ভাৰতীয় বায়ু সেনা বাহিনীৰ ইষ্টাৰ্ণ এয়াৰ কামাণ্ডে (ই এ চি) বুধবাৰৰ পৰা পাঁচখন ৰাজ্যৰ ছয়টা বিমান বন্দৰৰ পৰা ইয়াৰ যুঁজাৰু বিমানৰ চলাচলৰ অনুশীলন আৰম্ভ কৰিছে।
এই বিমানবন্দৰ ছয়টা হ’ল ডিমাপুৰ (নাগালেণ্ড), ইম্ফল (মণিপুৰ), গুৱাহাটী (অসম), কলকাতা (পশ্চিমবংগ),পাচিঘাত (অৰুণাচল প্ৰদেশ) আৰু অণ্ডাল (পশ্চিমবংগ)।
বায়ু সেনাবাহিনীয়ে ছুখয়-৩০ এমকেআই (SU 30 MKi) আৰু হাৱক-১৩২ ৰে এই চলাচল আৰম্ভ কৰিছে।
জানিব পৰা মতে, এই অনুশীলন দুটা পৰ্যায়ত সম্পন্ন কৰা হ’ব।
বুধবাৰৰ পৰা আৰম্ভ হোৱা প্ৰথম পৰ্যায়ৰ অনুশীলন অক্টোবৰৰ ১৯ তাৰিখলৈ চলিব।
দ্বিতীয় পৰ্য্যায়ৰ অনুশীলন অক্টোবৰৰ ২৯ তাৰিখৰ পৰা আৰম্ভ হৈ নবেম্বৰৰ ১ তাৰিখলৈ চলিব।
শত্ৰু ৰাষ্ট্ৰৰ সৈতে সংঘাত হ’ব পৰা অঞ্চলত ভাৰতীয় বায়ু সেনা বাহিনীৰ শক্তি বৃদ্ধি কাৰ্য্যক্ৰমৰ ভিতৰৰ এক অংশ হ’ব এই অনুশীলন।
অনুশীলনৰ সময়ত ভাৰতীয় বায়ু সেনা বাহিনীৰ যুঁজাৰু বিমানৰ পাইলট সকলক ব্যস্ত বিমান বন্দৰৰ পৰা উৰণ আৰু অসামৰিক লোকৰ সৈতে সংঘবদ্ধ হৈ কাম কৰাৰ ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া হ’ব বুলি বিভাগীয় বিবৃতিত প্ৰকাশ কৰা হয়।
এই ধৰণৰ প্ৰশিক্ষণে সামৰিক অভিযানৰ সময়ত ব্যস্ত বিমান বন্দৰৰ পৰা কেনেদৰে আকাশী আক্ৰমণ চলাব পাৰি সেই সম্পৰ্কত অভিজ্ঞতা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
সূত্ৰ মতে, ইম্ফলত ১০৬ স্কোৱাড্ৰণৰ দুখন যুঁজাৰু বিমান আৰু ডিমাপুৰত ১০২ স্কোৱাড্ৰণৰ দুখন যুঁজাৰু বিমান মোতায়ন কৰা হৈছে।
আনহাতে, তেজপুৰৰ পৰা ৫ খন আৰু ডিব্ৰুগড়ৰ পৰা ২ খন মুঠ সাতখন ছুখয়-৩০ যুঁজাৰু বিমান কলকাতাত মোতায়ন কৰা হৈছে।