বৰষুণৰ বাবে বাতিল হায়দৰাবাদ-গুজৰাটৰ মেচ; প্লে-অফ্‌ত কামিন্সৰ ছানৰাইজাৰ্ছ

বৰষুণৰ বাবে বাতিল হ’ল ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইটানছৰ বহুপ্ৰত্যাশিত মেচ। আনকি বৃহস্পতিবাৰে হায়দৰাবাদত অবিৰত বৰষুণৰ বাবে টছো সম্ভৱ নহ’ল। নিশা ১০.১০ বজালৈ অপেক্ষা কৰাৰ পাছত আম্পায়াৰসকলে খেলখন বাতিল কৰাৰ সিদ্ধান্ত লয়। অৱশ্যে পেট কামিন্সৰ নেতৃত্বাধীন হায়দৰাবাদে ১ পইণ্ট লাভ কৰি আই পি এল প্লে অফত স্থান দখল কৰে।

হায়দৰাবাদত দুপৰীয়াৰ পৰা অবিৰতভাৱে বৰষুণ দি আছিল। কেতিয়াবা মৃদু, কেতিয়াবা মধ্যমীয়া। কিছু সময়ৰ বাবে বৰষুণ বন্ধ হৈ যায়। নিশা ৮ বজাত টছ আৰু ৮.১৫ মিনিটত খেল আৰম্ভ হোৱাৰ কথা ঘোষণা কৰা হয়। কিন্তু ৭.৫০ বজাৰ পৰা আকৌ বৰষুণ হ’বলৈ ধৰে। শেষত খেলখন আয়োজন কৰাটো সম্ভৱ হৈ নুঠে। মেচখন ড্ৰ হোৱাৰ বাবে হায়দৰাবাদ আৰু গুজৰাটে ১ পইণ্টকৈ লাভ কৰে।

আনুষ্ঠানিকভাৱে খেলখন বাতিল ঘোষণা কৰাৰ পাছত দুয়োটা দলৰ অধিনায়কসকলে খেলপথাৰত ‘ষ্টোন পেপাৰ চিজাৰ’ খেলিছিল।য’ত শুবমনে জিকিছিল। লগতে তেওঁৰ এই জয়েৰেই আই পি এলৰ এই ছিজনৰ যাত্ৰা অন্ত পেলোৱাত সুখ প্ৰকাশ কৰে। দুয়োটা দলৰ বাকী ক্ৰিকেটাৰসকল ইজনে সিজনক অভিনন্দন জনোৱা পৰিলক্ষিত হয়। মন কৰিবলগীয়া যে আই পি এলত গুজৰাটৰ শেষৰ দুখন মেচত বৰষুণে বাৰুকৈয়ে বিধি পথালি দিয়ে।