• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘এই ঘৃণা হয়তো মোৰ প্ৰাপ্য’ : সামাজিক মাধ্যমত ককৰ্থনাৰ সন্মুখীন হৈ অৱশেষত ক্ষমা বিচাৰিলে প্ৰণীত ম’ৰে

“মোৰ অনুষ্ঠানৰ ভিডিঅ’টো আপোনালোকে হয়তো দেখিছে। তাৰ বাবে মই যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছোঁ। মোৰ অনুভৱ হৈছে, এই ঘৃণা হয়তো মোৰ প্ৰাপ্য।”

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2026 4:27 pm
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

৩৭০ টকাৰ বিৰিয়ানীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ বাবে পুনৰ ক্ষমা বিচাৰিছে ষ্টেণ্ড-আপ কমেডিয়ান প্ৰণীত ম’ৰে। গুৰুগ্ৰামত অনুষ্ঠিত তেওঁৰ এটা অনুষ্ঠানৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিছতেই ব্যাপক সমালোচনাৰ সন্মুখীন হৈছিল কমেডিয়ানগৰাকী। এইবাৰ এটা ভিডিঅ’ বাৰ্তাৰ জৰিয়তে তেওঁ স্বীকাৰ কৰিছে যে অনুষ্ঠানৰ সময়ত আপত্তিজনক মন্তব্য কৰা দৰ্শকজনক তৎক্ষণাত বাধা নিদিয়াটো তেওঁৰ ডাঙৰ ভুল আছিল।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোত প্ৰণীত ম’ৰে কয় যে তেওঁ বহু আগতেই বিষয়টো সন্দৰ্ভত নিজৰ বক্তব্য প্ৰকাশ কৰিব বিচাৰিছিল। কিন্তু তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্ট বন্ধ হৈ থকাৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল। তেওঁ কয়, “মোৰ অনুষ্ঠানৰ ভিডিঅ’টো আপোনালোকে হয়তো দেখিছে। তাৰ বাবে মই যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছোঁ। মোৰ অনুভৱ হৈছে, এই ঘৃণা হয়তো মোৰ প্ৰাপ্য।”

Apply Now

প্ৰণীত ম’ৰৰ অনুষ্ঠানত দৰ্শকৰ সৈতে হোৱা কথোপকথনৰ সময়ত হিমাংশু জাংৰা নামৰ এজন ব্যক্তিয়ে এটা ডেটৰ অভিজ্ঞতা বৰ্ণনা কৰিছিল। তেওঁ দাবী কৰিছিল যে এগৰাকী মহিলাৰ সৈতে খাবলৈ গৈ এখন প্লেট চিকেন বিৰিয়ানীৰ বাবে ৩৭০ টকা খৰচ কৰাৰ পিছত তেওঁ তাৰ বিনিময়ত কিবা এটা লাভ কৰাৰ আশা কৰিছিল। তেওঁৰ এই মন্তব্যক বহু লোকে মহিলাৰ প্ৰতি অপমানজনক আৰু অসংবেদনশীল বুলি সমালোচনা কৰে।

প্ৰথম অৱস্থাত ভাইৰেল হোৱা ভিডিঅ’টোত হিমাংশু জাংৰাৰ কেৱল কেইটামান মন্তব্যহে দেখা গৈছিল। পিছত অনুষ্ঠানটোৰ এটা দীঘলীয়া ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ পায়। সেই ভিডিঅ’ত তেওঁ এগৰাকী মহিলাৰ সৈতে তেওঁৰ আচৰণৰ বিষয়ে অধিক আপত্তিজনক মন্তব্য কৰা দেখা যায়। অনুষ্ঠানস্থলীত সেই সময়ত হাঁহি-ধেমালি চলি থকাক লৈও সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

নিজৰ ক্ষমা প্ৰাৰ্থনাৰ ভিডিঅ’ত প্ৰণীত ম’ৰে কয়, “তেওঁ আপত্তিজনক মন্তব্য কৰাৰ সময়ত মই বিচাৰিলে তাতেই তেওঁক বাধা দিব পাৰিলোঁহেঁতেন। কিন্তু মই সেয়া নকৰিলোঁ। ফলত বিষয়টো অধিক বেছি বিয়পি পৰিল। ইয়াৰ বাবে যিসকল লোকে আঘাত পাইছে, তেওঁলোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ।”

কমেডিয়ানগৰাকীয়ে লগতে কয় যে তেওঁৰ বিৰুদ্ধে চলি থকা আইনী প্ৰক্ৰিয়াত তেওঁ কৰ্তৃপক্ষৰ সৈতে সহযোগিতা কৰি আছে। তেওঁ জনসাধাৰণৰ ওচৰত আৰু এটা সুযোগ বিচাৰি কয় যে ভৱিষ্যতে তেওঁ অধিক দায়িত্বশীল ব্যক্তি হিচাপে নিজকে প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd