শুকুৰবাৰে সন্ধিয়া ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী চমুকৈ আইআইটি বম্বেৰ এগৰাকী দ্বিতীয় বৰ্ষৰ ছাত্ৰই আত্মহত্যা কৰা ঘটনাই সমগ্ৰ শিক্ষানুষ্ঠানখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, শক্তি বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ ছাত্ৰ ছাহিল ৱাকোড়েই পৰীক্ষা চলি থকাৰ সময়ত ম’বাইল ফোনৰ জৰিয়তে প্ৰশ্নকাকত চেটজিপিটিত আপল’ড কৰি উত্তৰ বিচাৰিছিল আৰু পৰীক্ষকৰ হাতত ধৰা পৰিছিল।
শিক্ষানুষ্ঠান কৰ্তৃপক্ষই জনোৱা অনুসৰি, ছাত্ৰজনৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল। বৰঞ্চ প্ৰশিক্ষক আৰু বিভাগীয় মুৰব্বীয়ে তেওঁৰ সৈতে কথা পাতিছিল, তেওঁক পৰামৰ্শ দিছিল আৰু এই ঘটনাই তেওঁৰ শৈক্ষিক জীৱনত কোনো বিৰূপ প্ৰভাৱ পেলাব নিদিয়ে বুলি আশ্বাস দিছিল। এই আলোচনাৰ পাছত ছাত্ৰগৰাকী নিজৰ হোষ্টেলৰ কোঠালৈ উভতি গৈছিল, কিন্তু দুখজনকভাৱে সন্ধিয়া তেওঁক নিজৰ কোঠাতেই মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।
এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰি আইআইটি বম্বে কৰ্তৃপক্ষই এক বিবৃতি যোগে জনাইছে যে তেওঁলোকে ছাত্ৰজনৰ বন্ধু-বান্ধৱ, সহপাঠী আৰু অনুষদৰ সদস্যসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে আৰু কৰ্তৃপক্ষই মৃত্যুৰ কাৰণসমূহৰ অনুসন্ধান কৰি আছে।
ছাহিলৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে আইআইটি চৌহদত ছাত্ৰ-ছাত্ৰীসকলে তীব্ৰ প্ৰতিবাদ আৰম্ভ কৰে। প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ অভিযোগ যে শিক্ষানুষ্ঠানখনে ঘটনাটোৰ প্ৰকৃত সত্য লুকুৱাই ৰাখিছে। একাংশ ছাত্ৰৰ মতে, নকল কৰাৰ অভিযোগত অভিযুক্ত ছাত্ৰজনক এবছৰৰ বাবে নিলম্বন কৰাৰ ভাবুকি দিয়া হৈছিল। যদি তেওঁক নিলম্বন কৰা হ’লহেঁতেন, তেন্তে তেওঁ হোষ্টেল খালী কৰি চৌহদৰ বাহিৰত থাকিবলগীয়া হ’লহেঁতেন আৰু তেওঁৰ চাৰিবৰ্ষীয় অভিযান্ত্ৰিক পাঠ্যক্ৰম পাঁচ বছৰ বা তাতকৈ অধিক সময়লৈ বৃদ্ধি পালেহেঁতেন।
ছাত্ৰ-ছাত্ৰীসকলে সন্দেহ প্ৰকাশ কৰিছে যে এনে কঠোৰ অনুশাসনমূলক ব্যৱস্থাৰ ভয় আৰু মানসিক চাপৰ বাবেই হয়তো ছাহিলে এনে এক চৰম সিদ্ধান্ত ল’বলৈ বাধ্য হ’ল।
প্ৰতিবাদকাৰীসকলে প্ৰশাসনৰ পৰা এই সমগ্ৰ ঘটনাৰ উত্তৰ, জবাবদিহিতা আৰু স্বচ্ছতা দাবী কৰিছে। এজন প্ৰতিবাদকাৰী ছাত্ৰই আক্ষেপ কৰি কয় যে কেৱল চলিত বৰ্ষতেই শিক্ষানুষ্ঠানখনত চাৰিটাকৈ এনে ঘটনা ঘটিছে আৰু যোৱা দুমাহৰ ভিতৰতে দুটাকৈ আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে, যাৰ প্ৰকৃত কাৰণ কোনেও নাজানে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চৌহদত বৃহৎ সংখ্যক আৰক্ষী মোতায়েন কৰা হৈছে।
জ্যেষ্ঠ আৰক্ষী বিষয়া দত্তাত্ৰয় নলাৱাড়েই জানিবলৈ দিয়ে যে বৰ্তমান ঘটনাটোৰ তদন্ত চলি আছে আৰু পৰিস্থিতি শান্ত কৰিবলৈ আইআইটি প্ৰশাসনে প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হৈছে। যোৱা ফেব্ৰুৱাৰী আৰু জুলাই মাহতো আইআইটি বম্বেত দুগৰাকী দ্বিতীয় বৰ্ষৰ ছাত্ৰই আত্মহত্যা কৰিছিল, যিয়ে দেশৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ মানসিক স্বাস্থ্য আৰু শৈক্ষিক চাপক লৈ পুনৰবাৰ গভীৰ প্ৰশ্ন উত্থাপন কৰিছে।





