মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড; স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক

WhatsApp Image 2021-01-18 at 11.28.47 AM

ফটো: নৰ্থইষ্ট নাও।

গুৱাহাটীত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

কালি নিশাৰ ভাগত এই হত্যাকাণ্ড সংঘটিত হৈছে।

গুৱাহাটীৰ হাতীগাঁওত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো ৷

ঘটনা অনুসৰি স্বামীয়ে ডিঙি চেপি হত্যা কৰিলে পত্নীক ৷

হত্যাৰ পাছত বস্তাৰে বান্ধি বিচনাৰ তলত থৈ পলায়ন কৰে স্বামীয়ে ৷

হাতীগাঁওৰ লক্ষ্মীনাথ বেজবৰুৱা পথত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড।

হত্যাকাৰী স্বামী মইনুল হক বৰ্তমান পলাতক ৷

মৃত মহিলাগৰাকীৰ নাম ৰাচিদা বেগম বুলি জানিব পৰা গৈছে।