শেষ সুযোগ! কাইলৈ পান-আধাৰ লিংকৰ অন্তিম দিন; নহ’লে কি হ’ব?

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে (চিবিডিটি) কৰদাতাসকলক তেওঁলোকৰ স্থায়ী একাউণ্ট নম্বৰ (পান) আধাৰ নম্বৰৰ সৈতে সংযোগ কৰিবলৈ ২০২৩ চনৰ ৩০ জুনলৈকে সময় দিছে। সকলো কৰদাতাই লিংক প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাটো বাধ্যতামূলক। কাৰণ, যিকোনো অমান্যতাৰ অৰ্থ হ’ল ২০২৩ চনৰ ১ জুলাইৰ পৰা পেন নিষ্ক্ৰিয় হৈ পৰিব।

যিহেতু ছিকিউৰিটিজ বজাৰত সকলো লেনদেনৰ বাবে পান একমাত্ৰ চিনাক্তকৰণ নম্বৰ, সেয়েহে কেপিটেল মাৰ্কেট নিয়ন্ত্ৰক ছেবিয়ে বৰ্তমানৰ বিনিয়োগকাৰীসকলক তেওঁলোকৰ পানক তেওঁলোকৰ আধাৰ নম্বৰৰ সৈতে সংযোগ কৰিবলৈ নিৰ্দেশ দিছে, যাতে সংশ্লিষ্ট ব্যক্তিজনে ছিকিউৰিটিজ বজাৰত ব্যৱসায় অব্যাহত ৰাখিব পাৰে।

পানক আধাৰ নম্বৰৰ লগত সংযোগ কৰাৰ যুক্তি কি?

আয়কৰ বিভাগে আধাৰৰ সৈতে পান সংযোগ কৰাৰ কথা ঘোষণা কৰিছে। য’ত এজন ব্যক্তিক এটাতকৈ অধিক স্থায়ী একাউণ্ট নম্বৰ আবণ্টন দিয়া হয় বা এজনতকৈ অধিক ব্যক্তিক এটা পান আবণ্টন দিয়া হয়। পান ডাটাবেছৰ ডি-ডুপ্লিকেচনৰ এক শক্তিশালী উপায় হ’ল এজন আধাৰ পোৱাৰ যোগ্য কৰদাতাই পান আৰু আয়ৰ ৰিটাৰ্ণৰ বাবে কৰা আবেদনত নিজৰ আধাৰ উদ্ধৃতি দিয়াটো বাধ্যতামূলক কৰা।

আধাৰৰ লগত পান লিংক কৰাটো কাৰ প্ৰয়োজন?

কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ডে ২০২২ চনৰ মাৰ্চ মাহত জাৰি কৰা এক জাননী অনুসৰি আয়কৰ আইনখনে ২০১৭ চনৰ ১ জুলাইলৈকে পান আবণ্টন দিয়া প্ৰতিজন ব্যক্তিয়ে নিজৰ আধাৰ নম্বৰ অৱগত কৰাটো বাধ্যতামূলক কৰিছে। ইয়াৰ বাবে আধাৰ আৰু পান লিংক বা সংযোগ কৰিব পাৰিব। এই কাম ২০২৩ চনৰ ৩০ জুন বা তাৰ আগতে কৰিব লাগে। অন্যথা পান নিষ্ক্ৰিয় হৈ যাব।

আধাৰৰ লগত পান লিংক কৰাৰ কাৰ প্ৰয়োজন নাই?

কিছুমান ব্যক্তি আছে, যাৰ বাবে এই সংযোগ বাধ্যতামূলক নহয়। *১) ৮০ বছৰ বা তাতকৈ অধিক বয়সৰ যিকোনো ব্যক্তি। *২) আয়কৰ আইন অনুসৰি প্ৰবাসী। *৩) যিকোনো ব্যক্তি যি ভাৰতৰ নাগৰিক নহয়।