NORTHEAST NOW (Assamese)

পদক জয়ৰ বাবে সকলো এৰিবলৈ সাজু আছো : লাভলিনা বৰগোহাঁই

October 24, 2018 7:55 am · এন ই নাও নিউজ
লাভলিনা বৰগোহাঁই : ফাইল ফটো।

‘বিশ্ব বক্সিং চেম্পিয়নশ্বিপত পদক জয় কৰাটোৱে হৈছে বৰ্তমান সময়ত মোৰ একমাত্ৰ তথা আটাইতকৈ ডাঙৰ লক্ষ্য। সেয়ে মই দিনে নিশাই অনুশীলন কৰি আছো। লক্ষ্যভ্ৰস্ত নহ’বলৈকে মই পোলেণ্ডৰ পৰা আহি ঘৰলৈ যোৱা নাই। কেৱল উন্নত প্ৰদৰ্শনৰ বাবেই মই শিৱিৰতে থাকি নিয়মীয়াকে অনুশীলন চলাই গৈছো’। এই মন্তব্য অসমৰ প্ৰতিভাৱান মহিলা বক্সাৰ লাভলিনা বৰগোহাঁই ৰ।

সম্প্ৰতি নতুন দিল্লীৰ ভাৰতীয় বক্সিং দলৰ শিৱিৰত অনুশীলনত ব্যস্ত থকা লাভলিনাই নিজৰ মনৰ ভাব এইদৰে ব্যক্ত কৰে। তেওঁ লগতে কয় ‘বিশ্ব বক্সিঙত পদক জয়ৰ সপোন বাস্তৱত ৰূপ দিয়াৰ বাবে মই সকলো ত্যাগ কৰিবলৈ সাজু আছো’।

‘গ’ল্ড ক’ষ্ট কমনৱেল্থ গেইমছত সামান্য ভুলৰ বাবে দেশবাসীক পদক উপহাৰ দিব নোৱাৰিলো। কিন্তু এইবাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত যাতে পদকশূণ্য হৈ নৰয় সেয়াই মোৰ লক্ষ্য’। এইদৰে কয় লাভলিনাই।

উল্লেখ্য যে অহা ১৫-২৪ নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হ’ব আইবা মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাখনৰ বাবে ইতিমধ্যে ভাৰতৰ ১০ জনীয়া দল ঘোষণা কৰিছে। ১০ জনীয়া দলটোত লাভলিনাৰ লগতে স্থান লাভ কৰিছে অসমৰ আন এগৰাকী প্ৰতিভাৱান বক্সাৰ ভাগ্যৱতী কছাৰীয়ে।

Related News