• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পৰিস্থিতিৰ সৈতে কিদৰে মোকাবিলা কৰিব লাগে সেয়া মই শিকিলো : ৰিয়ান

অভিষেক ছিজনতে এনেধৰণৰ প্ৰদৰ্শন দেখুৱাব পৰা বাবে বহুত আনন্দিত : ৰিয়ান

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 7, 2019 4:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আই পি এলৰ চলিত ছিজনত ৰাজস্থান ৰয়েলছৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি চিজন সামৰা ৰিয়ান পৰাগে আজি তেওঁৰ বাসগৃহত এক সংবাদমেল আয়োজন কৰি আই পি এলত লাভ কৰা সাফল্য তথা অভিজ্ঞতা সম্পৰ্কে বৰ্ণনা কৰে।

দুই-তিনিটা ইনিংছৰ জৰিয়তে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ৰিয়ানে ৰাজস্থান ৰয়েলছৰ টিম মেনেজমেণ্টক অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয়, ‘প্ৰথম ছিজনতে ইমান কেইখন মেচ খেলিব পাম বুলি ভবা নাছিলো। কিন্তু মেচ খেলাৰ সুযোগ পাই এনেধৰণৰ প্ৰদৰ্শন দেখুৱাব পৰা বাবে বহুত আনন্দিত হৈছো’।

Apply Now

সৰুৰে পৰা টিভিত দেখি অহা খেলুৱৈ সকলক ড্ৰেছিং ৰুমত ওচৰৰ পৰা লগ পাই খুবেই আনন্দিত বুলিও মন্তব্য কৰে ৰিয়ানে। তেওঁলোকৰ সৈতে মনৰ ভাব আদান প্ৰদান কৰি নিজে বহু উৎসাহিত হৈছোঁ বুলিও ৰিয়ানে কয়।

‘তেওঁলোক বহু মুকলি মনৰ আছিল আৰু মোক বহু ভালকৈ গাইড কৰিছিল। পৰিস্থিতিৰ সৈতে কিদৰে মোকাবিলা কৰিব লাগে এই বিষয়ে মোক ভালেখিনি কথা শিকাইছে’। সংবাদমেলত এইদৰে কয় ৰিয়ানে।

ইপিনে, আই পি এলৰ কেইবাখনো খেলত ৰিয়ানে কঁকালত অসমীয়াৰ স্বাভিমান ‘গামোচা’খন লোৱাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা চৰ্চা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিয়ানে কয়, ‘অসমৰ গামোচাখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দাঙি ধৰাৰ বাবে মই গামোচা খন লগত ৰাখিছিলো। যিমানখিনি সম্ভৱ হয় সকলোকে গামোচা খনৰ বিষয়ে কবলৈ চেষ্টা কৰিছিলো’।

ৰিয়ানে এখন খেলত বিহু নৃত্য প্ৰদৰ্শন কৰাক লৈও মন্তব্য কৰে ৰিয়ানে। ‘ডোৱায়েন ব্ৰেভ’, কাইৰণ পোলাৰ্ড এ যিদৰে নৃত্য কৰে, ঠিক সেইদৰে মই অলপ বেলেগ ধৰণে নাচিবলৈ চেষ্টা কৰিছিলো। আমাৰ ইমান ধুনীয়া পৰম্পৰা আছে, গতিকে মই সেইটোকে উপস্থাপন কৰাৰ বাবে চেষ্টা কৰিছিলো’। এইদৰে কয় ৰিয়ানে।

ইয়াৰ উপৰি আই পি এলৰ স্মৰণীয় মুহুৰ্তৰ বিষয়ে সোধা প্ৰশ্নৰ উত্তৰত ৰিয়ানে কয়, ‘মই বেটিং কৰি থকাৰ সময়ত মোৰ পিছফালে মহেন্দ্ৰ সিং ধোনি উইকেট ৰক্ষক আছিল আৰু ইমৰান তাহিৰে বল কৰি আছিল, এয়ে মোৰ স্মৰণীয় মুহূৰ্ত’।

ৰিয়ানৰ এই সাফল্যৰ অন্তৰালত পিতৃ পৰাগ দাসৰ অৰিহনা যথেষ্ট আছে বুলিও ক্ৰিকেটাৰগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, ‘এই সফলতাৰ আঁৰত আছে মোৰ পিতৃ। যদি সৰুৰে পৰা দেউতাক ক্ৰিকেট খেলা দেখা নাপালোঁহেঁতেন, মই মোৰ যাত্ৰা আৰম্ভ কৰিব নোৱাৰিলোঁহেতেন। দেউতাক চাই চাই মই ক্ৰিকেট খেলা আৰম্ভ কৰিছিলো।”

আনহাতে ভাৰতীয় ক্ৰিকেটৰ আটাইতকৈ সফলতম অধিনায়ক তথা বিশ্বৰ শ্ৰেষ্ঠ উইকেট ৰক্ষক হিচাপে বিবেচিত মহেন্দ্ৰ সিং ধোনীৰ সন্দৰ্ভতো ৰিয়ানে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

‘মেচৰ অন্তত ধোনীৰ লগত মই ৫-১০ মিনিট কথা পাতিছিলোঁ। ধোনীয়ে মোক approach কৰিছিল কেনেদৰে খেলিব লাগে। ধোনীৰ সৈতে অধিক সময় কথা পাতি আৰু অলপ জ্ঞান ল’ব পাৰিলে ভাল লাগিব’। ধোনী সন্দৰ্ভত এই মন্তব্য ৰিয়ানৰ।

ইফালে অসমৰ আন আন ক্ৰিকেটাৰ সকলো যাতে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব পাৰে তাৰ বাবেও কামনা কৰে ৰিয়ানে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm
বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ বদৰুদ্দিন আজমল! আকৌ আক্ৰমণ গৌৰৱ গগৈৰ

October 23, 2026 5:17 pm
ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

ভাল খবৰ! বিশ্বৰ তাৰকা খেলুৱৈ আকানে য়ামাগুচিক হৰুৱাই ফ্ৰেঞ্চ অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত অসমৰ অস্মিতা চলিহা

October 23, 2026 4:17 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰম ব্যৰ্থতা! এবছৰেও সম্পূৰ্ণ নহ’ল জুবিনক্ষেত্ৰৰ নিৰ্মাণ, প্ৰশ্ন গৌৰৱ গগৈৰ

October 23, 2026 9:00 pm
সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

সাৱধান! এছ বি আইৰ ছাইবাৰ আক্ৰমণত ৩,৮৯৭ গ্ৰাহকৰ তথ্য ফাদিল

October 23, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd