মহাৰাষ্ট্ৰত আয়কৰ বিভাগৰ অভিযান: ৩৯০ কোটি টকা মূল্যৰ বেনামী সম্পত্তি জব্দ

Rs 390 crore illegal property seized in Maharashtra

মহাৰাষ্ট্ৰত এগৰাকী ষ্টীল, কাপোৰ আৰু ৰিয়েল ইষ্টেট ব্যৱসায়ীৰ চৌহদত অভিযান চলাই আয়কৰ বিভাগে জব্দ কৰিছে ৩৯০ কোটি টকা মূল্যৰ অবৈধ সম্পত্তি। বিগত এটা সপ্তাহ ধৰি আয়কৰ বিভাগৰ অভিযানৰ অন্তত এই বেনামী সম্পত্তিৰ তথ্য ফাদিল হৈছে।

আয়কৰ বিভাগৰ নাছিক শাখাই কৰ ফাঁকিৰ অভিযোগৰ ভিত্তিত ব্যৱসায়ী গৰাকীৰ জালনা আৰু ঔৰঙ্গাবাদ চহৰৰ কাৰ্যালয় তথা বাসগৃহৰ লগতে একাধিক স্থানত তালাচী চলাইছিল।

প্ৰকাশিত খবৰ অনুসৰি আয়কৰ বিভাগে জালনাৰ ব্যৱসায়ীগৰাকীৰ বিৰুদ্ধে ফাঁকিৰ অভিযোগৰ বিষয়ে তথ্য পোৱাৰ পিছত ৰাজ্যখনৰ প্ৰায় ২৬০ গৰাকী বিষয়াক লৈ পাঁচটা দল গঠন কৰিছিল।

এই দলকেইটাই বিভিন্ন স্থানত একে সময়তে অভিযানত নামি পৰিছিল। বিভাগৰ অভিযান কালত এই বৃহৎ পৰিমাণৰ সম্পত্তিৰ তথ্য পোহৰলৈ আহে।

অভিযানত ব্যৱসায়ীগৰাকীৰ পৰা ৫৮ কোটি টকা হিচাপ বিহীন নগদ ধনো উদ্ধাৰ কৰা হয়। তদুপৰি প্ৰায় ৩২ কিলোগ্ৰাম সোণ, হীৰা তথা বৃহত্তৰ পৰিমাণৰ মূল্যবান মুকুতাও আয়কৰ বিভাগে জব্দ কৰিছে।

অভিযানৰ দায়িত্বত থকা এগৰাকী শীৰ্ষ কৰ বিষয়াই জানিবলৈ দিয়া মতে জব্দ কৰা নগদ ধনৰ সঠিক পৰিমাণ গণনা কৰিবলৈ প্ৰায় ১৩ ঘণ্টা সময়ৰ প্ৰয়োজন হৈছিল।

অভিযানটোত ১২০ খনতকৈও অধিক বাহন ব্যৱহাৰ কৰা হৈছিল বুলিও তেওঁ লগতে কয়।

অৱশ্যে বৰ্তমানলৈকে আয়কৰ বিভাগে অভিযুক্ত উদ্যোগপতিজনৰ বিষয়ে বিতং তথ্য প্ৰকাশ কৰা নাই।