নিৰ্ভয়া কাণ্ডৰ পুনৰাবৃত্তি! ধর্ষণ কৰি জ্বলাই দিয়া হ’ল ঘৰমুখী চিকিৎসক যুৱতীক

প্ৰিয়ংকা ৰেড্ডি, পেছাত এগৰাকী পশু চিকিৎসক, নিজৰ কাম সামৰি ঘৰলৈ বুলি উভতিছিল। কিন্তু আহি নাপালে তেওঁ

rape woman

বুধবাৰে নিশা হাইদৰাবাদ চহৰৰ সমীপত এগৰাকী ২৬ বছৰীয়া পশু-চিকিৎসকক অচিনাকী দুৰ্বৃত্তই প্ৰথমে ধৰ্ষণ আৰু তাৰ পাছত গাত জুই লগাই অতি নিৰ্মমভাৱে হত্যা কৰা ঘটনাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰিয়ংকা ৰেড্ডী নামৰ চিকিৎসকগৰাকীৰ জ্বলি যোৱা মৃতদেহ বৃহস্পতিবাৰে পুৱা এটা কালভাৰ্টৰ তলত উদ্ধাৰ হয়।

হত্যাকাণ্ডটো সংঘটিত হোৱাৰ পূৰ্বে চিকিৎসকগৰাকীক ধৰ্ষণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত চাইবৰাবাদ আৰক্ষীয়ে চাৰিজন লোকক আটক কৰিছে।

হাইদৰাবাদৰ চাদনগৰ নিবাসী পশু-চিকিৎসকগৰাকীয়ে ৩০ কিলোমিটাৰ নিলগৰ শশমাবাদৰ এখন চিকিৎসালয়ত কাম কৰিছিল। তেওঁ প্ৰতিদিনে হাইদৰাবাদ-বেগালুৰু ৰাষ্ট্ৰীয় ঘাইপথস্থিত এখন টোল প্লাজাত নিজৰ দুচকীয়া বাহন পাৰ্ক কৰিছিল আৰু তাৰ পৰা কেবেৰে চিকিৎসালয়লৈ অহা যোৱা কৰিছিল।

ঘটনা সংঘটিত হোৱাৰ দিনাও তেওঁ চিকিৎসালয়ৰ পৰা টোল প্লাজালৈ আহিছিল আৰু তাৰ পৰা তেওঁ অন্য এখন ক্লিনিকলৈ যায়।

নিশা ৯.২২ মিনিটত চিকিৎসকগৰাকীয়ে ভনীয়েকক ফোন কৰি তেওঁৰ দুচকীয়া বাহনখনৰ চকা ফুটিছে আৰু এজন লোক সহায়ৰ বাবে আগবাঢ়ি অহা বুলি জনাইছিল।

কিছুসময় পিছত চিকিৎসকগৰাকীয়ে পুনৰ ফোনযোগে জনায় যে সহায়ৰ বাবে আগবাঢ়ি অহা লোকজনে কৈছে যে ওচৰৰ সকলো দোকান বন্ধ আৰু চকা মেৰামতিৰ বাবে গাড়ীখন অন্য স্থানলৈ লৈ যাব লাগিব।

পৰিয়ালৰ লোকে আৰক্ষীক জানিবলৈ দি কয় যে ফোনত কথা পাতি থাকোতে তেওঁ ভয় খাই আছিল। ভনীয়েকে চিকিৎসকগৰাকীক দুচকীয়া বাহনখন এৰি কেবত ঘৰলৈ আহিবলৈ পৰামৰ্শ প্ৰদান কৰিছিল। তেতিয়া চিকিৎসকগৰাকীয়ে ঘাইপথস্থিত টোল প্লাজাৰ ওচৰত ৰ’বলৈ ভয় লাগিছিল বুলি কৈছিল।

ইয়াৰ উপৰি চিকিৎসকগৰাকীয়ে নিজৰ ভনীয়েকক কৈছিল যে তেওঁৰ ওচৰে পাজৰে থকা অচিনাকী লোকবোৰে বেয়া দৃষ্টিৰে চাই আছে আৰু তেওঁৰ বহুত ভয় লগা বুলিও কয়।

এনেদৰে ফোনত কথা বতৰা চলি থকাৰ মাজতে নিশা ৯.৪৫ মিনিটত চিকিৎসকগৰাকীৰ ফোনতো চুইটছ অফ হৈ যায়। এই কথা আৰক্ষীৰ আগত পৰিয়ালৰ লোকে উল্লেখ কৰে।

নিশা ১০.২০ বজাত প্ৰিয়ংকা ঘৰলৈ উভতি নহাত পৰিয়ালৰ লোকে নিৰুদ্দেশৰ গোচৰ ৰুজু কৰিছিল।

উল্লেখ্য যে হাইদৰাবাদ-বেগালুৰু ৰাষ্ট্ৰীয় ঘাইপথস্থিত টোল প্লাজাখনৰ পৰা ৩০ কিলোমিটাৰ নিলগত এজন কৃষকে পশু চিকিৎসকগৰাকীৰ জ্বলি যোৱা মৃতদেহটো দেখি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলত লগে লগে আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰে।

ইফালে চাইবাৰাবাদ আৰক্ষী অধীক্ষকে জানিবলৈ দি কয় যে ঘটনাটোৰ ৰহস্য উদঘাটনৰ বাবে ১০ টা বিশেষ দল গঠন কৰা হৈছে।