• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহাত্মা গান্ধীক লৈ পুনৰ বিতৰ্কিত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 31, 2026 3:39 pm
39
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ মিঞা বিতৰ্কক কেন্দ্ৰ কৰি বৰ্তমান ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে। এই বিষয়ত শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তেওঁ কৈছে যে যদি মহাত্মা গান্ধী আজি জীৱিত থাকিলহেঁতেন, তেন্তে তেওঁ অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে অসমীয়া মানুহৰ যুঁজখনক নিশ্চয় সমৰ্থন কৰিলেহেঁতেন। মুখ্যমন্ত্ৰীৰ মতে নিজৰ ৰাজ্যৰ অধিকাৰ আৰু পৰিচয় সুৰক্ষিত কৰাটো ঘৃণা বিয়পোৱা কাম নহয়। মহাত্মা গান্ধীৰ আজো-নাতি তুষাৰ গান্ধীয়ে কৰা এটা টুইটৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰি দিয়ে। ড° শৰ্মাই কয় যে নিৰ্বাচনৰ জৰিয়তেহে গণতন্ত্ৰত চৰকাৰ সলনি হয়, ভয়-ভাবুকি বা হেঁচা দি এজন নিৰ্বাচিত মুখ্যমন্ত্ৰীক পদৰ পৰা আঁতৰাব নোৱাৰি।

মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিহাসৰ কথা সোঁৱৰাই দি কয় যে মহাত্মা গান্ধীৰ হস্তক্ষেপৰ বাবেই এদিন অসম পাকিস্তানৰ অংশ হোৱাৰ পৰা ৰক্ষা পৰিছিল। তেওঁৰ মতে অবৈধ অনুপ্ৰৱেশৰ বিৰুদ্ধে থিয় দিয়াটো অসমীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ এক প্ৰচেষ্টাহে। তুষাৰ গান্ধীয়ে অভিযোগ কৰিছিল যে বাপুৰ ভাৰতত হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিক ঘৃণা বিয়পোৱাৰ বাবে পদৰ পৰা আঁতৰাই দিয়া হ’লহেঁতেন। তাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে তেওঁৰ স্থিতি স্পষ্ট কৰে। তেওঁ লগতে উচ্চতম ন্যায়ালয়ৰ উদ্ধৃতি দি কয় যে অসমৰ জনগাঁথনিৰ পৰিৱৰ্তন এক চিন্তনীয় বিষয়। যিটো বিষয় আদালতত উল্লেখ কৰা হৈছে, তাক কেতিয়াও সাম্প্ৰদায়িক বা ঘৃণাৰ ভাষা বুলি ক’ব নোৱাৰি।

Apply Now

ড° শৰ্মাই দাবী কৰে যে তেওঁ যিবোৰ কথা কৈছে সেইবোৰ উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণৰ ওপৰত আধাৰিত। তেওঁ কয় যে অবৈধ অনুপ্ৰৱেশকাৰীৰ বাবে অসমৰ কিছুমান জিলাৰ জনগাঁথনি সলনি হৈছে আৰু ই দেশৰ নিৰাপত্তাৰ বাবেও ভাবুকি স্বৰূপ। মুখ্যমন্ত্ৰীৰ মতে যদি নিম্ন অসমৰ জনগাঁথনি সম্পূৰ্ণ সলনি হৈ যায়, তেন্তে ভৱিষ্যতে এই অঞ্চলটো বাংলাদেশৰ সৈতে চামিল কৰাৰ দাবী উঠিব পাৰে। ইয়াৰ ফলত উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ পৰা বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা থাকে। এই সকলোবোৰ কথা তেওঁৰ নিজৰ কল্পনা নহয় বুলি তেওঁ উল্লেখ কৰে।

অৱশ্যে মুখ্যমন্ত্ৰীৰ এই মন্তব্যক তীব্ৰ সমালোচনা কৰিছে সাংসদ গৌৰৱ গগৈয়ে। গগৈয়ে অভিযোগ কৰিছে যে মুখ্যমন্ত্ৰীয়ে আদালতৰ নাম লৈ মিছা কথা কৈছে। তেওঁৰ মতে মুখ্যমন্ত্ৰীয়ে যিবোৰ শব্দ ব্যৱহাৰ কৰিছে, সেইবোৰ উচ্চতম ন্যায়ালয়ৰ নিজা শব্দ নহয়। গৌৰৱ গগৈয়ে ইয়াক এখন চৰকাৰী প্ৰতিবেদনৰ অংশহে বুলি কৈ মুখ্যমন্ত্ৰীক অসৎ আৰু নিৰ্লজ্জ ৰাজনীতি কৰা বুলি আক্ৰমণ কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে আদালতৰ মৰ্যাদা হানি কৰিছে। এনেদৰে মিঞা বিতৰ্কক লৈ বৰ্তমান শাসক আৰু বিৰোধীৰ মাজত তীব্ৰ বাকযুদ্ধ চলি থকা দেখা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে, ‘ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে’ বুলি গৌৰৱ গগৈৰ কটাক্ষ

August 12, 2026 9:25 pm
বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

বিশ্বকাপত পৰাজয়ৰ দুখ পাতলাই গাত মাহ হালধী সানিলে ফুটবলাৰ ক্রিষ্টিয়ানো ৰোনাল্ডোৱে ‎

August 12, 2026 8:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

গুজৰাটত পুনৰ চান্দীপুৰা ভাইৰাছৰ সংক্ৰমণ: দুমাহৰ ভিতৰতে ২৫টি শিশুৰ মৃত্যু

August 13, 2026 8:15 am
গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

গুৱাহাটীৰ ওচৰতে প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশন : যান্ত্ৰিক জীৱনৰ পৰা আঁতৰি বন্ধৰ দিন কটাবলৈ যাব পাৰে এইকেইটা স্থানলৈ

August 13, 2026 6:26 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd