NORTHEAST NOW (Assamese)

ৰূপালী জয়ন্তী উপলক্ষে গুৱাহাটী আই আই টিত সৰ্বভাৰতীয় আই আই টি ক্ৰীড়া মহোৎসৱ

December 12, 2018 1:51 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

গুৱাহাটীৰ আমিনগাঁওস্থিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আই আই টিয়ে ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰিছে এখন ক্ৰীড়া মহোৎসৱ । সৰ্বভাৰতীয় পৰ্যায়ত আয়োজন কৰা আন্তঃ আই আই টি ক্ৰীড়া সমাৰোহখন গুৱাহাটী কেন্দ্ৰত অহা ১৩ ডিচেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব।

জানিব পৰা মতে কাইলৈ বিয়লি ২.৩০ বজাত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভাৰম্ভণি হ’ব। প্ৰাক্তন অলিম্পিয়ান তথা অৰ্জুন বঁটা বিজয়ী ছাইনী উইলছনে প্ৰতিযোগিতাখন উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে।

প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ৰিঅ’ পেৰা অলিম্পিক তথা পেৰা অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণপদক জয় কৰা হাই জাম্পাৰ মাৰিয়াপ্পা থাংগাভেলু।

উল্লেখযোগ্য যে দেশৰ প্ৰতিখন আই আই টিৰ পৰা প্ৰায় ৩,৫০০ প্ৰতিযোগীয়ে ৫০টা ইভেণ্টত অংশগ্ৰহণ কৰাৰ কথা আয়োজকে জানিবলৈ দিয়ে। ইফালে ২১ ডিচেম্বৰত মূল প্ৰতিযোগিতাখন সামৰণি পৰিব। আৰু তাৰ পিছতে ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব কৰ্মচাৰীসকলৰ প্ৰতিযোগিতা।

Related News