NORTHEAST NOW (Assamese)

মন্ত্ৰী জয়ন্ত মল্লৰ নেতৃত্বত শিলোসাঁকোত উচ্ছেদ : এতিয়াও অক্ষত হোটেল জিঞ্জাৰ, আজমলৰ মাটি, জয়ন্ত মল্লৰ ঘৰলৈ যোৱা পথ

July 21, 2025 8:30 pm · নৰ্থ-ইষ্ট নাও, গুৱাহাটী
Updated: July 21, 2025 4:32 pm

পুনৰ উচ্ছেদ অভিযান চলিছ শিলসাঁকো বিলৰ সমীপৰ জলাশয় অঞ্চলত। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত চলোৱা হৈছে এই অভিযান।

এই উচ্ছেদৰ সময়ত ইণ্ডিয়ান ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্টৰ চৌহদ ভাঙি পেলোৱা হয়।

কৰ্তৃপক্ষই জনোৱা মতে, বেদখলসমূহে গুৱাহাটীত বানপানীৰ ভয়াৱহ ৰূপ ধাৰণ কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰিছে।

অসমৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, “গুৱাহাটীত শিলসাঁকো নামৰ বিশাল জলাশয় আছে। কিন্তু এই ভূমি জনসাধাৰণ, অনুষ্ঠান-প্ৰতিষ্ঠান আনকি চৰকাৰী সংস্থাই বেদখল কৰিছে। যাৰ ফলত গুৱাহাটীত বানৰ সৃষ্টি হৈছে। গুৱাহাটীৰ বানপানীৰ সমস্যা সমাধানৰ বাবে এই বিল বেদখলমুক্ত কৰা হৈছে।

ইপিনে প্ৰশ্ন উত্থাপন হৈছে, এতিয়াও কেনেকৈ শিলসাঁকো বিলত থিয়হি আছে হোটেল জিঞ্জাৰ? এতিয়াও কিয় বেদখলমুক্ত কৰা হোৱা নাই শিলসাঁকোত থকা বদৰুদ্দিন আজমলৰ মাটি? শিলসাঁকো বিলৰ অংশ পুতি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘৰলৈ নিৰ্মাণ কৰা পথ কিয় এতিয়াও অক্ষত? এইবোৰ প্ৰশ্নই এতিয়া চৰ্চা লাভ কৰিছে সচেতন মহলৰ মাজত।

Related News