DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, October 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

১৫ লাখৰ আশাত লালুৱে খুলিছিল একাউণ্ট! পিছে হ’ল ফুটুকাৰ ফেন

মোদীক সূৰ্যলোকলৈ পথাবলৈ ইছৰ’ক আহ্বান জনালে লালু প্ৰসাদ যাদৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2023 12:51 pm
INDIA Lalu Prasad Yadav
122
VIEWS
Share on FacebookShare on Twitter

১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰ্চাৰৰ সময়্ত উচ্চ কণ্ঠৰে দেশবাসীক আশা দেখাইছিল নৰেন্দ্ৰ মোদীয়ে। বিদেশত জমা হৈ থকা ক’লা ধন ঘূৰাই অনাৰো প্ৰতিশ্ৰুতি দিছিল। এই প্ৰসংগতে মোদীয়ে কৈছিল, এই ধন দেশলৈ ঘূৰি আহিলে দেশবাসীৰ একাউণ্টত সোমাব ১৫ লাখ টকাকৈ। মোদীৰ এই কথাত স্বপ্ন দেখিছিল দেশবাসীয়ে।

পিছে ১৪ ৰ পৰা ২৩ লৈ ৯ বছৰ উকলি গ’ল। অসাৰ হ’ল মোদীৰ ভাষণ, দেশবাসীৰো স্বপ্নভংগ হ’ল। একাউণ্টত নোসোমাল ১৫ লাখ টকা। কেৱল সাধাৰণ জনতা বুলিয়ে নহয়, মোদীৰ এই অসাৰ প্ৰতিশ্ৰুতিয়ে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰো আশাভংগ কৰিলে। খোদ লালুৱে স্বীকাৰ কৰিছে এই ক্থা।

কালি INDIA ৰ মুম্বাই বৈঠকৰ পিছতে মোদীক কটাক্ষ কৰি লালু প্ৰসাদ যাদৱে মোদীৰ ১৪ চনৰ উক্ত ভাষণটোৰ কথা সোঁৱৰাই দিয়ে। লালুৱে উল্লেখ কৰা মতে, মোদীৰ এই ভাষণৰ পিছতে ১৫ লাখৰ আশাত তেওঁ এতা একাউণ্ট খুলিছিল। লগতে পৰিয়ালৰ আন ১১ সদস্যৰ একাউণ্টতো ১৫ লাখ টকাকৈ সোমাব বুলি আশা কৰিছিল।

বিজেপিয়ে এইদৰেই উৰাবাতৰি আৰু মিছা খবৰ বিয়পাই ক্ষমতালৈ আহিছিল বুলি তেওঁ অভিযোগ কৰে। ইফালে চন্দ্ৰযান-৩ ৰ সফলতাৰ পিছত আজি সূৰ্য অভিযানৰ বাবে সাজু হোৱা ইছৰ’ৰ বিজ্ঞানীসকলকো এক আজৱ আহ্বান জনাইছে লালুৱে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সূৰ্যলোকলৈ পঠোৱাৰ বাবে প্ৰস্তুতি চলাবলৈ ইছৰ’ৰ বিজ্ঞানীসকলক তেওঁ আহ্বান জনায়।

লালুৰ মতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সূৰ্যলোকলৈ গ’লে তেওঁৰ নাম পৃথিৱীত বিখ্যাত হ’ব। সেয়েহে দশেৰাৰ পিছতে মোদীক সূৰ্যলোকলৈ পঠোৱাৰ বাবে প্ৰস্তুতি কৰিব লাগে আৰু মোদী যাবলৈ সাজু হ’ব লাগে বুলি ৰসাল মন্তব্য কৰে বয়োজ্যষ্ঠ নেতাগৰাকীয়ে।

আনহাতে INDIA মিত্ৰজোঁটে মোদীক ক্ষমতাৰ পৰা আঁতৰাই দেশক ৰক্ষা কৰিব বুলি দৃঢ়তাৰে মন্তব্য কৰিছে লালুৱে।  ‘বিজেপি হাটাও, দেশ বাচাও’ৰ সফলতাৰ বাবে মিত্ৰজোঁটৰ অংশীদাৰসকলৰ মাজত সুবিধাজনকভাৱে আসন ভাগ-বতৰা কৰা হ’ব বুলি উল্লেখ কৰি সকলো দল একত্ৰিত হৈ শক্তিশালীভাৱে যুঁজি, আনকি লোকচান বহন কৰিয়ো INDIAক শক্তিশালী কৰা হ’ব বুলি মন্তব্য কৰে।

৭৫ বৰ্ষীয় নেতাগৰাকীয়ে লগতে কয় যে অসুস্থতাৰ বাবে তেওঁৰ শৰীৰত বহু অপাৰেচন কৰা হৈছে যদিও এতিয়াও তেওঁ যুঁজিবলৈ সাজু আৰু INDIAৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীক ক্ষমতাৰ পৰা উৎখাত কৰাৰ বাবে সংকল্প লৈছে।

Recent News

Rhino carcass found in Kaziranga

কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

protest against NPS

মানি লোৱা নহ’ব নতুন পেঞ্চন নীতি! হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে কঁপালে দিল্লী

Bangladeshi woman visits UP to meet boyfriend

ভাৰতীয় প্ৰেমিক ওলাল বিবাহিত! ভঙা হৃদয়েৰে স্বদেশলৈ উভতিল বাংলাদেশী মহিলা

Asian Games 2023

এছিয়ান গেমছ: ইতিহাস ৰচি স্বৰ্ণ জিনিলে অবিনাশে, শ্বটপুটত তাজিন্দৰপাল সিঙৰ স্বৰ্ণ জয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd