NORTHEAST NOW (Assamese)

দ্ৰোনৰ সহায়ত বানপানী, ভূমিস্খলন ৰোধৰ উপায় উদ্ভাৱনত ব্যস্ত আইআইটি গুৱাহাটী

May 5, 2022 11:38 am · এন ই নাও নিউজ,গুৱাহাটী
Updated: May 5, 2022 12:26 pm

অসমৰ কেতবোৰ অতি গুৰুতৰ প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আইআইটি গুৱাহাটীয়ে বিশেষ চিন্তা-চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে। সেইমৰ্মে আইআইটি গুৱাহাটীৰ আৰু এএছএছটিচিয়ে সন্মিলিতভাবে আৰম্ভ কৰিছে এক বিশেষ দ্ৰোন অভিযান।

বিভিন্ন ধৰণৰ জৰীপৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ ড্ৰোনৰ ব্যৱহাৰৰ সম্পৰ্কত প্ৰযুক্তি প্ৰতিষ্ঠানটোৱে বিশেষ গুৰুত্ব আৰোপ কৰিছে।

অসম জৰীপ আৰু নিষ্পত্তি প্ৰশিক্ষণ কেন্দ্ৰৰ বিষয়াসকলক শেহতীয়াকৈ আইআইটি গুৱাহাটীয়ে বিশেষ প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে।

এই প্ৰশিক্ষণত তথ্য সংগ্ৰহ আৰু আধুনিক ভূমি ব্যৱস্থাপনাৰ লগতে আন কেইবাটাও বিষয় সামৰি লোৱা হৈছে।

ড্ৰোন প্ৰযুক্তিৰ বিষয়ত দেশত এনে ধৰণৰ প্ৰশিক্ষণ তেনেই কমকৈহে দিয়া হৈছে।

আইআইটি গুৱাহাটীৰ এক বিশেষ সূত্তৰই প্ৰকাশ কৰা মতে দোৰোনৰ এনে প্ৰশিক্ষণ সংশ্লিষ্ট সকলো স্তৰৰ বিষয়াকে প্ৰদান কৰা হ’ব ।
উল্লেখ্য দ্ৰোন কাৰ্যসূচী সন্দৰ্ভত আজি দুয়োটা প্ৰতিষ্ঠানৰ মাজত এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰা হয়।

এই অনুষ্ঠানত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা দপ্তৰৰ মন্ত্ৰী যোগেন মোহন উপস্থিত থাকে।

অনুষ্ঠানত আইআইটি গুৱাহাটীৰ সঞ্চালক সীতাৰাম, যুটীয়া অধ্যক্ষ পংকজ চক্ৰৱৰ্তীৰ লগতে এএছএছটিচিৰ আন বহু কেইগৰাকী বিষয়া উপস্থিত থাকে।

 ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মোহনে কয়, “প্ৰযুক্তি আৰু শিক্ষাৰ এই নতুন যুগত এই বুজাবুজি চুক্তিখন এক বলিষ্ঠ পদক্ষেপ হিচাবে বিবেচিত হ’ব।।”

আইআইটিৰ সঞ্চালক অধ্যাপক টি জি সীতাৰামে কয় যে এই ব্যৱস্থাই সমগ্ৰ অঞ্চলটোৰ উন্নয়ন সাধনত সহায় কৰিব।

বানপানী, ভূমিস্খলন, খহনীয়া, জুই আদি নিয়ন্ত্ৰণত এই পদক্ষেপে সহায় কৰিব বুলি বহু আশা প্ৰকাশ কৰিছে।

Related News