NORTHEAST NOW (Assamese)

মুমিনুল আৱালৰ তুলুঙা মন্তব্যক সহ্য নকৰে দলৰ বিধায়িকা আঙুৰলতাই

December 17, 2018 7:24 pm · কল্পজ্যোতি শইকীয়া
Updated: December 17, 2018 8:00 pm
বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকা : ফাইল ফটো।

বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক তথা অসমৰ সমাজ জীৱনৰ নমস্য পুৰুষ শ্ৰীমন্ত শংকৰদেৱক সাঙুৰি তুলুঙা মন্তব্য কৰা বাবে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱাল এইবাৰ ৰোষত পৰিছে স্বয়ং নিজ দলৰে বিধায়িকা আঙুৰলতা ডেকাৰ। বিধায়িকাগৰাকীয়ে গুৰুজনাৰ প্ৰতি এনে মন্তব্য সহ্য কৰিব নোৱাৰি বুলি আজি স্পষ্ট কৰি দিয়ে।

“গুৰুজনাক সকলোৱে সন্মান কৰাটো বিচাৰো।”, নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা ডেকাই কয়।

“গুৰুজনাক কেন্দ্ৰ কৰি কোনোদিন কেতিয়াও যাতে তেনেকুৱা ধৰণৰ মন্তব্য নকৰে, মই সেইটোৱেই বিচাৰো। মই গুৰুজনাই জন্মগ্ৰহণ কৰা বটদ্ৰৱাৰে জীয়াৰী।” আঙুৰলতা ডেকাই কয়।

বিধায়িকাগৰাকীয়ে পুনৰ কয়, “তেওঁ বুলিয়েই নহয়, অসমৰ যিয়েই নহওক গুৰুজনাৰ নামটো যিকোনো ক্ষেত্ৰতে সাঙুৰি ব্যৱহাৰ নকৰে, সেইটোৱেই মই বিচাৰো। এইক্ষেত্ৰত কেৱল তেওঁ বুলিয়েই নহয়, কাকোৱেই সমৰ্থন নকৰো।”

উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ পিছতে কংগ্ৰেছে বহু ঠাইত যথেষ্ট সংখ্যক ভোট পাবলৈ সক্ষম হোৱাত নিজৰ ক্ষোভ প্ৰকাশ কৰি বিজেপিৰ মুখপাত্ৰ মুমিনুল আৱালে দলটোক আক্ৰমণ কৰিবলৈ গৈ শংকৰদেৱৰ প্ৰসংগ অবাঞ্ছিতভাৱে টানি আনিছিল।

সংবাদ মাধ্যমৰ আগত মুখপাত্ৰজনে কৈছিল, শংকৰদেৱ আজি থকা হ’লে ক’লেহেঁতেন, ‘যাহা যাহা মুছলমান তাহা তাহা কংগ্ৰেছ’। ১৪ ডিচেম্বৰত কৰা এই তুলুঙা মন্তব্যৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ছ’চিয়েল মিডিয়াৰ লগতে মূলসুঁতিৰ সংবাদমাধ্যমতো মুখপাত্ৰজনৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়া হৈছে।

বিজেপিৰ মুখপাত্ৰজনৰ মন্তব্যক যোৱা ছেপ্টেম্বৰত দৰঙৰ দুনিত পতঞ্জলিৰ এজন তথাকথিত যোগ প্ৰশিক্ষকে শংকৰদেৱ, মাধৱদেৱ সম্পৰ্কত কৰা তাচ্ছিল্যসূচক মন্তব্যৰ সৈতে তুলনা কৰিছে বহুজনে।

“যদি তেওঁ সেইটো মনৰ পৰা ভাবি কৈছে, তেন্তে তেওঁ বেয়া কাম কৰিছে।” আজিৰ বাৰ্তালাপত আঙুৰলতাই কয়। তেওঁ আকৌ কয়, “গুৰুজনাৰ প্ৰতি সকলোৰে সন্মান আছেই।”

Related News