‘বিশ্বনাথ কাণ্ড’ৰ সৈতে এন এছ য়ু আইৰ সদস্য জড়িত থকাৰ প্ৰমাণ দিলে পুৰস্কৃত কৰিব কংগ্ৰেছে

Biswanath Congress press meet

ফটো : নৰ্থ-ইষ্ট নাও

‘যদি কোনো লোকে ত্ৰিনয়ন হাজৰিকা এন এছ য়ু আই (NSUI) ৰ সদস্য বুলি প্ৰমান কৰিব পাৰে, তেন্তে তেওঁক পুৰস্কৃত কৰা হ’ব’। বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাই আজি এক সংবাদমেল যোগে এই ঘোষণা কৰে।

উল্লেখ্য যে যোৱা ৭ এপ্ৰিলত বিশ্বনাথৰ সাপ্তাহিক বজাৰত চৌকত আলী নামৰ মুছলমান সম্প্ৰদায়ৰ এজন লোকক গো মাংস বিক্ৰী কৰাৰ বাবে স্থানীয় লোকে ৰাজপথতে ‘নিৰ্যাতন’ কৰাৰ লগতে গাহৰি মাংস খাবলৈ বাধ্য কৰোৱাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত আটক হোৱা ১০জন অভিযুক্তৰ ভিতৰত অন্যতম হৈছে ত্ৰিনয়ন হাজৰিকা।

ত্ৰিনয়ন হাজৰিকা গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা বিশ্বনাথ কাণ্ডই এক অন্য ৰূপ লোৱা পৰিলক্ষিত হৈছে। কিয়নো কিছুদিন পূৰ্বে এটা ব্যক্তিগত টিভি চেনেলত ত্ৰিনয়ন হাজিৰকা বিশ্বনাথ এন এছ য়ু আইৰ সক্ৰিয় সদস্য বুলি প্ৰচাৰ হৈছিল।

এই বাতৰিটো প্ৰকাশ হোৱাৰ পিছৰে পৰা শাসনাধিষ্ঠ বিজেপিৰ লগতে অন্যান্য দল-সংগঠনে আক্ৰমণৰ লক্ষ্য কৰি লৈছিল কংগ্ৰেছ দলক। সেয়ে বিশ্বনাথ কংগ্ৰেছে আজি এক সংবাদমেল আয়োজন কৰি এই অভিযোগ সম্পূৰ্ণৰূপে খণ্ডন কৰাৰ লগতে ঘটনাৰ সৈতে এন এছ য়ু আইৰ সদস্য জড়িত থকাৰ প্ৰমাণ দিব পাৰিলে পুৰস্কৃতহে কৰিব বুলি ঘোষণা কৰে।

দিলীপ বৰুৱাই লগতে কয় যে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱাৰ ফে’চবুক একাউন্টত আপলোড কৰা ধৃত ত্ৰিনয়ন হাজৰিকা আৰু সঞ্জু বৰুৱাৰ ২০১৭ চনৰ এখন আলোকচিত্ৰৰ ভিত্তিতহে টিভি চেনেলটোৱে সমগ্ৰ ঘটনাৰ আঁৰত কংগ্ৰেছ  জড়িত বুলি সন্দেহ কৰিছে। কিন্তু ২০১৬ত মন্ত্ৰী হিমন্তও কংগ্ৰেছতে আছিল। মন্ত্ৰীগৰাকীৰ সেই সময়ৰ আলোকচিত্ৰ এতিয়া ব্যৱহাৰ কৰি দোষ জাপি দিব নেকি বুলিও সংবাদমেল যোগে প্ৰশ্ন কৰে জিলা সভাপতি গৰাকীয়ে।

আনহাতে, বিশ্বনাথ কাণ্ডৰ সৈতে কংগ্ৰেছ জড়িত নহয় বুলি উল্লেখ কৰি সভাপতিগৰাকীয়ে ঘটনাত বিজেপি দলৰহে দুজনকৈ সদস্য জড়িত আছে বুলি উল্লেখ কৰে। তদুপৰি ঘটনাৰ লগত জড়িত সকলো দোষীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনাই সভাপতি গৰাকীয়ে।

ইফালে বিশ্বনাথৰ সাপ্তাহিক বজাৰত সংঘটিত ঘটনাৰ সমস্ত দোষ বিজেপিৰ দখলত থকা বিশ্বনাথ পৌৰ সভালৈ ঠেলি দি বিশ্বনাথ পৌৰপতি ৰুলী শৰ্মাৰ পদত্যাগৰ দাবী জনায় জিলা সভাপতিগৰাকীয়ে। কোনো ধৰণৰ নিবিদা নকৰাকৈ বিজেপি দলৰ কেইজন মান লোকৰ দ্বাৰা এই সাপ্তাহিক বজাৰখন পৌৰপতি গৰাকীয়ে চলাই আহিছে। যাৰ বাবে সাপ্তাহিক বজাৰত এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি উল্লেখ কৰে দিলীপ বৰুৱাই।