• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

ফুটুকাৰ ফেন চৰকাৰৰ আশ্বাস: ক্ষোভিত সাক্ষী মালিকে ল’লে কেৰিয়াৰ সামৰাৰ সিদ্ধান্ত

আধিপত্য আছিল, আধিপত্য অব্যাহত থাকিব! ব্ৰিজ ভূষণৰ হুংকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2023 7:52 pm
WFI Brij Bhushan Sharan Singh Sakshee Malikkh
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত ন্যায়ৰ দাবীৰে দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলে চলোৱা দীৰ্ঘদিনীয়া আন্দোলনক কৰা হ’ল চৰমতম অপমান। যৌন নিৰ্যাতনৰ অভিযোগত কৰা প্ৰতিবাদৰ পিছত মল্লযুঁজাৰুসকলে দাঙি ধৰা চৰ্তাৱলীক অংগুষ্ঠ প্ৰদৰ্শন কৰি ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে ব্ৰিজ ভূষণ শৰণ সিঙৰ এক ঘনিষ্ঠ সহযোগী।

মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ব্রিজ ভূষণৰ এগৰাকী ঘনিষ্ঠ সহযোগী সঞ্জয় সিং আজি ফেডাৰেচনৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হয়। প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে ফেডাৰেচনৰ নিৰ্বাচনত ব্ৰিজ ভূষণৰ কোনো আত্মীয় তথা সহযোগীক অৱতীৰ্ণ হোৱাত বাধা আৰোপ কৰিবলৈ দাবী জনাইছিল।

Apply Now

মল্লযুঁজাৰুসকলৰ এই দাবীৰ প্ৰতি সঁহাৰি জনাই দেশৰ ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰেও এই বিষয়ত তেওঁলোকক আশ্বস্ত কৰিছিল। কিন্তু মল্লযুঁজাৰুসকলৰ এই চৰ্ত ভংগ কৰি আজি ফেডাৰেচনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে ব্ৰিজ ভূষণৰ ঘনিষ্ঠ সহযোগী সঞ্জয় সিং। ইয়াৰ কিছু সময়ৰ পাছতে এক সংবাদমেলত ক্ষোভ আৰু অপমানত ভাগি পৰা দেশৰ আগশাৰীৰ মল্লযুঁজাৰুসকল।

দেশৰ এগৰাকী তাৰকা মল্লযুঁজাৰু অলিম্পিক পদক বিজয়ী সাক্ষী মালিকে এই সংবাদমেলতে কন্দনৰত অৱস্থাৰে মল্লযুঁজ ত্যাগ কৰাৰ কথা ঘোষণা কৰে৷ মালিকৰ লগতে ফেডাৰেচনৰ এই ফলাফলত হতাশা প্ৰকাশ কৰে আন্দোলনৰ নেতৃত্ব বহন কৰা দেশৰ দুগৰাকী শীৰ্ষ মল্লযুঁজাৰু বিনেশ ফ’গাট আৰু বজৰং পুনিয়াই। তাৰকাগৰাকীয়ে নিজৰ মল্লযুঁজ কেৰিয়াৰৰ ভৱিষ্যত অন্ধকাৰত সোমাই পৰা বুলি মন্তব্য কৰে।

সংবাদ মাধ্যমৰ সৈতে হোৱা মত বিনিময়ৰ সময়ত কমনৱেলথ তথা এছিয়ান গেমছৰ স্বৰ্ণজয়ী বিনেশ ফ’গাটে শোকাৰ্ত কণ্ঠৰে এতিয়া সঞ্জয় সিং ফেডাৰেচনৰ মুৰব্বী হিচাপে নিৰ্বাচিত হোৱাৰ পিছত মহিলা মল্লযুঁজাৰুসকল হাৰাশাস্তিৰ সন্মুখীন হ’ব লাগিব বুলি শংকা প্ৰকাশ কৰে। দেশত কেনেকৈ ন্যায় বিচাৰিব পাৰি তাৰ কোনো তথ্য নাই বুলিও ক্ষোভ প্ৰকাশ কৰে তাৰকাগৰাকীয়ে।

