কংগ্ৰেছৰ সভাপতি পদটো এইবাৰ গান্ধী পৰিয়ালৰ হাতৰ পৰা যাবলৈ ওলাইছে। গান্ধী পৰিয়ালৰ কোনো সদস্যই কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই। ইয়াৰ মাজতে অভিযোগ উঠিছে সভাপতি যিয়েই নহওঁক তেওঁ ছোনিয়া গান্ধীৰ মতেই চলিব লাগিব। কিন্তু এনে ধাৰণাক নস্যাৎ কৰিছে সভাপতি পদৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেই। ছোনিয়া গান্ধীৰ ৰিম’ট কণ্ট্ৰ’লতে খাৰ্গে সভাপতি নিৰ্বাচিত হ’লে চলিব লাগিব বুলিও বহুতে কৈ অহাৰ মাজতে কংগ্ৰেছ নেতা তথা দলৰ সভাপতি নিৰ্বাচনৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেই ছোনিয়া গান্ধীৰ ৰিম’ট কণ্ট্ৰোল হৈ নপৰে বুলি মন্তব্য কৰিছে।
খাৰ্গেই কয় যে ভাৰতীয় জনতা পাৰ্টিয়ে ভবাৰ দৰে তেওঁৰ দলত “ৰিম’ট কণ্ট্ৰোল” বুলি কোনো বস্তু নাই, য’ত প্ৰতিজন সভাপতিক “সহমত”ৰ জৰিয়তে বাছনি কৰা হয়। খাৰ্গেই দৃঢ়তাৰে কয় যে যদি তেওঁ পুৰণি দলটোৰ মুৰব্বী হয়, তেন্তে ৰিম’ট কণ্ট্ৰোল তেওঁৰ সৈতেহে থাকিব। উল্লেখ্য বিজেপিয়ে এইবুলি দাবীকৰি আহিছে যে খাৰ্গে এই পদত নিৰ্বাচিত হোৱাৰ পিছত ছোনিয়া গান্ধীৰ “ৰিম’ট কণ্ট্ৰোল” আৰু “প্ৰক্সি” হিচাপে কাম কৰিব।
বিজেপিৰ দাবীৰ প্ৰসংগত খাৰ্গেই কয় ” বহুলোকে কয় যে মই এটা ৰিম’ট কণ্ট্ৰোল আৰু পিছফালৰ পৰা কাম কৰোঁ। তেওঁলোকে কয় যে ছোনিয়া গান্ধীয়ে যি ক’ব মই সেয়া শুনিম। কংগ্ৰেছত ৰিম’ট কণ্ট্ৰোল বুলি কোনো বস্তু নাই, সকলো মানুহেদলত একেলগে সিদ্ধান্ত লয়। ” বিজেপিক আক্ৰমণ কৰি তেওঁ কয়, “প্ৰধানমন্ত্ৰীয়ে কিমানবাৰ বিজেপিৰ সভাপতিৰ নিৰ্বাচন অনুষ্ঠিত কৰিছে? সকলো সভাপতিক সহমতৰ জৰিয়তে বাছনি কৰা হৈছে, তেন্তে বিজেপিতহে ৰিম’ট কণ্ট্ৰ’ল আছে? যেতিয়া মই সভাপতি হম, ৰিম’ট কণ্ট্ৰ’ল মোৰ হাতত থাকিব।”
কংগ্ৰেছেৰ নতুন সভাপতিৰ নিৰ্বাচন ১৭ অক্টোবৰত অনুষ্ঠিত হ’ব । ১৯ নৱেম্বৰত সভাপতি নিৰ্বাচনৰ ভোট গণনা কৰা হ’ব গণনা। কংগ্ৰেছৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল ২৪ ছেপ্টেম্বৰত আৰম্ভ হ’ব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ আছিল ৩০ ছেপ্টেম্বৰ।ইতিমধ্যে শশী থাৰুৰেও তীব্ৰ গতিত নিৰ্বাচনী প্ৰচাৰ চলাই আছে।