বুটাম টিপিলেই লাভ কৰিব সোণ! দেশৰ ভিতৰতে প্ৰথমটো ‘গোল্ড এটিএম’ৰ আৰম্ভণি

কেৱল নগদ ধন নহয়, এটিএমত থকা বুটামটো টিপিলেই বিশুদ্ধ সোণ পাব। দেশত প্ৰথমবাৰৰ বাবে কৰ্ণাটক ৰাজ্যত স্থাপন কৰা হ’ল এই অভিনৱ ‘গোল্ড এটিএম’। এই সোণালী এটিএমটো কৰ্ণাটকৰ টুমকুৰ মাৰ্চেণ্টছ ক্ৰেডিট কোঅপাৰেটিভ ছ’চাইটি (টিএমচিচি)ৰ এক পদক্ষেপ। সংস্থাটোৱে ইয়াক ‘টিএমচিচি গোল্ডচিক্কা’ নামেৰে নামাকৰণ কৰিছে।

কোম্পানীটোৰ তথ্য অনুসৰি এই এটিএমত গ্ৰাহকে লাভ কৰিব ২৪ কেৰেটৰ বিশুদ্ধ সোণৰ মুদ্ৰা। ০.৫, ১, ২, ৫ আৰু ১০ গ্ৰাম সোণৰ মুদ্ৰা উপলব্ধ হ’ব। কেৱল সেয়াই নহয় বজাৰত বৰ্তমানৰ সোণৰ মূল্য অনুযায়ী গ্ৰাহকে এই সোণ ক্ৰয় কৰিব পাৰিব। এই অভিনৱ এটিএমৰ উদ্বোধনী অনুষ্ঠানত কৰ্ণাটকৰ গৃহমন্ত্ৰী জি পৰমেশ্বৰ, অধ্যক্ষ জয়কুমাৰকে ধৰি বিভিন্ন ভিভিআইপি উপস্থিত থাকে। কেৱল গহনাই নহয়, বিশুদ্ধ ২৪ কেৰেটৰ সোণ সহজে মানুহৰ ঘৰলৈ পঠিয়াব পৰা যাব বুলি কোম্পানীটোৱে জানিবলৈ দিয়ে। টিএমচিচিয়ে জনোৱা মতে, এই প্ৰকল্পটো গোল্ড কইন এটিএম লিমিটেডৰ সৈতে যৌথ উদ্যোগত ৰূপায়ণ কৰা হৈছে।

সংস্থাটোৰ মতে, এই এটিএমৰ সহায়ত যিকোনো ব্যক্তিয়ে অতি সহজে সোণ কিনিব পাৰে। ইয়াৰ বাবে কোনো অতিৰিক্ত খৰচ নাই। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, কিউআৰ ক’ডৰ জৰিয়তে এটিএমত ধন পৰিশোধ কৰিব পাৰিব। জানিব পৰা মতে, সোণৰ লগতে ৰূপৰ বাবেও অচিৰেই একেধৰণৰ এটিএম স্থাপন কৰা হ’ব। কেৱল সেয়াই নহয়, আগন্তুক দিনত এই কোম্পানীয়ে এটিএমৰ জৰিয়তে সৰু সৰু গহনাও ডেলিভাৰী কৰাৰ পৰিকল্পনা কৰিছে।

মন কৰিবলগীয়া যে সেই প্ৰাৰম্ভিক সময়ৰ পৰাই ভাৰতীয়সকলৰ বাবে সোণ অন্যতম পছন্দৰ বিনিয়োগ হৈ আহিছে। অধিক নিৰ্দিষ্টভাৱে ক’বলৈ গ’লে সোণৰ গহনা। যদিও বৰ্তমান সময়ত আন বিনিয়োগৰ বিকল্পৰ সৃষ্টি হৈছে, তথাপিও সোণৰ হ্ৰাস হোৱা নাই। ইয়াৰ পৰিৱৰ্তে ডিজিটেল সোণ, চৰকাৰী পদক্ষেপ ‘ছ’ভাৰেইন গোল্ড বণ্ড’ সোণত বিনিয়োগ কৰিবলৈ আৰম্ভ কৰা হৈছে। এতিয়া এই ‘গোল্ড এটিএম’ক বিশেষজ্ঞসকলে ২৪ কেৰেটৰ সোণত প্ৰত্যক্ষ বিনিয়োগৰ উপায় হিচাপে লয়।