• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বীমা পলিচি খোলাৰ প্ৰলোভনেৰে মহিলা এজেণ্টক ধৰ্ষণৰ চেষ্টা গুৱাহাটী আই আই টিৰ অধ্যাপকৰ

মৃদুল প্ৰীতম ডেকা by মৃদুল প্ৰীতম ডেকা
January 5, 2019 5:17 pm
4.2k
VIEWS
Share on FacebookShare on Twitter

প্ৰযুক্তিবিদ্যাৰ উচ্চ স্তৰীয় শিক্ষাৰ প্ৰতিষ্ঠান আৰু গোটেই দেশৰ ভিতৰতে সুনাম থকা গুৱাহাটী আই আই টিৰ গৰিমাত কালিমা সানিলে প্ৰতিষ্ঠানটোৰে এজন অধ্যাপকে। গণিত বিভাগৰ অধ্যাপকজনে এগৰাকী মহিলাক ধৰ্ষণৰ চেষ্টা কৰি আৰক্ষীৰ জালত পৰিব লগীয়া ঘটনা ঘটিছে।

“যোৱাকালি অৰ্থাৎ ৪ জানুৱাৰিত এগৰাকী মহিলাই তেওঁক ধৰ্ষণৰ চেষ্টা কৰা বুলি গুৱাহাটী আই আই টিৰ এজন অধ্যাপকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। আমি তাৰ ভিত্তিত গোচৰটো পঞ্জীয়ন কৰিছো আৰু তদন্ত চলি আছে।” উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই কয়।

“মহিলাগৰাকীয়ে এজাহাৰত অভিযোগ কৰামতে গণিতৰ অধ্যাপকজনে তেওঁক ধৰ্ষণৰ চেষ্টা কৰিছিল।” আৰক্ষী বিষয়াজনে কয়। অনা অসমীয়া অধ্যাপকজনৰ নাম কে ভি শ্ৰীকান্ত আৰু তেওঁ দক্ষিণ ভাৰতৰ বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে। তেওঁৰ বিৰুদ্ধে চাংসাৰি আৰক্ষী থানাত ৭/১৯ নম্বৰৰ এটা গোচৰ ৰুজু হৈছে। “বৰ্তমান আমি তেওঁক সোধা-পোছাৰ বাবে আটক কৰিছো, তদন্ত চলাই নিয়া হৈছে।” বিষয়াজনে কয়।

আনহাতে, মহিলাগৰাকীৰ ভাষ্যমতে, তেওঁক ঘটনাৰ দিনা অধ্যাপক শ্ৰীকান্তে এটা ‘বীমাৰ পলিচি খুলিম’ বুলি প্ৰলোভন দি নিজৰ বাসগৃহলৈ মাতে। পিছত বাসগৃহৰ পৰা দুয়ো ওলাই অহাৰৰ সময়তে বাহিৰৰ আন্ধাৰ থকা এডোখৰ ঠাইত তেওঁক টনা-আঁজোৰা কৰি কাপোৰ পৰ্য্যন্ত ফালে। অধ্যাপকজনৰ ধৰ্ষণৰ চেষ্টাক কোনো মতে ব্যৰ্থ কৰে মহিলাগৰাকীয়ে।

আৰক্ষীৰ খবৰ মতে মহিলাগৰাকীৰ ঘৰ কলকাতাত আৰু তেওঁ বৰ্তমান ৰাণীত থাকে। দুয়োজনৰ মাজত পূৰ্বৰ চিনাকি আছিল। “তেওঁলোক আগৰ পৰাই পৰস্পৰৰ চিনাকি আছিল”, আৰক্ষী বিষয়াজনে কয়।

ঘটনাটোৱে ইতিমধ্যে প্ৰযুক্তিবিদ্যাৰ গৰিমামণ্ডিত প্ৰতিষ্ঠানটোৰ চৌহদত একপ্ৰকাৰৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd