• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আই পি এলৰ টিকট কেলেংকাৰী আৰু জালিয়াতিৰ অভিযোগত গ্ৰেপ্তাৰ হায়দৰাবাদ ক্ৰিকেটৰ মুৰব্বী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 10, 2025 6:55 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেলেংগানাৰ অপৰাধ অনুসন্ধান বিভাগে হায়দৰাবাদ ক্ৰিকেট সন্থাৰ সভাপতি এ জগন মোহন ৰাও, কোষাধ্যক্ষ চি জে শ্ৰীনিবাস আৰু মুখ্য কাৰ্যবাহী বিষয়া সুনীল কান্তেক জালিয়াতি আৰু ধনৰ অপব্যৱহাৰৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে।

হায়দৰাবাদৰ এটা স্থানীয় ক্ৰিকেট ক্লাবৰ দুই সদস্য ৰাজেন্দৰ যাদৱ আৰু তেওঁৰ পত্নী কবিতাকো আৰক্ষীয়ে জিম্মাত লৈছে। এইচ চি এৰ সভাপতি জড়িত থকা গোচৰটোৰ সৈতে তেওঁলোক জড়িত নেকি সেই বিষয়ে জানিবলৈ তেওঁলোকক সোধা-পোছা কৰা হ’ব।

Apply Now

তেলেংগানাৰ চিআইডিয়ে যোৱা মাহত এইচচিএৰ তিনিজন বিষয়াৰ বিৰুদ্ধে এফআইআৰ (প্ৰথম তথ্য প্ৰতিবেদন) দাখিল কৰিছিল। তেওঁলোকৰ বিৰুদ্ধে জালিয়াতি, প্ৰতাৰণা, জাল নথি-পত্ৰ ব্যৱহাৰ, সম্পত্তিৰ অপব্যৱহাৰ আৰু আস্থা ভংগৰ অভিযোগ অনা হৈছে।

তেলেংগানা ক্ৰিকেট সন্থাৰ সাধাৰণ সম্পাদক ডি গুৰুভা ৰেড্ডীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত যোৱা ৯ জুনত এই এফআইআৰ দাখিল কৰা হৈছিল। ৰেড্ডীয়ে অভিযোগ কৰে যে জগন মোহন ৰাৱে ২০২৩ চনৰ এইচ চি এ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভুৱা নথি-পত্ৰ ব্যৱহাৰ কৰিছিল। ৰেড্ডীয়ে লগতে অভিযোগ কৰে যে তেওঁ আনসকলৰ সৈতে সন্থাৰ পুজিৰ পৰা ২.৩২ কোটি টকা উলিয়াই নিছে।

চি আই ডিৰ এক সূত্ৰই জনোৱা মতে, তদন্তত প্ৰকাশ পাইছে যে জগন মোহনে এইচ চি এ নিৰ্বাচনত যোগ্যতা অৰ্জন কৰিবলৈ জালিয়াতিৰে ক্ৰিকেট ক্লাবৰ সদস্যপদ লাভ কৰিছিল। এইচ চি এৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ এটা চৰ্ত হ’ল তেওঁ এজন সন্থাৰ অনুমোদিত ক্লাবৰ সদস্য হ’ব লাগিব।

এইবাৰৰ আই পি এলত বিনামূলীয়া বা উপহাৰৰ টিকট বিতৰণক লৈ এইচ চি এক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভতো ধৃত লোককেইজনক জেৰা কৰা হ’ব বুলিও চি আই ডিৰ সূত্ৰটোৱে জানিবলৈ দিয়ে।