আনহাতে অলিম্পিক ব্ৰঞ্জ জয়ী বজৰং পুনিয়াই চৰকাৰে মল্লযুঁজাৰুসকলক দিয়া প্ৰতিশ্ৰুতি পূৰণ নহ’ল আৰু সেয়া দুৰ্ভাগ্যজনক বুলি ক্ষোভ প্ৰকাশ কৰে। তেওঁ কয়, “আমি কোনো দলৰ সৈতে জড়িত নহয়, আমি ৰাজনীতিৰ বাবে অহা নাছিলো। আমি সত্যৰ বাবে যুঁজ চলাইছিলো, কিন্তু আজি ব্রিজ ভূষণ শৰণ সিঙৰ এজন সহায়ক ফেডাৰেচনৰ সভাপতি হৈছে।”

ইফালে শোকত ভাগি পৰা তাৰকা মল্লযুঁজাৰু সাক্ষী মালিকে সিঙৰ সভাপতি নিৰ্বাচনত চূড়ান্ত ক্ষোভ প্ৰকাশ কৰি তেওঁলোকে মল্লযুঁজ ফেডাৰেচনে এগৰাকী মহিলা মুৰব্বী লাভ কৰিব বুলি আশা কৰিছিল যদিও কাৰ্যত: সেয়া নহ’ল বুলি মন্তব্য কৰে। তেওঁ লগতে অত্যন্ত ক্ষোভেৰে নতুন সভাপতি যদি ব্রিজ ভূষণৰ সহায়ক তথা তেওঁৰ ব্যৱসায়িক সহযোগী হয়, তেন্তে মল্লযুঁজ কৰিলো বুলি ঘোষণা কৰে৷

উল্লেখ্য যে, চলিত বৰ্ষৰ জানুৱাৰী মাহত মল্লযুঁজাৰু তিনিগৰাকীৰ নেতৃত্বত দেশৰ আগশাৰীৰ মল্লযুঁজাৰুসকলে যন্তৰ মন্তৰত ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে আন্দোলনত নামি পৰিছিল। সিঙৰ বিৰুদ্ধে কেইবাগৰাকীও মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ দাবী জনাইছিল প্ৰতিবাদী মল্লযুঁজাৰুসকলে৷

এই আন্দোলনৰ ফলত চৰকাৰে তদন্তৰ নিৰ্দেশ দিয়াৰ পিছতে মল্লযুঁজাৰুসকলে প্ৰতিবাদ বাতিল কৰে। চৰকাৰে লগতে মল্লযুঁজাৰুসকলক ব্রিজ ভূষণ শৰণ সিঙৰ কোনো সহায়ক বা আত্মীয়ই মল্লযুঁজ সংস্থাটোৰ পৰৱর্তী নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ’ব বুলিও আশ্বাস দিয়ে৷ কিন্তু চৰকাৰৰ এই আশ্বাস আজি কাৰ্যত: মিথ্যা প্ৰমাণিত হয়।

ইফালে ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙে ফেডাৰেচনৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰাৰ কিছু সময়ৰ পাছতে যৌন নিৰ্যাতনত অভিযুক্ত ফেডাৰেচনৰ পূৰ্ব সভাপতি ব্রিজ ভূষণ শৰণ সিঙে কৰে এক চাঞ্চল্যকৰ মন্তব্য। সিঙে ঘোষণা কৰে, “আধিপত্য আছিল, আধিপত্য অব্যাহত থাকিব।” এনে হুংকাৰে সিঙে মূলত: স্পষ্টকৈ মল্লযুঁজাৰুসকলক সকীয়নি দিয়া বুলি চৰ্চা চলিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm
ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

ৰাজ্যৰ বিদ্যালয়সমূহত খালী হৈ আছে ৩০ হাজাৰ শিক্ষকৰ পদ; বিধানসভাত জনালে শিক্ষামন্ত্ৰী ৰাণোজ পেগুৱে

July 9, 2026 5:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd