এটা কাৰ্য্যকাল তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ চকীখন অলংকৃত কৰিলে। কিন্তু এইবাৰ তেওঁক উফৰাই মুখ্যমন্ত্ৰী হ’ল ড০ হিমন্ত বিশ্ব শৰ্মা।
তেওঁৰ পৰিচয় এতিয়া মাজুলীৰ বিধায়ক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী।
কিন্তু তেওঁৰ নতুন পৰিচয়ৰ বাবে চিন্তা চৰ্চা কৰি আছে বিজেপিৰ কেন্দ্ৰীয় তথা ৰাজ্যিক নেতৃত্বই।
চৰ্চা চলিছিল বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে পুনৰ বিবেচিত হ’ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে তেওঁৰ চকীখন এতিয়ালৈকে এৰি দিব বিচৰা নাই। পৰৱৰ্তী ৬ মাহৰ বাবে মন্ত্ৰী ৰঞ্জিত দাসেই হৈ থাকিব বিজেপিৰ ৰাজ্যিক সভাপতি।
এক বিশ্বস্ত সূত্ৰই নৰ্থ ইষ্ট নাওৰ সাংবাদিকক জনোৱা অনুসৰি শীঘ্ৰেই দিল্লী ঠিকনা হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
অচিৰেই ৰাজ্যৰ ৰাজনীতিৰ পৰা আঁতৰি পুনৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে এক নতুন পৰিচয়ৰে ধৰা দিব সৰ্বানন্দ সোণোৱাল।
সূত্ৰটোৱে জনোৱা অনুসৰি বিশ্বজিৎ দৈমাৰী পানেৰী সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হোৱা বাবে তেওঁৰ ৰাজ্যসভাৰ আসনখন খালী হৈ আছে। গতিকে উক্ত আসনৰ পৰা সৰ্বানন্দ সোণোৱালক জয়ী কৰাই নি মোদীৰ কেবিনেটত স্থান দিব বুলি সুত্ৰটোৱে দাবী কৰিছে।
এক সুত্ৰই জনোৱা অনুসৰি লো আৰু তীখা দপ্তৰ আগবঢ়াব পাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক।
আন এক সুত্ৰই দাবী কৰা মতে সোণোৱালক উত্তৰ পূৱ উন্নয়ন দপ্তৰৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰ আগবঢ়োৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
ইপিনে, সৰ্বানন্দ সোণোৱাল দিল্লীৰ ৰাজনীতিলৈ গ’লে মাজুলী সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। সুত্ৰ অনুসৰি সোণোৱালৰ হাতত পৰাজিত কংগ্ৰেছৰ প্ৰাৰ্থী তথা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু বিজেপিৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কংগ্ৰেছত থকাৰ দিনৰে পৰা পেগুৰ সম্পৰ্ক অতি মধুৰ। মুখ্যমন্ত্ৰীৰ মাজুলী ভ্ৰমণৰ সময়ছোৱাত ৰাজীৱ লোচন পেগুৱে সৌজন্যমূলক সাক্ষাৎ কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক।
কিন্তু আন একাংশ মাজুলীৰ বিজেপিৰ তৃণমূল কৰ্মীয়ে এই কথা মানি নলয় বুলি জানিব পৰা গৈছে। তেওঁলোকৰ মতে এগৰাকী পুৰণি বিজেপি নেতাকহে তেওঁলোকে প্ৰাৰ্থী হিচাপে পাব বিচাৰে। কংগ্ৰেছৰ লগত অতদিনে জৰিত হৈ বিজেপিত যোগদান কৰিয়েই টিকট লাভ কৰিলে নিশ্চয়কৈ মাজুলীৰ পুৰণি বিজেপি নেতা-কৰ্মীসকল ক্ষুণ্ণ হোৱাটো স্বাভাৱিক।
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলী এৰিলে এতিয়া পৰৱৰ্তী বিধায়ক বা মাজুলীবাসীক নেতৃত্ব দিয়াৰ ক্ষেত্ৰত কোনে অগ্ৰাধিকাৰ লাভ কৰিব তাৰ ছবিখন এতিয়াও ধুৱলি-কুঁৱলী হৈয়ে আছে।