ইয়াৰ পূৰ্বে আই পি এল ফ্ৰেঞ্চাইজি ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেনেজাৰ টি বি শ্ৰীনাথে এই সন্দৰ্ভত এইচ চি এৰ কোষাধ্যক্ষ শ্ৰীনিবাসলৈ ইমেইল প্ৰেৰণ কৰিছিল। সেই ইমেইলটোত তেওঁ অভিযোগ কৰিছিল যে ২৭ মাৰ্চত লক্ষ্ণৌ ছুপাৰজায়েণ্টছ আৰু ছানৰাইজাৰ্ছৰ মাজত অনুষ্ঠিত হোৱা মেচখনৰ সময়ত এইচচিএৰ কৰ্মচাৰীয়ে ৰাজীৱ গান্ধী ষ্টেডিয়ামত কৰ্পৰেট বক্সটো বন্ধ কৰি দিছিল। শ্ৰীনাথে ইমেইলটোত উল্লেখ কৰিছিল যে এইচচিএৰ কৰ্মচাৰীসকলে ‘২০টা অতিৰিক্ত বিনামূলীয়া টিকট’ নিদিয়ালৈকে কৰ্পৰেট বক্সটো খুলিবলৈ অস্বীকাৰ কৰিছিল।

সেই ইমেইলটোত ছানৰাইজাৰ্ছে লগতে কৈছিল, ‘এই ব্লেকমেইল আৰু ভাবুকি মেচ আৰম্ভ হোৱাৰ কেইঘণ্টামান আগতে দিয়া হৈছিল, যিটো কেৱল অবৈধই নহয়, অগ্ৰহণযোগ্যও। ই আমাৰ দুয়োটা সংস্থাৰ মাজত কৰ্ম পৰিৱেশৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।’

হায়দৰাবাদ ৰাজ্যৰ ভিজিলেন্স বিভাগে তদন্ত সম্পূর্ণ কৰি ৰাজ্য চৰকাৰক প্রতিবেদন অর্পণ কৰিছে, য’ত এইচচিএ আইন ভংগৰ বাবে দোষী সাব্যস্ত হৈছে৷

বাতৰি অনুসৰি, বিচিচিআই, ছানৰাইজাৰ্ছ আৰু এইচচিএৰ মাজত টিকট বিতৰণ সন্দৰ্ভত ত্ৰিপাক্ষিক চুক্তি হয়। চুক্তিৰ চৰ্ত অনুসৰি এইচচিএই ৩৯০০ বিনামূলীয়া টিকট লাভ কৰিব, যিটো ষ্টেডিয়ামৰ মুঠ আসনৰ ক্ষমতাৰ ১০ শতাংশ। কিন্তু এইচ চি এৰ বিষয়াসকলে আৰু ১০ শতাংশ বিনামূলীয়া টিকট বিচাৰিছিল, যিটো ছানৰাইজাৰ্ছ হায়দৰাবাদে দিবলৈ অস্বীকাৰ কৰিছিল।

ইয়াৰ পিছত ছানৰাইজাৰ্ছে বিচিচিআই আৰু আইপিএল গভৰ্নিং কাউন্সিলৰ সৈতে এইচচিএৰ বিৰুদ্ধে অভিযোগ দাখিল কৰি এইচচিএই বাৰে বাৰে “ব্লেকমেইল কৌশল” ব্যৱহাৰ কৰা বুলি অভিযোগ কৰে। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে এইচ চি এয়ে।

ছানৰাইজাৰ্ছ হায়দৰাবাদেও হায়দৰাবাদৰ পৰা “ঘৰুৱা মেচ” স্থানান্তৰ কৰাৰ হুংকাৰ দিয়ে। ৰাজীৱ গান্ধী ষ্টেডিয়ামত এইচ চি এৰ সম্পাদক আৰু দেৱৰাজৰ মাজত ছানৰাইজাৰ্ছ কৰ্তৃপক্ষৰ সৈতে হোৱা বৈঠকৰ পিছত পৰিস্থিতি শান্ত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

কমনৱেলথ গেমছ ২০২৬: একেৰাহে তৃতীয়বাৰৰ বাবে স্বৰ্ণ পদক জয় মীৰাবাই চানুৰ

July 27, 2026 12:53 pm
আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd