু ডকাইতি বুলি ভাবিছিল যদিও আশীষৰ শৰীৰত থকা আঘাতৰ চিন আৰু অঞ্জলিৰ কথাৰ অমিলবোৰে আৰক্ষীৰ সন্দেহ বঢ়াই তোলে। আৰক্ষীৰ তীব্ৰ তদন্তত ওলাই পৰে যে অঞ্জলিয়ে বিয়াৰ পিছতো নিজৰ পুৰণা প্ৰেমিক সঞ্জুৰ সৈতে সম্পৰ্ক ৰাখিছিল। সঞ্জু পেছাত বিয়া-সবাহ আদি অনুষ্ঠানত কাম কৰা এজন সাধাৰণ ৱেইটাৰ আছিল। উচ্চ শিক্ষিত আৰু চহকী পৰিয়ালৰ আশীষৰ তুলনাত সঞ্জু একোৱেই নাছিল, কিন্তু অঞ্জলিয়ে প্ৰেমিকৰ বাবে সকলো পাহৰি স্বামীক নিৰ্মমভাৱে হত্যা কৰাৰ পৰিকল্পনা কৰিছিল।

এই ঘটনা পোহৰলৈ অহাৰ পিছত আশীষৰ পৰিয়ালৰ লগতে অঞ্জলিৰ নিজৰ পৰিয়ালেও তীব্ৰ লাজ আৰু ক্ষোভ প্ৰকাশ কৰিছে। আশীষৰ পিতৃয়ে অভিযুক্তা অঞ্জলিক ফাঁচীৰ শাস্তি দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে। আনহাতে অঞ্জলিৰ খুড়াকে জনাইছে যে তেওঁলোকে এনে সম্পৰ্কৰ কথা একেবাৰেই নাজানিছিল আৰু নিজৰ ভতিজীৰ এনে জঘন্য কামৰ বাবে তেওঁলোকে এতিয়া মানুহৰ আগত মুখ উলিয়াব নোৱাৰা হৈছে। অঞ্জলিৰ পৰিয়ালেও তাইৰ বাবে মৃত্যুদণ্ডই বিচাৰিছে। বৰ্তমান আৰক্ষীয়ে অঞ্জলিৰ লগতে সঞ্জু আৰু তেওঁৰ দুই বন্ধুক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

প্ৰধানমন্ত্ৰীৰ বাসভৱনৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ আন্তৰিকতাবিহীন, ছোনম ৱাংচুকৰ পত্নীৰ বিস্ফোৰক মন্তব্য

July 23, 2026 5:42 pm
প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

ইতিহাসৰ পুনৰ্জন্ম! উৰণৰ ৯ মিনিটৰ পাছতেই দুৰ্ঘটনা, ৭৪ বছৰৰ মূৰত আটলাণ্টিকত উদ্ধাৰ হেৰুওৱা বিমানৰ ধ্বংসাৱশেষ

July 23, 2026 6:59 pm
দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

দিল্লীত ককৰোচ জনতা পাৰ্টিৰ উত্তাল প্ৰতিবাদ, হিংসাত অভিযুক্তৰ পাছপৰ্ট বাতিলৰ সম্ভাৱনা

July 23, 2026 6:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd