• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ধোঁৱা চাঙত বেটী বচাও বেটী পঢ়াওঃ IIT-BHUৰ ছাত্ৰীক দলবদ্ধ ধৰ্ষণ বিজেপি সদস্যৰ

উত্তাল দেশৰ ৰাজনীতি, ২টা মাহৰ পাছত তিনি অভিযুক্তক গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 1, 2024 5:41 pm
IIT-BHU Gangrape

মুখ্যমন্ত্ৰী যোগী আৰু প্ৰধানমন্ত্ৰী মোদীৰ সৈতে দুই অভিযুক্ত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধোঁৱা চাঙত উঠিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বেটী বচাও বেটী পঢ়াও শ্ল’গান। বিজেপি শাসিত ৰাজ্যতে বিজেপি নেতা-কৰ্মীৰ ওচৰত সুৰক্ষিত নহয় নাৰী তথা ছাত্ৰী।

শেহতীয়াকৈ বিজেপিৰ তিনি সদস্যই এগৰাকী ২০ বছৰীয়া ছাত্ৰীক দলৱদ্ধভাৱে ধৰ্ষণ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। ঘটনা সংঘটিত হোৱাৰ প্ৰায় ২টা মাহৰ পাছত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

Apply Now

গ্ৰেপ্তাৰৰ হোৱাৰ পাছতে পোহৰলৈ আহিছে অতি ভয়ংকৰ তথ্য। অভিযুক্ত তিনিওজনে বিজেপিৰ IT Cell ৰ বাৰাণসী শাখাৰ সক্ৰিয় সদস্য। ইয়াৰ পাছতে এতিয়া দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি অভিযুক্ত হৈছে ক্ৰমে কুণাল পাণ্ডে, সক্ষম পেটেল আৰু অভিষেক চৌহান। প্ৰকাশিত খবৰ অনুসৰি তিনি অভিযুক্তই ইতিমধ্যে আৰক্ষীৰ আগত অপৰাধ স্বীকাৰ কৰিছে।

উল্লেখ্য যে যোৱা ১ নৱেম্বৰত বাৰাণসীস্থিত IIT-BHUৰ কেম্পাছত অভিযান্ত্ৰিক শাখাৰ এগৰাকী ২০ বছৰীয়া ছাত্ৰী গণ ধৰ্ষণৰ বলি হৈছিল।

ভুক্তভোগী ছাত্ৰীগৰাকীৰ মতে কেম্পাছৰ ভিতৰতে মটৰ চাইকেলত অহা তিনি অভিযুক্তই বান্ধৱীৰ মাজৰ পৰা তেওঁক বলপূৰ্বকভাৱে টানি লৈ গৈছিল।

ছাত্ৰীগৰাকীক জোপোহাৰ মাজলৈ নি দুষ্কৰ্ম সংঘটিত কৰে তিনি অভিযুক্তই। ইয়াৰ পাছতে ভুক্তভোগী ছাত্ৰীগৰাকীয়ে আৰক্ষীক অভিযোগ দাখিল কৰে।

কিন্তু যোৱা দুমাহে কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে। ইযাৰ বিৰুদ্ধে উচ্চ শিক্ষানুষ্ঠানখনৰ শিক্ষাৰ্থীসকলে বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে তীব্ৰ আন্দোলন কৰে।

এনে আন্দোলনৰ ফলশ্ৰুতিত প্ৰায় দুমাহৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তিনি অভিযুক্তক। গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে এই জঘন্য কাণ্ডৰে নাম সাঙোৰ খোৱা তিনি অভিযুক্ত হৈছে বিজেপিৰ আইটি চেলৰ বাৰাণসীৰ সদস্য।

ইয়াৰে সক্ষম পেটেল নামৰ অভিযুক্তগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী স্মৃতি ইৰাণী, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ আৰু বিজেপিৰ আইটি চেলৰ প্ৰধান অমিত মালৱ্যৰ সৈতে ঘণিষ্ঠভাৱে উঠা ফ’টো সামাজিক মাধ্যমত ভাইৰেল হৈছে।

ইফালে কুনাল পাণ্ডে হৈছে বিজেপিৰ বাৰাণসী আই টি চেলৰ সমন্বয়ক। ইয়াৰ পৰা প্ৰমাণ হৈছে যে বাৰাণসীৰ বিজেপিৰ আইটি চেলৰ এই তিনি সদস্যৰ বিজেপিৰ ডাঙৰ ডাঙৰ নেতাৰ সৈতে ঘণিষ্ঠ সম্পৰ্ক আছে।

ইয়াৰ বাবেই তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক প্ৰায় ২ মাহৰ সময় লাগি়ল বুলি অভিযোগ উত্থাপন হৈছে। চিচিটিভিৰ কেমেৰাৰ ফুটেজৰ বাবেই আৰক্ষীয়ে এই তিনি অভিযুক্ত গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হোৱা বুলিও চৰ্চা চলিছে।

তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পাছতে বিজেপি চৰকাৰক আক্ৰমণ কৰিছে সমাজবাদী পাৰ্টি প্ৰধান অখিলেশ যাদৱে। যাদৱৰ অভিযোগ, তথাকথিত শূন্য সহনশীল চৰকাৰৰ অধীনত বিজেপিৰ জ্যেষ্ঠ নেতাৰ পৃষ্ঠপোষকতাত বিজেপিত ফুলি উঠিছে জঘন্য অপৰাধী।

প্ৰমাণ আৰু ৰাইজৰ ক্ৰমবৰ্ধিত ক্ষোভৰ ভয়তহে বিজেপি চৰকাৰে অপৰাধীক গ্ৰেপ্তাৰ কৰিলে বুলিও অখিলেশ যাদৱে দাবী কৰে। ইফালে কংগ্ৰেছেও তীব্ৰ ভাষাৰে আক্ৰমণ কৰিছে বিজেপি চৰকাৰক।

কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনাটে কয় দুমাহ পূৰ্বে IIT BHUত এগৰাকী ছাত্ৰীক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল, এফ আই আৰ পঞ্জীয়ন হোৱাৰ পিছতো ৬০ দিন ধৰি কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল।

কংগ্ৰেছ নেত্ৰী গৰাকীয়ে লগতে কয় বিজেপিৰ জ্যেষ্ঠ নেতাৰ ছত্ৰচায়াতে বিজেপিৰ নেতা-কৰ্মীসকলে মহিলাৰ ওপৰত নিৰ্যাতন কৰি মোদীৰ বেটী বচাও বেটী পঢ়াও শ্লোগান ধোঁৱা চাঙত উঠিছে।

“ইয়াৰ পূৰ্বেও বিজেপি সাংসদ ব্ৰীজভূষণৰ বিৰুদ্ধে মহিলা মল্লযঁজাৰুক নিৰ্যাতন চলোৱা অভিযোগ উঠাৰ পাছতো কোনো ব্যৱস্থা লোৱা নহ’ল। ইমানেই নহয় প্ৰধানমন্ত্ৰী মোদী সম্পূৰ্ণ নিৰ্লিপ্ত হৈ থাকিল।”- তেওঁ কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm
ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

ধ্বংস হ’ব কপিলীৰ শিহু, নিঃশেষ হ’ব বন্যহস্তী আৰু পৰিভ্ৰমী চৰাই! অসমৰ পৰিৱেশ ধ্বংসৰ বাবে মেক্স চিমেণ্টৰ ভুৱা প্ৰতিবেদন

August 29, 2026 4:56 pm
তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

তিনিচুকীয়াত ব্যৱসায়ীক আলফা(স্বা)ৰ নামত ধন দাবীৰ পত্ৰ!

August 29, 2026 4:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd