• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

ভাৰতৰ পৰা অবৈধভাৱে আমেৰিকালৈ যোৱাটো ব্যয়বহুল। কিন্তু এতিয়া ধৰা পৰা আৰু বিতাড়নৰ আশংকা ইমানেই বাঢ়িছে যে বহু লোকে আৰু এই বিনিয়োগক লাভজনক বুলি নাভাবে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 17, 2026 9:15 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

17
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এসময়ত হাজাৰ হাজাৰ ভাৰতীয়ই উন্নত জীৱনৰ আশাত অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰাৰ বিপদ মূৰ পাতি লৈছিল। বহু দেশৰ সীমা অতিক্ৰম কৰি কোটি কোটি টকা খৰছ কৰা আৰু নিজৰ জীৱনকো তুচ্ছ-তাচ্ছিল্য কৰাটোও এটা নিয়মীয়া ঘটনা আছিল। অৱশ্যে এই ধাৰাত এইবাৰ ডাঙৰ বিপৰ্যয় দেখা গৈছে। আমেৰিকাৰ সীমান্তৰক্ষী সংস্থাৰ শেহতীয়া তথ্য অনুসৰি ২০২৩ চনৰ তুলনাত অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা ভাৰতীয়ৰ সংখ্যা ৬৯ শতাংশ হ্ৰাস পাইছে।

আমেৰিকাৰ শুল্ক আৰু সীমা সুৰক্ষাই (চিবিপি) ২০২৬ বিত্তীয় বৰ্ষৰ মে’ মাহলৈকে প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বিত্তীয় বৰ্ষত সীমান্তত মুঠ ২০,৬১৪টা ‘একাউণ্টাৰ’ বা ভাৰতীয় নাগৰিকৰ সৈতে মুখামুখি হোৱাৰ তথ্য লাভ কৰা হৈছে। ইয়াৰ তুলনাত ২০২৩ বিত্তীয় বৰ্ষত এই সংখ্যা আছিল প্ৰায় ৬৭ হাজাৰ, যিটো যোৱা কেইবছৰমানৰ ভিতৰত সৰ্বাধিক।

Apply Now

আটাইতকৈ উল্লেখযোগ্য হ্ৰাস দেখা গৈছে মেক্সিকো সংলগ্ন দক্ষিণ-পশ্চিম সীমান্তত। তাত সীমান্তৰক্ষী আৰু ভাৰতীয়ৰ মাজত হোৱা এনকাউণ্টাৰৰ সংখ্যা মাত্ৰ ৪১৭ লৈ হ্ৰাস পাইছে, যিটো ২০২৩ চনৰ তুলনাত প্ৰায় ৯৯ শতাংশ কম। আনহাতে কানাডা সংলগ্ন উত্তৰ সীমান্ততো ভাৰতীয় অনুপ্ৰৱেশৰ চেষ্টাৰ সংখ্যা ৯১ শতাংশ হ্ৰাস পাইছে। চলিত বিত্তীয় বৰ্ষত তাত ২,২৫০টা ঘটনা নথিভুক্ত হৈছে।

বিশ্লেষকসকলৰ মতে এই নাটকীয় অৱনতিৰ অন্যতম কাৰণ হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ প্ৰশাসনৰ কঠোৰ অনুপ্ৰৱেশ নীতি। কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা আমেৰিকা প্ৰশাসনে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ অভিযান আৰম্ভ কৰিছে। সীমান্ত সুৰক্ষা শক্তিশালী কৰাৰ উপৰিও দ্ৰুত বিতাড়নৰ নীতিও ৰূপায়ণ কৰা হৈছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ ভাৰতীয়ৰ ওপৰত পৰিছে।

ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জুন মাহত প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৬ চনৰ প্ৰথম ছমাহত আমেৰিকাৰ পৰা ভাৰতলৈ ১০৭৬ জন ভাৰতীয়ক বিতাড়িত কৰা হৈছে। ইয়াৰ পূৰ্বে ২০২৫ চনত গোটেই বছৰটোত ৩৫০০ৰো অধিক ভাৰতীয়ক বিতাড়িত কৰা হৈছিল, যিটো যোৱা ১৬ বছৰৰ ভিতৰত সৰ্বাধিক। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত আমেৰিকাৰ বিমানে ভাৰতীয় বিতাড়িত লোকসকলক একাধিক পৰ্যায়ত অমৃতসৰ আৰু দিল্লীলৈ ঘূৰাই আনিছিল। সেই সময়ত মহিলা আৰু শিশুক হেণ্ডকাফ আৰু শিকলিৰে লগাই ঘূৰাই পঠোৱাৰ অভিযোগক কেন্দ্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিতৰ্কৰ সৃষ্টি হৈছিল।

অনুপ্ৰৱেশ বিশেষজ্ঞসকলৰ মতে কেৱল কঠোৰ প্ৰশাসনিক ব্যৱস্থাই নহয়, বৃহৎ আৰ্থিক বিপদেও ভাৰতীয়সকলক নিৰুৎসাহিত কৰি তুলিছে। নিক্সস্কেন চেণ্টাৰৰ ইমিগ্ৰেচন বিশেষজ্ঞ গিলবাৰ্ট গুয়েৰাৰ মতে ভাৰতৰ পৰা অবৈধভাৱে আমেৰিকালৈ যোৱাটো ব্যয়বহুল। কিন্তু এতিয়া ধৰা পৰা আৰু বিতাড়নৰ আশংকা ইমানেই বাঢ়িছে যে বহু লোকে আৰু এই বিনিয়োগক লাভজনক বুলি নাভাবে।

তেওঁৰ মতে, মধ্য আমেৰিকাৰ কিছুমান দেশৰ নাগৰিকৰ দৰে ভাৰতীয়সকলৰ বাবে বাৰে বাৰে সীমান্ত পাৰ হ’বলৈ চেষ্টা কৰাটো সহজ নহয়। কাৰণ অবৈধ যাত্ৰাৰ বাবে লাখৰ পৰা কোটি টকা খৰচ হয়। ফলত বিফল হ’লে ক্ষতিৰ সৈতে মোকাবিলা কৰাটো অতি কঠিন হৈ পৰে।

একাংশ বিশেষজ্ঞৰ মতে ভাৰতীয়সকলৰ ‘আমেৰিকান ড্ৰীম’ৰ বাবে অবৈধ পথ বাছি লোৱাৰ প্ৰৱণতা তেওঁলোকৰ মাজত বহু পৰিমাণে হ্ৰাস পাইছে। অৱশ্যে উচ্চ শিক্ষা, কৰ্মসংস্থাপন আৰু আইনী মাধ্যমেৰে দক্ষ পেছাদাৰী ব্যক্তিৰ প্ৰব্ৰজনৰ ক্ষেত্ৰত ভাৰতীয়সকলৰ বাবে এতিয়াও আমেৰিকা অন্যতম মূল গন্তব্যস্থান হৈয়েই আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd