DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ভাৰতৰ মৌলিক চৰিত্ৰৰ ওপৰত চলিছে আক্ৰমণ! ঘৃণাৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱাৰ আহ্বান কংগ্ৰেছ সভাপতি খৰ্গেৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2022 7:56 pm
Mallikarjun Kharge hits out BJP
86
VIEWS
Share on FacebookShare on Twitter

দেশৰ প্ৰধান বিৰোধী দল ভাৰতীয় জাতীয় কংগ্ৰেছে আজি পালন কৰিলে ১৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। স্বাধীনোত্তৰ ভাৰতত অধিকাংশ সময়ৰ বাবে শাসনত থকা দলটোৰ প্ৰতিষ্ঠা দিৱসত আজি দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই ভাৰতৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে।

কংগ্ৰেছ সভাপতিগৰাকীয়ে দলৰ এই বিশেষ দিনটোত কয় যে কংগ্ৰেছে সকলোকে সামৰি লৈ আগবাঢ়ি যোৱাৰ দৃষ্টিভংগীৰ বাবে ভাৰতে অগ্ৰগতি লাভ কৰিছে। ভাৰত কেৱল এখন সফল আৰু শক্তিশালী গণতন্ত্ৰ হিচাপেই আত্মপ্ৰকাশ হোৱাই নহয়, কেইটামান দশকৰ ভিতৰতে অৰ্থনৈতিক, পাৰমাণৱিক আৰু কৌশলগত ক্ষেত্ৰত মহাশক্তি হিচাপে পৰিগণিত হ’ল বুলি মন্তব্য কৰে খৰ্গেই।

ভাষণত তেওঁ লগতে গণতন্ত্ৰৰ প্ৰতি থকা কংগ্ৰেছৰ বিশ্বাস আৰু সকলোকে লগত লৈ যোৱাৰ সৰ্বাংগীন মতাদৰ্শৰ বাবে তথা সকলোকে সম অধিকাৰ আৰু সুযোগ দিয়া সংবিধানৰ প্ৰতি সম্পূৰ্ণ বিশ্বাসৰ বাবেই এয়া সম্ভৱ হৈছিল বুলি উল্লেখ কৰে।

আনহাতে বৰ্তমানৰ শাসনাধিষ্ঠ বিজেপি নেতৃত্বাধীন চৰকাৰক লক্ষ্য কৰি আক্ৰমণাত্মক হৈ পৰে খৰ্গে। বৰ্তমান ভাৰতৰ মৌলিক চৰিত্ৰৰ ওপৰত অহৰহ আক্ৰমণ চলাই থকা হৈছে বুলি খৰ্গেই অভিযোগ উত্থাপন কৰিছে। খৰ্গেৰ মতে, ঘৃণাৰ ফলত বৰ্তমান সমাজখন বিভাজিত হৈছে; মূল্যবৃদ্ধি আৰু নিবনুৱা সমস্যাই মানুহক আঘাত কৰিছে কিন্তু এই বিষয়সমূহে চৰকাৰক আমনি কৰা নাই।

সেয়ে কংগ্ৰেছে দেশৰ যুৱক-যুৱতী, মহিলা আৰু সমাজৰ বঞ্চিত শ্ৰেণীক একত্ৰিত কৰি মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু ঘৃণাৰ বিৰুদ্ধে যুঁজত সকলোকে লগত লৈ যোৱাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে খৰ্গেই। ইতিমধ্যে ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো যাত্ৰাৰ পৰা এই কাম আৰম্ভ হৈছে বুলিও তেওঁ লগতে দোহাৰে।

খৰ্গেৰ মতে, ভাৰত জোড়ো যাত্ৰাই সঞ্জীৱনী প্ৰদান কৰি সমগ্ৰ দেশৰ কংগ্ৰেছ কৰ্মীসকলক সজীৱ কৰি তুলিছে। এই যাত্ৰাই দেশৰ জনসাধাৰণৰ ব্যাপক সমৰ্থন লাভ কৰাৰ লগতে ইয়াৰ ফলত কংগ্ৰেছৰ প্ৰতিদ্বন্দ্বী বিজেপি দলক জোকাৰি গৈছে বুলিও তেওঁ মন্তব্য কৰে।

Recent News

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

বৈৰী বান্ধৱী! ‘নিজৰ স্বাৰ্থত চিনেমাৰ পৰা মোক বাদ দিছিল ৰেখাই’: বিস্ফোৰক অভিযোগ অৰুণা ইৰাণীৰ

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

ChatGPTয়ে ধ্বংস কৰিব পাৰে Google! কোনে দিলে সতৰ্কবাণী?

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

মানুহৰ তেজৰ শিৰাৰ ভিতৰত পোৱা গৈছে খাদ্যৰ পেকেটৰ প্লাষ্টিক! বিস্ময়ত হতবাক গৱেষক

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

আৰু কিমান বাকী! পুনৰ চৰ্চাত সাৰদা কেলেংকাৰী; প্ৰয়াত অঞ্জন দত্ত, নলিনী চিদাম্বৰমৰ সম্পত্তি জব্দ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd