• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home প্ৰতিৱেশী নেপাল

ৰাখে হৰি মাৰে কোন? ৩ দিন পিছত নেপালৰ ধ্বংসস্তুপৰ মাজত জীৱন্ত অৱস্থাত উদ্ধাৰ ৬ বছৰীয়া শিশুকন্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2026 7:50 pm
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নেপালৰ ভয়ংকৰ বানত চাৰিওফালে কেৱল ধ্বংস আৰু হাহাকাৰ। তাৰ মাজতে উদ্ধাৰকাৰী দললৈ যেন আহিল আশাৰ এক নতুন বতৰা। বানৰ তিনিদিন পিছত শুকুৰবাৰে সন্ধিয়া ৰসুৱা জিলাৰ তিমুৰে গাঁৱত ঘন বোকা আৰু ধ্বংসাৱশেষৰ তলৰ পৰা জীৱন্ত উদ্ধাৰ কৰা হয় মাত্ৰ ছয় বছৰীয়া এগৰাকী শিশুকন্যাক। বহু লোক এতিয়াও সন্ধানহীন হৈ থকাৰ মাজতে এই উদ্ধাৰ অভিযানক অতি গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে।

শেহতীয়াকৈ ভোতে কোশী নৈৰ পানী ওফন্দি উঠাৰ ফলত তিমুৰেসহ ৰসুৱা জিলাৰ বিস্তীৰ্ণ অঞ্চলত ভয়ংকৰ বানৰ সৃষ্টি হয়। প্ৰবল পানীৰ সোঁতে বহু ঘৰ-দুৱাৰ, পথ আৰু অন্যান্য সা-সুবিধা ধ্বংস কৰে। ধ্বংসাৱশেষৰ মাজত কোনো লোক জীৱিত অৱস্থাত আছেনে নাই, সেই সন্ধানত আর্মড পুলিচ ফৰ্চৰ এটা উদ্ধাৰকাৰী দলে অভিযান চলাই আছিল।

Apply Now

তল্লাশী চলাই থকাৰ সময়তে হঠাৎ মাটিৰ গভীৰৰ পৰা কেঁচুৱা এগৰাকীৰ ক্ষীণ কান্দোনৰ শব্দ শুনিবলৈ পায় উদ্ধাৰকাৰীসকলে। সময় নষ্ট নকৰি তেওঁলোকে লগে লগে সেই স্থানত খনন আৰম্ভ কৰে। বহু সময়ৰ কঠোৰ চেষ্টাৰ পিছত বোকা আৰু ধ্বংসাৱশেষ আঁতৰাই জীৱন্ত অৱস্থাত শিশুটিক উদ্ধাৰ কৰিবলৈ সক্ষম হয় দলটোৱে। উদ্ধাৰ হোৱা শিশুগৰাকীৰ নাম মনিশা মাগাৰ বুলি জানিব পৰা গৈছে।

উদ্ধাৰৰ পিছত তিমুৰেতেই মনিশাক প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়। কিন্তু পিছত তেওঁৰ শাৰীৰিক অৱস্থা অৱনতি ঘটাত উন্নত চিকিৎসাৰ প্ৰয়োজন হয়। সেয়ে তেওঁক কাঠমাণ্ডুলৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লোৱা হয়। শুকুৰবাৰে সন্ধিয়াই হেলিকপ্টাৰেৰে তেওঁক লৈ যোৱাৰ পৰিকল্পনা কৰা হৈছিল যদিও বেয়া বতৰ আৰু কম দৃশ্যমানতাৰ বাবে সেয়া সম্ভৱ নহ’ল।

পৰৱৰ্তী সময়ত বতৰ কিছু উন্নত হোৱাৰ পিছত শনিবাৰে দুপৰীয়া হেলিকপ্টাৰেৰে মনিশাক কাঠমাণ্ডুৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। বৰ্তমান চিকিৎসালয়খনত বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত তেওঁৰ চিকিৎসা চলি আছে।

ইতিমধ্যে মনিশাক ধ্বংসাৱশেষৰ মাজৰ পৰা জীৱন্ত উদ্ধাৰ কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ব্যাপকভাৱে বিয়পি পৰিছে। ভিডিঅ’টো দেখি বহু লোকেই উদ্ধাৰকাৰী দলটোৰ সাহস আৰু অধ্যৱসায়ৰ প্ৰশংসা কৰিছে। সকলো আশা প্ৰায় শেষ হৈ অহাৰ সময়তে জীৱন্ত শিশুগৰাকীৰ সন্ধান পোৱাটোক বহুতে এক অসাধাৰণ ঘটনা হিচাপে অভিহিত কৰিছে।

ইফালে মনিশাৰ পৰিয়ালৰ সন্ধানতো প্ৰশাসনে তৎপৰতা আৰম্ভ কৰিছে। শিশুগৰাকীক কোনোবাই চিনাক্ত কৰিব পাৰিলে বা তেওঁৰ পৰিয়ালৰ বিষয়ে কোনো তথ্য থাকিলে সংশ্লিষ্ট কৰ্তৃপক্ষক জনাবলৈ আহ্বান জনোৱা হৈছে।

ভয়ংকৰ বানৰ পিছত নেপালত এতিয়াও উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। উদ্ধাৰকাৰীসকলে ধ্বংসাৱশেষৰ মাজত সন্ধানহীন লোকসকলক বিচাৰি অভিযান চলাই আছে। নেপালৰ বিদেশমন্ত্ৰী শিসিৰ খানালে জনোৱা মতে, বানৰ পিছত পুনৰ নিৰ্মাণ আৰু পুনৰ্বাসনৰ কামত বিলিয়ন বিলিয়ন ডলাৰ পৰ্যন্ত ব্যয় হ’ব পাৰে। চৰকাৰী হিচাপ অনুসৰি এতিয়ালৈকে ৬৭৫টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু ২,৪০০ৰো অধিক লোক সন্ধানহীন হৈ আছে। এনে ভয়ংকৰ পৰিস্থিতিৰ মাজত ছয় বছৰীয়া মনিশা মাগাৰৰ জীৱন্ত উদ্ধাৰে বিপৰ্যস্ত নেপাললৈ যেন এক বিৰল আশাৰ পোহৰ কঢ়িয়াই আনিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

November 16, 2026 10:34 am
বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

November 16, 2026 9:29 am
ফোন বা টিভি চাই চাই খাদ্য খালে বাঢ়ে ওজন! গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কি কৰিব?  জানি লওক, বিশেষজ্ঞৰ পৰামৰ্শ

ফোন বা টিভি চাই চাই খাদ্য খালে বাঢ়ে ওজন! গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কি কৰিব? জানি লওক, বিশেষজ্ঞৰ পৰামৰ্শ

November 16, 2026 8:29 am
শ্বেখ হাছিনাক বাংলাদেশৰ হাতত গতাই দিব নেকি ভাৰতে? ২০১৩ চনৰ চুক্তিৰ কোনটো সূত্ৰই বচাব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক?

শ্বেখ হাছিনাক বাংলাদেশৰ হাতত গতাই দিব নেকি ভাৰতে? ২০১৩ চনৰ চুক্তিৰ কোনটো সূত্ৰই বচাব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক?

November 15, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

November 16, 2026 10:34 am
বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

November 16, 2026 9:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd