• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাছাৰ আৰু নগাওঁ কাগজকল পুনৰুজ্জীৱিতকৰণৰ দাবীত ২২ নৱেম্বৰত বৰাক বন্ধৰ আহ্বান

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
October 24, 2018 7:23 am
PapaerMill Action Committee

এইচ্ছ পি চি পেপাৰ মিলছ ৰিভাইভেল একশ্যন কমিটীৰ সংবাদমেল।

260
VIEWS
Share on FacebookShare on Twitter

কাছাৰ কাগজ কল আৰু নগাওঁ কাগজ কলক পুনৰুজ্জীৱিত কৰি তুলিবলৈ বাৰম্বাৰ অনুৰোধ, দাবী-প্ৰতিবাদ ইত্যাদিয়েও গা লৰাব পৰা নাই কেন্দ্ৰীয় চৰকাৰৰ। ফলত অন্ধকাৰ ভৱিষ্যতৰ পিনে ঠেলি দিয়া শ শ কৰ্মচাৰীৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি এইচ্ছ পি চি পেপাৰ মিলছ ৰিভাইভেল একশ্যন কমিটীয়ে আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছে। কমিটীয়ে যোৱা ২৬ ছেপ্টেম্বৰত ৬ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে যদিও তাৰ পিছতো কোনো সঁহাৰি নাপালে কেন্দ্ৰীয় চৰকাৰৰ পৰা।

এই কাৰণতে কাগজ কল দুটা পুনৰুজ্জীৱিত কৰাৰ দাবীত পুনৰ আন্দোলনৰ পথ ল’বলৈ বাধ্য হৈছে একশ্যন কমিটী।

২৬টাতকৈও অধিক সংগঠনৰ দ্বাৰা গঠিত একশ্যন কমিটীয়ে ২৩ অক্টোবৰত এখন সংবাদ মেলত জনোৱামতে, তেওঁলোকে অহা ২২ নৱেম্বৰত এই দাবীত বৰাক উপত্যকা বন্ধৰ আহ্বান জনাব।

একশ্যন কমিটীৰ মুখ্য আহ্বায়ক মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে কয় যে উক্ত দিনা বৰাক বন্ধৰ লগতে ৰে’ল ৰোকো কাৰ্য্যসূচী ল’ব।

চক্ৰৱৰ্তীয়ে কয়, “যোৱা ৩ অক্টোবৰত মধ্য প্ৰদেশত থকা নেপা পেপাৰ মিল পুনৰুজ্জীৱিত কৰাৰ বাবে কেন্দ্ৰই ৪৬৯ কোটি টকাৰ পেকেইজত অনুমোদন দিছে। কিন্তু অসমত আমাৰ সমস্যা সমাধানৰ বাবে না ৰাজ্য চৰকাৰ না কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিছে। কেন্দ্ৰীয় চৰকাৰৰ এই বৈষম্যমূলক আচৰণ আৰু অসম চৰকাৰৰ নিস্পৃহতাই আমাক পুনৰ আন্দোলনৰ পথ ল’বলৈ বাধ্য কৰিলে।”

তেওঁ লগতে কয়, “আমি আমাৰ আগন্তুক প্ৰতিবাদী কাৰ্য্যসূচী সন্দৰ্ভত বৰাকৰ তিনিওখন জিলা কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ উপায়ুক্তকেইজনক লিখিতভাৱে জনাইছো।”

 উল্লেখযোগ্য যে ২০১৭ চনৰ ১৩ মাৰ্চৰ পৰা নগাওঁ কাগজকলৰ উৎপাদন বন্ধ হৈ থকাৰ বিপৰীতে ২০১৫ চনৰ অক্টোবৰৰ পৰা কাছাৰ কাগজকল বন্ধ হৈ আছে। ফলত ইয়াত কৰ্মৰত শ শ কৰ্মচাৰীৰ পৰিয়ালত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কেইবাবাৰো প্ৰতিশ্ৰুতি দিও কাগজকল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে কোনো কাৰ্য্যকৰী ব্যৱস্থা লোৱা নাই।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd