DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুমিনুল আৱালৰ তুলুঙা মন্তব্যক সহ্য নকৰে দলৰ বিধায়িকা আঙুৰলতাই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 17, 2018 7:24 pm
Angurlata New

বিজেপিৰ বিধায়িকা আঙুৰলতা ডেকা : ফাইল ফটো।

1k
VIEWS
Share on FacebookShare on Twitter

বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক তথা অসমৰ সমাজ জীৱনৰ নমস্য পুৰুষ শ্ৰীমন্ত শংকৰদেৱক সাঙুৰি তুলুঙা মন্তব্য কৰা বাবে বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ মুমিনুল আৱাল এইবাৰ ৰোষত পৰিছে স্বয়ং নিজ দলৰে বিধায়িকা আঙুৰলতা ডেকাৰ। বিধায়িকাগৰাকীয়ে গুৰুজনাৰ প্ৰতি এনে মন্তব্য সহ্য কৰিব নোৱাৰি বুলি আজি স্পষ্ট কৰি দিয়ে।

“গুৰুজনাক সকলোৱে সন্মান কৰাটো বিচাৰো।”, নৰ্থ-ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা ডেকাই কয়।

“গুৰুজনাক কেন্দ্ৰ কৰি কোনোদিন কেতিয়াও যাতে তেনেকুৱা ধৰণৰ মন্তব্য নকৰে, মই সেইটোৱেই বিচাৰো। মই গুৰুজনাই জন্মগ্ৰহণ কৰা বটদ্ৰৱাৰে জীয়াৰী।” আঙুৰলতা ডেকাই কয়।

বিধায়িকাগৰাকীয়ে পুনৰ কয়, “তেওঁ বুলিয়েই নহয়, অসমৰ যিয়েই নহওক গুৰুজনাৰ নামটো যিকোনো ক্ষেত্ৰতে সাঙুৰি ব্যৱহাৰ নকৰে, সেইটোৱেই মই বিচাৰো। এইক্ষেত্ৰত কেৱল তেওঁ বুলিয়েই নহয়, কাকোৱেই সমৰ্থন নকৰো।”

উল্লেখযোগ্য যে পঞ্চায়ত নিৰ্বাচনৰ পিছতে কংগ্ৰেছে বহু ঠাইত যথেষ্ট সংখ্যক ভোট পাবলৈ সক্ষম হোৱাত নিজৰ ক্ষোভ প্ৰকাশ কৰি বিজেপিৰ মুখপাত্ৰ মুমিনুল আৱালে দলটোক আক্ৰমণ কৰিবলৈ গৈ শংকৰদেৱৰ প্ৰসংগ অবাঞ্ছিতভাৱে টানি আনিছিল।

সংবাদ মাধ্যমৰ আগত মুখপাত্ৰজনে কৈছিল, শংকৰদেৱ আজি থকা হ’লে ক’লেহেঁতেন, ‘যাহা যাহা মুছলমান তাহা তাহা কংগ্ৰেছ’। ১৪ ডিচেম্বৰত কৰা এই তুলুঙা মন্তব্যৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ছ’চিয়েল মিডিয়াৰ লগতে মূলসুঁতিৰ সংবাদমাধ্যমতো মুখপাত্ৰজনৰ মন্তব্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়া হৈছে।

বিজেপিৰ মুখপাত্ৰজনৰ মন্তব্যক যোৱা ছেপ্টেম্বৰত দৰঙৰ দুনিত পতঞ্জলিৰ এজন তথাকথিত যোগ প্ৰশিক্ষকে শংকৰদেৱ, মাধৱদেৱ সম্পৰ্কত কৰা তাচ্ছিল্যসূচক মন্তব্যৰ সৈতে তুলনা কৰিছে বহুজনে।

“যদি তেওঁ সেইটো মনৰ পৰা ভাবি কৈছে, তেন্তে তেওঁ বেয়া কাম কৰিছে।” আজিৰ বাৰ্তালাপত আঙুৰলতাই কয়। তেওঁ আকৌ কয়, “গুৰুজনাৰ প্ৰতি সকলোৰে সন্মান আছেই।”

Recent News

sweating

Sweating: গৰমৰ দিনত ঘাম ওলোৱাতো স্বাভাৱিক, কিন্তু অত্যাধিক ঘাম ওলোৱা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি জানেনে?

Assam flood Manipur Landslide Hiren Gohain

বানপানী, জলবায়ু সংকট, জীৱন সংকট

Boris Johnson

শীঘ্ৰেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিব বৰিছ জনছনে

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd