গুৱাহাটীৰ ফ্লেটত মহিলাৰ শিহৰণকাৰী হত্যাকাণ্ডৰ অভিযুক্ত স্বামী ৰামানুজ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে। দেওবাৰে নিশা দিশপুৰ থানাত আত্মসমৰ্পণ কৰাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। স্বাস্থ্য পৰীক্ষাৰ পাছত ৰামানুজক হাতীগাঁও থানালৈ লৈ যোৱা হয়।
ৰামানুজে আৰক্ষীৰ আগত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে। আত্মসমৰ্পণৰ সময়ত ৰামানুজে পিন্ধি থকা পোছাকত আছিল তেজৰ দাগ।
দেওবাৰে নিশা মহানগৰীৰ বেলতলাৰ বশিষ্ঠপুৰৰ ৪নং উপপথৰ ১৪ নং ঘৰ ‘অঞ্জলি গৃহ’ৰ তৃতীয় মহলাত কোঠাৰ ভিতৰত ৰিয়া তালুকদাৰ নামৰ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হৈছিল। তাতেই স্বামী ৰামানুজ গোস্বামীৰ সৈতে বাস কৰিছিল মহিলাগৰাকীয়ে। স্বামী ৰামানুজ গোস্বামীয়ে অতি নৃশংসভাৱে হত্যা কৰে পত্নী ৰিয়া তালুকদাৰক।
বাতৰি অনুসৰি, পত্নীক হত্যা কৰি স্বামীয়ে কটা মূৰটো ফ্ৰীজত ভৰাই থৈছিল। পত্নীৰ ছিন্নমুণ্ড ক’লা পলিথিনত ভৰাই ফ্ৰীজত সুমুৱাই থৈছিল। ফ্লেটৰ বিচনাত ৰিয়াৰ দেহ আৰু ফ্ৰীজত মূৰটো উদ্ধাৰ হৈছিল। কেবল সেয়াই নহয়, হত্যাকাৰীয়ে শিৰচ্ছেদ কৰাৰ লগতে ৰিয়াৰ হাতৰ আঙুলিও কাটিছিল।
ইপিনে, মৃতদেহৰ কাষত এখন দা আৰু কেইবাটাও সুৰাৰ বটলো উদ্ধাৰ হৈছে। আৰক্ষীয়ে ৪৮ ঘণ্টাৰ পূৰ্বেই ৰিয়াক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।
জানিব পৰা মতে, ৰামানুজৰ ঘৰ ধুবুৰীৰ গৌৰীপুৰত। মৃত ৰিয়া তালুকদাৰৰ মাতৃৰ ঘৰ গুৱাহাটীৰ নুনমাটিত। ৰিয়াই ফাঁচীবজাৰৰ এ চি মাৰ্কেটৰ এখন বুটিকত কাম কৰিছিল। অভিযুক্ত ৰামানুজ ড্ৰাগছ আসক্ত হৈ তিনিমাহ ৰিহেব চেণ্টাৰত আছিল বুলিও জানিব পৰা গৈছে।





