দহ বছৰলৈ আইচিচি টুৰ্নামেণ্টৰ সূচী প্ৰকাশ, দীৰ্ঘ দিনৰ বিৰতিৰ মূৰত আন্তঃৰাষ্ট্ৰীয় টুৰ্নামেণ্ট অনুষ্ঠিত হ’ব পাকিস্তানত

ICC tournament schedule released for ten years

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ, চমুকৈ ICC -এ প্ৰকাশ কৰিছে অহা দৰ বছৰৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্নামেণ্টৰ সময়সূচী। আইচিচিয়ে মঙলবাৰে ২০৩১ চনলৈকে টি-২০ আৰু এদিনীয়া বিশ্বকাপ আৰু চেম্পিয়নছ ট্ৰফীৰ আয়োজক দেশসমূহৰ নাম ঘোষণা কৰিছে।

এই দহ বছৰত অনুষ্ঠিত হ’বলগীয়া ৯ খন টুৰ্নামেণ্টৰে চাৰিটা ৪ খন টুৰ্নামেণ্ট আয়োজনৰ স্বত্ব লাভ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। বিশ্ব ক্ৰিকেটৰ সৰ্বোচ্চ পৰিচালনা সমিতি আইচিচি-এ আন এটা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত টি-২০ বিশ্বকাপ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে আইচিচি- এ।

উল্লেখ্য যে বিচিচিআই ২০২০ টি-২০ বিশ্বকাপ আয়োজনৰ দায়িত্বত আছিল। কিন্তু ক’ভিদ মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই বিশ্বকাপ ইউ.এ.ই লৈ স্থানান্তৰ কৰা হৈছিল। ইতিমধ্যে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ আয়োজনৰ স্বত্ব লাভ কৰিছিল ভাৰতে।

ভাৰতে শ্ৰীলঙ্কাৰ সৈতে যুটীয়াভাৱে ২০২৬ চনৰ টি-২০ বিশ্বকাপ আয়োজন কৰিব। ইয়াৰ পিছতে ২০২৯ চনত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব ভাৰতত। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) বাংলাদেশৰ সৈতে যুটীয়াভাৱে ২০৩১ চনৰ এদিনীয়া বিশ্বকাপ আয়োজন কৰিব।

 

আনহাতে দীৰ্ঘ সময়ৰ বিৰতিৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্নামেণ্ট আয়োজনৰ স্বত্ব লাভ কৰিছে পাকিস্তানে। ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফী পাকিস্তানত অনুষ্ঠিত হ’ব। আইচিচিয়ে ক্ৰিকেটক জনপ্ৰিয় কৰাৰ বাবেই এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে।

২০২৪ চনৰ পৰা ২০৩১ চনলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট টুৰ্নামেণ্ট ক’ত অনুষ্ঠিত হ’ব সেয়া চাওঁ আহক-

১. টি-২০ বিশ্বকাপ জুন ২০২৪ ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হ’ব।
২. চেম্পিয়নছ ট্ৰফী ২০২৫ চনৰ ফেব্ৰুৱাৰীত পাকিস্তানত অনুষ্ঠিত হ’ব।
৩. ২০২৬ চনৰ ফেব্ৰুৱাৰীত ভাৰত আৰু শ্ৰীলংকাত টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব।
৪. অক্টোবৰ-নৱেম্বৰ ২০২৭ চনত দক্ষিণ আফ্ৰিকা, জিম্বাবোৱে আৰু নামিবিয়াত এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ’ব।
৫. অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডে ২০২৮ চনৰ অক্টোবৰত টি-২০ বিশ্বকাপ আয়োজন কৰিব।
৬. ২০২৯ চনৰ অক্টোবৰত ভাৰতত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত হ’ব।
৭. ইংলেণ্ড-আয়াৰলেণ্ড আৰু স্কটলেণ্ডে ২০৩০ চনৰ জুনমাহত টি-২০ বিশ্বকাপ আয়োজন কৰিব।
৮. ভাৰত আৰু বাংলাদেশে ২০৩১ চনৰ এদিনীয়া বিশ্বকাপ আয়োজন কৰিব।