NORTHEAST NOW (Assamese)

কৰ’না ভাইৰাছৰ আতংকৰ বাবে বাতিল হ’ল আইফাৰ বঁটা প্ৰদান অনুষ্ঠান

March 7, 2020 9:53 am · এন ই নাও নিউজ
আইফা

চীন, তুৰ্কী, ইটালী আদি দেশত ভয়াবহ ৰূপ ধাৰণ কৰা কৰ’না ভাইৰাছৰ আতংক ভাৰতলৈ বিয়পাৰ পাছত আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ অকাডেমী বঁটা চমুকৈ আইফাৰ অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

মধ্যপ্ৰদেশৰ ইণ্ডোৰত ২৭ মাৰ্চত এই বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও কৰ’না ভাইৰাছৰ আতংকৰ বাবে এই অনুষ্ঠানত বাতিল কৰা হয়।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে বলিউদৰ জনপ্ৰিয় অভিনেত্ৰী দীপিকা পাডুকনেও ফ্ৰাঞ্চৰ পেৰিচত অনুষ্ঠিত হ’বলগীয়া এক বঁটা প্ৰদান অনুষ্ঠান কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বাতিল কৰিছিল।

আইফাই মধ্যপ্ৰদেশ চৰকাৰৰ সৈতে আলোচনা মৰ্মেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিছে।

দিল্লীৰ লগতে ভাৰতৰ বিভিন্ন স্থানত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰৰা পাছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহকে ধৰি বিভিন্ন ৰাজনৈতিক নেতাই বেছি জনসমাগম হোৱা স্থানৰ পৰা লোকক আঁতৰি থাকিবলৈ আহ্বান জনাইছিল।

কৰ’না ভাইৰাছৰ বাবে এইবাৰ হোলীৰ উল্লাস-আনন্দ স্তিমিত হৈ পৰাৰ সম্ভাৱনা আছে।

ইতিমধ্যে কৰ’না ভাইৰাছৰ ফলত বহুকেইখন আগশাৰীৰৰ বিভিন্ন খেলৰ প্ৰতিযোগিতা বাতিল কৰা হৈছিল।

Related News