গোলমাল! বিয়া হ’বলৈকে টিভি এংকৰ যুৱকক অপহৰণ কৰিলে ব্যবসায়ী যুৱতীয়ে, তাৰপিছত…

প্ৰতিনিধিত্বমূলক ফটো।

বিয়া পাতিবলৈ এগৰাকী যুৱতী ব্যৱসায়ীয়ে এগৰাকী টিভি এংকৰক (উপস্থাপক) অপহৰণ কৰাৰ ঘটনা ঘটিছে। হায়দৰাবাদত সংঘটিত এই ঘটনাক লৈ সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছে। এই ঘটনাত যুৱতীগৰাকীৰ লগতে আন ৪ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

বাতৰি অনুসৰি, কোনো অজ্ঞাত ব্যক্তিয়ে এংকৰৰ ফটোখন বৈবাহিক ৱেবছাইটত ব্যৱহাৰ কৰিছিল। সেই ফটো দেখাৰ পিছত ব্যৱসায়ী যুৱতীগৰাকী ভিডিঅ’ জকী উপস্থাপকগৰাকীৰ প্ৰতি আকৰ্ষিত হৈ পৰে।

তেওঁ সেই যুৱকক বিয়া কৰাবলৈ সিদ্ধান্ত ল’লে। তাৰ পিছত তেওঁ উপস্থাপকগৰাকীৰ পিছত লাগিল। ইয়াৰ বাবে যুৱতীগৰাকীয়ে ভিডিঅ’ জকীগৰাকীক অনুসৰণ কৰিবলৈ তেওঁৰ গাড়ীত ট্ৰেকিং ডিভাইচো স্থাপন কৰে।

লগতে পঢ়কঃ বলপূৰ্বকভাৱে ইউক্ৰেইনলৈ পঠিওৱা হৈছে ভাৰতীয়ক! ৰাছিয়াৰ বিৰুদ্ধে অভিযোগকলৈ কি ক’লে কেন্দ্ৰই?

প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ পিছত তেওঁ জকীগৰাকীক অপহৰণ কৰিবলৈ কিছু লোকক নিয়োগ কৰে। আৰক্ষীক দিয়া এজাহাৰত এইবোৰ কথা কোৱা হৈছে। ভিডিঅ’ জকীগৰাকীয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতে গ্ৰেপ্তাৰ হয় ৩১ বছৰীয়া যুৱতীগৰাকীক।

অভিযুক্ত যুৱতীগৰাকী ডিজিটেল মাৰ্কেটিং ব্যৱসায়ী। আনহাতে, ভুক্তভোগী যুৱক এটা মিউজিক চেনেলত এংকৰ হিচাপে কাম কৰে।

জানিব পৰা মতে, দুবছৰ পূৰ্বে ভাৰত মেট্ৰিমনিত বিভিন্নজনৰ প্ৰফাইল ব্ৰাউজ কৰি আছিল যুৱতীগৰাকী। তাত এটা একাউণ্টত তেওঁৰ চকু নিবদ্ধ হৈ পৰিল। সেই ভিডিঅ’ জকীৰ ছবিখন তাত ব্যৱহাৰ কৰা হৈছিল। লাহে লাহে তেওঁৰ লগত চ্যাটিং কৰিবলৈ ধৰিলে। কিন্তু কিছু সময়ৰ পিছত তেওঁ বুজি পালে যে একাউণ্টটো ভুৱা। সেয়ে, যুৱতীগৰাকীয়ে ইনষ্টেণ্ট মেছেজিং এপ ব্যৱহাৰ কৰি ভিডিঅ’ জকীগৰাকীৰ সৈতে যোগাযোগ কৰে।

তেতিয়া ভিডিঅ’ জকীয়ে তেওঁক ক’লে যে সেইটো এটা ভুৱা একাউণ্ট। কোনোবাই তেওঁৰ ছবিখন ব্যৱহাৰ কৰি সেই একাউণ্টটো তৈয়াৰ কৰিছে। ইয়াৰ বাবে তেওঁ আৰক্ষীৰ ওচৰত এজাহাৰো দাখিল কৰিছে। পিছত ব্যৱসায়ী যুৱতীয়ে এই যুৱকৰ সৈতে বাৰ্তাৰ আদান-প্ৰদান অব্যাহত ৰাখে।

লগতে পঢ়কঃ ১কোটি টকাৰ আৰ্থিক সাহায্য প্ৰত্যাখ্যান হাৰিয়ানাত নিহত কৃষকৰ পৰিয়ালৰ; লাগে মাথোঁ ‘ন্যায়’

আৰক্ষীয়ে জনোৱা মতে, এনে পৰিস্থিতিৰ মাজতে ভিডিঅ’ জকীয়ে যুৱতীগৰাকীৰ ফোন নম্বৰ ব্লক কৰে। এই কথাত তেওঁ বিৰক্ত হৈ পৰিল। কিন্তু তেওঁ সেই ভিডিঅ’ জকীক বিয়া কৰাবলৈ সিদ্ধান্ত ল’লে। এই পৰিকল্পনাৰ অংশ হিচাপে তেওঁ ভিডিঅ’ জকী যুৱকক অপহৰণ কৰাৰ সিদ্ধান্ত লয়।

আৰক্ষীৰ মতে, যুৱতীগৰাকীয়ে ইয়াৰ বাবে চাৰিজন লোকক নিয়োগ কৰিছিল। গাড়ীখনত তেওঁৰ গতিবিধি নিৰীক্ষণ কৰিবলৈ এয়াৰটেগ ডিভাইচ স্থাপন কৰিছিল।

তাৰ পিছত ১১ ফেব্ৰুৱাৰীত ভিডিঅ’ জকীগৰাকীক অপহৰণ কৰা হয়। ভাড়াতীয়া অপহৰণকাৰীয়ে তেওঁক কৰায়ত্ত কৰি যুৱতীগৰাকীৰ কাৰ্যালয়লৈ লৈ যায়। তাতেই ভিডিঅ’ জকী যুৱকজনক মুকলি কৰি দিবলৈ এটা চৰ্ত দিলে। ক’লে যে তেওঁৰ ফোনটো ৰিচিভ কৰিবলৈ মান্তি হ’লেহে তেওঁক মুকলি কৰি দিয়া হ’ব।

লগতে পঢ়কঃ ‘মই কোনো মালালা নহয়, মই মোৰ ভাৰতত নিৰাপদ আৰু স্বাধীন’; ভাইৰেল কাশ্মীৰী কন্যা ইয়ানাৰ ভাষণ

এই চৰ্তত সন্মতি দিয়াত যুৱকজনক মুকলি কৰি দিয়া হয়। মুকলি কৰি দিয়াৰ পিছত যুৱক পোনে পোনে স্থানীয় থানালৈ যায়। তাতেই তেওঁ অভিযোগ দাখিল কৰে। ইয়াৰ পিছতে যুৱতীগৰাকী আৰু অপহৰণকাৰী চাৰিজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।